বব ডিলন
From Wikipedia, the free encyclopedia
বব ডিলন (ইংৰাজী: Bob Dylan) (জন্মগত নাম ৰবাৰ্ট এলেন জিমাৰম্যান, মে ২৪, ১৯৪১) এজন আমেৰিকান গায়ক, গীতিকাৰ, লেখক, সুৰকাৰ, কবি আৰু ডিস্ক জকি যি পাঁচ দশক ধৰি জনপ্ৰিয় ধাৰাৰ সঙ্গীতৰ অন্যতম প্ৰধান ব্যক্তি হিচাবে সুপৰ্ৰিচিত। ডিলনৰ শ্ৰেষ্ঠ গানসমূহৰ মাজত অনেকবোৰ ১৯৬০ দশকত ৰচিত হৈছে। এসময়ত তেওঁ আমেৰিকান অস্থিৰতাৰ প্ৰতীক হিচাবে বিবেচিত হয়। তেওঁৰ কিছু গান, যেনে "Blowin' in the Wind" and "The Times They Are a-Changin'",[1] যুদ্ধবিৰোধী জাতীয় সঙ্গীত হিচাবে জনপ্ৰিয়তা পাইছে আৰু ১৯৫৫-১৯৬৮ চনৰ আমেৰিকান নাগৰিকৰ অধিকাৰ আন্দোলনৰ প্ৰতীক হিচাবে বিবেচিত হৈছে। তেওঁৰ সৰ্বশেষ এলবাম, Christmas In The Heart(২০০৯), মুক্তি পাইছে।[2] ৰোলিং ষ্টোন মেগাজিনে পৰবৰ্তীকালত বছৰৰ এলবাম Archived 2007-10-14 at the Wayback Machine হিচাবে সম্মানিত কৰিছে।
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
বব ডিলন | |
---|---|
প্ৰাথমিক তথ্য | |
জন্মৰ নাম | ৰবাৰ্ট এলেন জিমাৰম্যান |
আন নাম | এলষ্টন গান, ব্লাইণ্ড বয় গ্ৰাণ্ট, লাকি উইলবাৰি, বু উইলবাৰি, এলমাৰ জনচন, চাৰ্গেই পেত্ৰভ, জ্যাক ফ্ৰষ্ট, জ্যাক ফেট |
জন্ম | ২৪ মে', ১৯৪১ (৮২ বছৰ) ডুলুথ, মিনেচ’টা, আমেৰিকা যুক্তৰাষ্ট্ৰ |
সংগীতৰ প্ৰকাৰ | লোকগীত, ফোক ৰক, ৰক, ব্লুজ, কাণ্ট্ৰি |
পেচা | গায়ক, গীতিকাৰ, লেখক, কবি, চিত্ৰশিল্পী, অভিনেতা, ডিস্ক জকি |
বাদ্যযন্ত্ৰ | গীটাৰ, বেজ গীটাৰ, হাৰমনিয়াম, কী-ব’ৰ্ড, একৰ্ডিঅন, পাৰকাছন. |
কাৰ্যকাল | ১৯৬১ - বৰ্তমান |
ৰেকৰ্ড লেবেল | কলম্বিয়া ৰেকৰ্ডচ, অ্যাচাইলাম ৰেকৰ্ডচ |
সহযোগী | পল বাটাৰ ফিল্ড ব্লুজ ব্যাণ্ড, আল কুপাৰ, দ্য ব্যাণ্ড, ৰোলিং থাণ্ডাৰ ৰিভ, মাৰ্ক নপফ্লাৰ, ট্ৰাভেলিং উইলবাৰিচ, টম পেটি এণ্ড দ্য হাৰ্টব্ৰেকাৰ্চ, ভ্যান মৰিচন, গ্ৰেটফুল ডেড |
ৱেবছাইট | www.bobdylan.com |
ডিলনৰ প্ৰথমৰফালৰ গানৰ কথা আছিল মূলত: ৰাজনীতি, সমাজ, দৰ্শন আৰু সাহিত্যিক প্ৰভাৱ সম্বলিত। এইবিলাক তেতিয়াৰ জনপ্ৰিয় ধাৰাৰ কথিত নিয়ম বহিৰ্ভূত আছিল আৰু এই ধাৰাৰ বিপৰীত হিচাবে ধৰা হৈছিল। নিজস্ব সঙ্গীত ধাৰাৰ প্ৰসাৰৰ লগতে তেওঁ আমেৰিকাৰ বিভিন্ন ঐতিহ্যবাহী সঙ্গীতৰ প্ৰতিও আকৰ্ষণ অনুভৱ কৰিছিল। তেওঁ আমেৰিকান লোকগীত আৰু কাণ্ট্ৰি/ব্লুজৰ পৰাও ৰক এণ্ড ৰোল, ইংৰাজী, স্কটিছ, আইৰিছ লোকগীত, আনকি জ্যাজ সঙ্গীত, চুইং, ব্ৰডৱে, হাৰ্ডৰক আৰু গচপেলতো গাইছিল।
ডিলনে সাধাৰণতে গীটাৰ, কী-ব’ৰ্ড আৰু হাৰমনিয়াম বজায় গান গাইছিল। ১৯৮০ দশকৰ পৰা কিছু সংগীতজ্ঞক লগত লৈ তেওঁ নিয়মিতভাৱে বিভিন্ন ঠাইত সঙ্গীতৰ বাবে ভ্ৰমণ কৰে যিটো তেওঁৰ ভাষাত "নেভাৰ এণ্ডিং ট্যুৰ" আছিল। তেওঁ অনেক বিখ্যাত শিল্পীৰ লগত একেলগে কাম কৰিছে, যেনে, দ্য ব্যাণ্ড, টম পেটি, জোয়ান বায়েজ, জৰ্জ হ্যাৰিচন, দ্য গ্ৰেটফুল ডেড, জনি ক্যাছ, উইলি নেলচন, পল চিমন, এৰিক ক্ল্যাপটন, প্যাটি স্মিথ, ইউ২, দ্য ৰোলিং ষ্টোনচ, জনি মিচেল, জ্যাক হোয়াইট, মাৰ্লে হ্যাগাৰ্ড, নেইল ইয়ং, ভ্যান মৰিচন, ৰিঙ্গো ষ্টাৰ আৰু ষ্টিভি নিকচ। যদিও তেওঁৰ কেৰিয়াৰত গায়ক হিচাবেই তেওঁ বেছি পৰিচিত আৰু সফল হৈছে, তথাপি গীতিকাৰ হিচাবেহে তেওঁৰ অৱদানক বেছি মূল্য দিয়া হয়।[3]
তেওঁৰ ৰেকৰ্ডৰ ফলত তেওঁ গ্ৰেমি এৱাৰ্ড, গোল্ডেন গ্লোব আৰু অকাডেমি পুৰস্কাৰ লাভ কৰিছে আৰ ৰক এণ্ড ৰোল হল অব ফেম, ন্যাছভিল চংৰাইটাৰ্চ হল অব ফেম, আৰু চংৰাইটাৰ্চ হল অব ফেম ত তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে। টাইম মেগাজিনৰ দ্বাৰা প্ৰকাশিত বিংশ শতাব্দীৰ শ্ৰেষ্ঠ ১০০ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত তেওঁৰ নাম আছে। ২০০৪ চনত ৰোলিং ষ্টোন মেগাজিনত প্ৰকাশিত সৰ্বকালৰ শ্ৰেষ্ঠ ১০০ গায়কৰ তালিকাত দ্য বিটলচৰ পাছত বব ডিলনে দ্বিতীয় স্থান দখল কৰিছে।[4] ১৯৯০ চনৰ জানুৱাৰীত ডিলনক ফৰাচী সংস্কৃতি মন্ত্ৰী জ্যাক ল্যাঙে কমাণ্ডাৰ দেচ আৰ্টচ এট দেচ লেটাৰ্চ উপাধিৰে ভুষিত কৰে; ২০০০ চনত ৰয়েল চুইডিছ অকাডেমি অব মিউজিকে তেওঁক পোলাৰ মিউজিক পুৰস্কাৰ প্ৰদান কৰে[5]; আৰু ২০০৭ চনত ডিলনক সংস্কৃতিত প্ৰিন্স অব অষ্ট্ৰিয়াচ পুৰস্কাৰ প্ৰদান কৰা হয়। তেওঁ কেইবাবাৰো নোবেল সাহিত্য পুৰস্কাৰ ৰ বাবে মনোনীত হৈছে।[6][7][8]
অৱশেষত তেওঁক "আমেৰিকান গীত পৰম্পৰাত এক নতুন কাব্যিক ধাৰা সৃষ্টি কৰাৰ বাবে" ২০১৬ চনত সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হয়।