বল্লভভাই পেটেল
ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী / From Wikipedia, the free encyclopedia
চৰ্দাৰ বল্লভভাই পেটেল (ইংৰাজী: Sardar Vallabhbhai Patel, হিন্দুস্তানী উচ্চাৰণ: [ʋəlləbˈbʱaːi pəˈʈeːl] ( শুনক)) (১৮৭৫-১৯৫০) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন সক্ৰিয় যুঁজাৰু, ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন নেতা আৰু ভাৰতীয় গণতন্ত্ৰৰ এজন অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ জৱাহৰলাল নেহৰু মন্ত্ৰীসভাৰ গৃহমন্ত্ৰী আছিল। তেওঁ ১৯২৪ চনৰ আহমেদাবাদ নগৰ কমিটীৰ নিৰ্বাচনত কংগ্ৰেছৰ হৈ নেতৃত্ব দিছিল। কৰাচীত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিবেশনত সভাপতিত্ব কৰিছিল। তেখেতক ভাৰত-ৰত্ন বঁটা প্ৰদান কৰা হৈছিল।[1] তেওঁক চৰ্দাৰ উপাধিৰে জনা যায়, যাৰ অৰ্থ হিন্দী আৰু উৰ্দু ভাষাত দলপতি। তাৰোপৰি তেওঁক ভাৰতৰ লৌহ পুৰুষ (Iron Man of India) বুলি জনা যায়| গুজৰাট ৰাজ্যৰ নৰ্মদা জিলাত অৱস্থিত ১৮২ মিটাৰ উচ্চতাৰ পৃথিৱীৰ আটাইতকৈ উচ্চ মূৰ্তি একতাৰ মূৰ্তি বা ষ্টেচু অফ ইউনিটি তেওঁৰ নামত উছৰ্গিত এক স্মৃতিসৌধ।[2]
চৰ্দাৰ বল্লভভাই পেটেল | |
---|---|
উপ-প্ৰধানমন্ত্ৰী | |
কাৰ্যকাল ১৫ আগষ্ট ১৯৪৭ – ১৫ ডিচেম্বৰ ১৯৫০ | |
প্ৰধানমন্ত্ৰী | জৱাহৰলাল নেহৰু |
পূৰ্বসূৰী | Position established |
উত্তৰসূৰী | মোৰাৰজী দেশাই |
ভাৰতৰ গৃহমন্ত্ৰণালয় | |
কাৰ্যকাল ১৫ আগষ্ট ১৯৪৭ – ১৫ ডিচেম্বৰ ১৯৫০ | |
প্ৰধানমন্ত্ৰী | জৱাহৰলাল নেহৰু |
পূৰ্বসূৰী | Position established |
উত্তৰসূৰী | চক্ৰৱতী ৰাজাগোপালাচাৰী |
ব্যক্তিগত তথ্য | |
জন্ম | ৩১ অক্টোবৰ, ১৮৭৫ নাদিয়াদ, বম্বে প্ৰেছিডেন্সী, ব্ৰিটিছ ভাৰত (বৰ্তমান ভাৰত) |
মৃত্যু | ১৫ ডিচেম্বৰ, ১৯৫০ (৭৫ বছৰ) মুম্বাই, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
সন্তান | মনিবেন পেটেল, ধায়াভাই পেটেল |
শিক্ষানুষ্ঠান | Middle Temple |
জীৱিকা | ওকালতি |