বাৰ্বাডোচ
From Wikipedia, the free encyclopedia
বাৰ্বাডোচ (ইংৰাজী: Barbados) কেৰিবিয়ান সাগৰৰ দক্ষিণ-পূৱ অঞ্চলত অৱস্থিত এখন দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ দৈৰ্ঘ্য ৩৪ কিলোমিটাৰ (২১ মাইল), প্ৰস্থ ২৩ কিমি (১৪ মাইল) পৰ্যন্ত আৰু ই ৪৩২ বৰ্গ কিমি (১৬৭ বৰ্গ মাইল) এলেকা আৱৰি আছে। ই উত্তৰ আটলাণ্টিকৰ পশ্চিম অংশত, উইণ্ডৱাৰ্ড দ্বীপপুঞ্জ আৰু কেৰিবিয়ান সাগৰৰ পৰা ১০০ কিমি (৬২ মাইল) পূৱত অৱস্থিত।[3] বাৰ্বাডোচ বিষুৱৰেখাৰ উত্তৰত অৱস্থিত। ইয়াৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ হৈছে ব্ৰিজটাউন।
ক্ষিপ্ৰ তথ্য বাৰ্বাডোচ গণৰাজ্য, ৰাষ্ট্ৰভাষা (সমূহ) ...
বাৰ্বাডোচ গণৰাজ্য | ||||||
---|---|---|---|---|---|---|
নীতিবাক্য "গৌৰৱ আৰু উদ্যোগ" |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত "ইন প্লেণ্টি এণ্ড ইন টাইম অফ নীড" |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | ব্ৰীজটাউন | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | ইংৰাজী | |||||
স্বীকৃত আঞ্চলিক ভাষাসমূহ | বজন ক্ৰেঅ'ল | |||||
জনগোষ্ঠীসমূহ (২০১০) |
|
|||||
জাতীয়তাসূচক বিশেষণ | বাৰ্বাডিয়ান, বাজান (চলিত) | |||||
চৰকাৰ | একক সংসদীয় গণৰাজ্য | |||||
- | ৰাষ্ট্ৰপতি | চেন্দ্ৰা মেচন | ||||
- | মুখ্যমন্ত্ৰী | মিয়া মটলি | ||||
স্বাধীন | যুক্তৰাজ্যৰ পৰা | |||||
- | সাৰ্বভৌমত্ব | ৩০ নৱেম্বৰ ১৯৬৬ | ||||
- | ৰাষ্ট্ৰসংঘত ভৰ্তি | ৭ ডিচেম্বৰ ১৯৬৬ | ||||
- | গণৰাজ্য স্থাপিত | ৩০ নৱেম্বৰ ২০২১ | ||||
মাটিকালি | ||||||
- | মুঠ | ৪৩৯ বৰ্গ কিমি (১৮৩তম) ১৬৬ বৰ্গ মাইল |
||||
জনসংখ্যা | ||||||
- | ২০১৯ আনুমানিক | ২,৮৭,০২৫ জন (১৮২তম) | ||||
- | ২০১০ লোকপিয়ল | ২,৭৭,৮২১ জন | ||||
জিডিপি (পিপিপি) | ২০১৯ আনুমানিক | |||||
- | মুঠ | $৫.৩৯৮ বিলিয়ন | ||||
- | জনমুৰি | $১৮,৭৯৮[1] | ||||
জিডিপি (নামমাত্ৰ) | ২০১৯ আনুমানিক | |||||
- | মুঠ | $৫.২০৭ বিলিয়ন | ||||
- | জনমুৰি | $১৮,১৩৩[1] | ||||
মানৱ উন্নয়ন সূচক (২০১৯) | 0.৮১৪ (৫৮তম) | |||||
মুদ্ৰা | বাৰ্বাডিয়ান ডলাৰ ($) (BBD ) |
|||||
সময় অঞ্চল | AST (ইউটিচি−৪) | |||||
গাড়ী চলোৱা হয় | বাঁওহাতে[2] | |||||
ইণ্টাৰনেট টিএলডি | .bb | |||||
কলিং ক'ড | ++1 -246 |
বন্ধ কৰক
বাৰ্বাডোচৰ বহু সংখ্যক লোক মুখ্যতঃ আফ্ৰিকান মুলৰ যদিও ই কেৰিবিয়ান অঞ্চলৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এটা আটলাণ্টিক দ্বীপ। লগতে এই অঞ্চলৰ এক আগশাৰীৰ পৰ্যটন স্থল হিচাপেও বাৰ্বাডোচে বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।[4]
২০২১ চনৰ ৩০ নৱেম্বৰত বাৰ্বাডোচ বিশ্বৰ নবীনতম গণৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে।[5]