ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা
From Wikipedia, the free encyclopedia
ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা (লেটিন: Philosophiæ Naturalis Principia Mathematica, ইংৰাজী: Mathematical Principles of Natural Philosophy)[1] চমুকৈ, “প্ৰিন্সিপিয়া” হ'ল ১৬৮৭ চনৰ ৫ জুলাইত প্ৰকাশিত[2][3] ইংৰাজী গণিতজ্ঞ তথা বিজ্ঞানী ছাৰ আইজাক নিউটনৰ এখন বিখ্যাত গ্ৰন্থ। প্ৰথম সংস্কৰণৰ নিউটনৰ ব্যক্তিগত প্ৰতিলিপিৰ ব্যাখ্যা আৰু সংশোধন কৰাৰ পাছত[4] ১৭১৩ আৰু ১৭২৬ চনত পুনৰ দুটা সংস্কৰণ প্ৰকাশ কৰে।[5] পদাৰ্থবিজ্ঞানৰ তিনিটা গুৰুত্বপূৰ্ণ বিষয় প্ৰিন্সিপিয়াত উল্লেখ আছে; বিষয়তিনিটা হ'ল ক্ৰমে নিউটনৰ গতিবিষয়ক সূত্ৰসমূহ, নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰ আৰু কেপলাৰৰ গ্ৰহ গতি সম্পৰ্কীয় সূত্ৰসমূহ। বিজ্ঞানৰ ইতিহাসত সবাতোকৈ গুৰুত্বপূৰ্ণ কৰ্মবোৰৰ ভিতৰত প্ৰিন্সিপিয়া অন্যতম।[6] নিউটনৰ ভৌতিক তত্ত্বসমূহ প্ৰমাণ কৰিবলৈ নিউটনে গণিতৰ এক নতুন পদ্ধতি আৱিষ্কাৰ কৰিছিল যাৰ নাম কলন গণিত আৰু এই কলন গণিত ব্যৱহাৰ কৰিয়েই নিউটনে তত্ত্বসমূহ প্ৰমাণ কৰিছিল।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা | |
---|---|
লেখক | ছাৰ আইজাক নিউটন |
শিৰোনাম | Philosophiæ Naturalis Principia Mathematica |
ভাষা | লেটিন |
প্ৰকাশ | ১৬৮৭ |
ইংৰাজীত প্ৰকাশ |
১৭২৮ |
এল চি শ্ৰেণীকৰণ | QA803 .A53 |