![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/9d/RoyalWhiteElephant.jpg/640px-RoyalWhiteElephant.jpg&w=640&q=50)
বগা হাতী (প্ৰাণী)
বিৰল প্ৰকাৰৰ হাতী / From Wikipedia, the free encyclopedia
বগা হাতী (ইংৰাজী: White elephant (animal)) (এলবিনো হাতীও)[1] এবিধ বিৰল প্ৰকাৰৰ হাতী, কিন্তু ই এটা সুকীয়া প্ৰজাতি নহয়। ইয়াক প্ৰায়ে বৰফৰ দৰে বগা ৰূপত চিত্ৰিত কৰা হয় যদিও, ইহঁতৰ ছাল সাধাৰণতে কোমল ৰঙা-বাদামী ৰঙৰ আৰু তিতিলে পাতল গোলাপী ৰঙৰ হয়।[2] ইহঁতৰ চকুৰ পতা আৰু ভৰিৰ নখ উজ্জ্বল। পৰম্পৰাগত "বগা হাতী"ক সাধাৰণতে এলবিনো বুলি ভুল বুজা যায়, কিন্তু থাই ভাষাৰ চাং সামখান শব্দৰ প্ৰকৃত অনুবাদ হয় 'শুভ হাতী', বগাক বিশুদ্ধতাৰ প্ৰতীক বুলি ধৰা হয়।[3]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/9/9d/RoyalWhiteElephant.jpg/640px-RoyalWhiteElephant.jpg)
২০২৩ চনৰ হিচাপত ম্যানমাৰত দহটা বগা হাতী আছে।[4] থাইলেণ্ডৰ ৰজাই কেইবাটাও বগা হাতীও পুহি ৰাখিছে, ইয়াৰে এঘাৰটা ২০১৬ চনলৈকে জীয়াই আছিল।[5]