অসমীয়া চলচ্চিত্ৰ (২০১০) From Wikipedia, the free encyclopedia
বসুন্ধৰা (ইংৰাজী: The Earth) হৈছে, ২০১০ চনৰ ১৫ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। সুৰভি এন্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত আৰু হীৰেন বৰা পৰিচালিত এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে বৰষা ৰাণী বিষয়া, সৌৰভ হাজৰিকা, বিষ্ণু খাৰঘৰীয়া ইত্যাদি। ছবিখনে ৫৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে।[3][4]।
বসুন্ধৰা | |
---|---|
বসুন্ধৰা -চলচ্চিত্ৰৰ পোষ্টাৰ | |
পৰিচালক | হীৰেন বৰা |
চিত্ৰনাট্য | হিৰেন বৰা সাগৰ সংগম চৰকাৰ |
কাহিনী | হিৰেন বৰা |
প্ৰযোজক | হীৰেন বৰা |
অভিনয়ত | বৰ্ষাৰাণী বিষয়া সৌৰভ হাজৰিকা বিষ্ণু খাৰঘৰীয়া |
চিত্ৰগ্ৰহণকাৰী | বিবেক বেনাৰ্জী |
সম্পাদনা | অশীত বসু |
সংগীত পৰিচালক | তৰালী শৰ্মা |
প্ৰযোজনা কোম্পানী |
সুৰভি এন্টাৰপ্ৰাইজ |
মুক্তি |
১৫ জানুৱাৰী, ২০১০ |
দৈৰ্ঘ্য |
১১৩ মিনিট[1] |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
সৰ্বমুঠ আয় | ₹ ৮৭ লাখ [2] |
হাতী আৰু মানুহৰ সংঘাটৰ আধাৰত বসুন্ধৰাৰ কাহিনীভাগ ৰচনা কৰা হৈছে। সুন্দৰপুৰৰ বনভূমিৰ আবাসিক অঞ্চলত প্ৰায়ে প্ৰায়ে হাতীয়ে আক্ৰমণ চলায়। হাতী-মানুহৰ এই সংঘাটৰ সমাধান বিচাৰি এটা বেচৰকাৰী অনুষ্ঠানৰ সৈতে জড়িত সংবেদনশীল, মেধাবী আৰু সাহসী ছোৱালী বসুন্ধৰাই সুন্দৰপুৰত পদাৰ্পন কৰে। বসুন্ধৰা স্থানীয় যুৱক, সাংবাদিক অৰ্জুনৰ সংস্পৰ্শলৈ আহে। অৰ্জুনেই তাইক বনঞ্চালত চলি থকা সকলো অবৈধ কাৰ্য-কলাপৰ বিষয়ে অৱগত কৰে। অৰ্জুনে লগতে জনায় যে ঠিকাদাৰ তথা স্থানীয় মাফিয়া বিকাশ বৰুৱাৰ এটা শিলৰ কুৱেৰী আছে আৰু তাৰবাবে প্ৰয়োজনীয় শিল আহৰণ কৰিবলৈ বনভূমিৰ ভিতৰত বিস্ফোৰণ ঘটোৱা হয়। সেই শব্দত ভয় খাই হাতীবোৰে আবাসিক অঞ্চলত আক্ৰমণ চলায়।[1][3]
বসুন্ধৰাই স্থানীয় যুৱকসকলক লৈ এটা আন্দোলন আৰম্ভ কৰে। কিন্তু দুৰ্নীতিগ্ৰস্থ পক্ষটোৰ পৰা অনেক ভাবুকি আহিবলৈ ধৰে। অৰ্জুনকো দুৰ্বৃত্তই হত্যা কৰে। এনেতে নিৰ্বাচন আহে। দুৰ্নীতিপৰায়ণ ৰেঞ্জাৰজন বদলি হয় আৰু নতুন সৎ ৰেঞ্জাৰ এজনে দায়িত্বভাৰ গ্ৰহণ কৰে। অৱশেষত বসুন্ধৰাহঁত নিজৰ লক্ষ্যত উপনীত হয়।[1][3]
ছবিখনৰ সংগীত পৰিচালনা কৰাৰ উপৰিও থীমচংটোত কণ্ঠ দিছে তৰালী শৰ্মাই। থীমচংটোৰ ৰচনা বিৰিঞ্চি কুমাৰ মেধিৰ।[3]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.