From Wikipedia, the free encyclopedia
ফ্ৰান্সিছক' জোছ দি গয়া য়ে লুচিয়েণ্টিছ (Francisco José de Goya y Lucientes) (স্পেনিছ: [fɾanˈθisko xoˈse ðe ˈɣoʝa i luˈθjentes]; ৩০ মাৰ্চ ১৭৪৬ - ১৬ এপ্ৰিল ১৮২৮)এগৰাকী স্পেইনদেশীয় চিত্ৰশিল্পী আৰু ছপা-শিল্পী (printmaker)। তেখেতক ৰোমাণ্টিক যুগৰ শেষৰ আৰু আধুনিক যুগৰ আৰম্ভণিৰ শিল্পী বুলি অভিহিত কৰা হয়। গয়া স্পেইনৰ ৰজাৰ দৰবাৰৰ শিল্পী আছিল। উপকূলীয় যুদ্ধৰ সময়ছোৱা তেখেতে মাড্ৰিড-তে কটাইছিল আৰু স্পেইনৰ সিংহাসনৰ উত্তৰাধিকাৰী বুলি গণ্য কৰা জোছেফ বোনাপাৰ্টেৰ-ৰ প্ৰতিকৃতি অংকন কৰাৰ উপৰিও যুদ্ধৰ ছবি আকিছিল। তেখেতে অংকন কৰা ধ্ৰূপদী আৰু বৈপৰীত্যবিশিষ্ট (ambiguity) যুদ্ধৰ ছবিসমূহক 'যুদ্ধৰ ভয়াবহতা' Desastres de la Guerra (Disasters of War) ক্ৰম বুলি অভিহিত কৰা হয়। গয়াৰ ছবিসমূহত সেই সময়ৰ ইতিহাস আৰু তাৰ ওপৰত তেখেতৰ অভিমত দেখা যায়। তেখেতৰ ছবিত দেখা পোৱা 'বৈকল্পিক সৃষ্টিশীলতা'ৰ (subversive imagination) প্ৰভাৱ আৰু ৰঙ প্ৰক্ষেপণত তেখেতে দেখুওৱা সাহসে পাছৰ প্ৰজন্মৰ শিল্পীসকলক প্ৰভাৱান্বিত কৰা দেখা যায়, বিশেষকৈ এডৱাৰ্ড মানে, পাবলো পিকাছো আৰু ফ্ৰান্সিছ বেকনৰ ছবিত। [1]
ফ্ৰান্সিছক' গয়া | |
---|---|
ফ্ৰান্সিছক' গয়াৰ প্ৰতিকৃতি (ভিচেণ্টি ল'পেজ ৱে পৰ্টানা (Vicente López y Portaña) (১৮২৬). কেনভাছত তৈলচিত্ৰ, ৯৩ × ৭৫ চে.মি. Museo del Prado, মাড্ৰিড, স্পেইন) | |
নাম | ফ্ৰান্সিছক' জোছ দি গয়া য়ে লুচিয়েণ্টিছ (Francisco José de Goya y Lucientes) |
জন্ম | ৩০ মাৰ্চ, ১৭৪৬ ফিউৱেনডেট'ড'ছ, এৰাগন, স্পেইন |
মৃত্যু | ১৬ এপ্ৰিল, ১৮২৮ (৮২ বছৰ) বৰ্ডিউ, ফ্ৰান্স |
দেশ | স্পেনীয় |
পেচা | চিত্ৰ, ভাস্কৰ্য, ছপাকৰ্ম |
প্ৰশিক্ষণ | জোছ লুজান |
বিপ্লৱ | ৰোমাণ্টিক যুগ |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.