বিনোৱা ভাৱে
ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু মানৱ অধিকাৰকৰ্মী / From Wikipedia, the free encyclopedia
বিনায়ক নৰহৰি "বিনোৱা" ভাবে (মাৰাঠী: विनायक नरहरी भावे); (ইংৰাজী: Archarya Vinoba Bhave) (১৮৯৫-১৯৮২) ভাৰতৰ এজন স্বাধীনতা সংগ্ৰামী, আৰু অহিংসা আৰু মানৱ অধিকাৰ কৰ্মী আছিল। ভূদান আন্দোলনৰ বাবে জনাজাত ভাবেক 'আচাৰ্য' বুলি মতা হৈছিল। মহাত্মা গান্ধীৰ প্ৰধান শিষ্য ভাবেৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰত চৰকাৰে তেওঁক ১৯৮৩ চনত ভাৰতৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন প্ৰদান কৰিছিল।[1] ইয়াৰ উপৰি আচাৰ্য বিনোৱা ভাবেই ১৯৫৮ চনত 'ৰমণ মেগছেছে বঁটা' লাভ কৰিছিল। আচাৰ্য বিনোৱা ভাবেই ১৯৮২ চনত অসমৰ ৰাইজক উদ্দেশ্যি কোৱা এষাৰি বাক্য বিশেষভাৱে চৰ্চিত হয়— "অসমীয়াক এটা কথা ক’বা-যেতিয়ালৈকে অসমীয়াই শঙ্কৰ-মাধৱক অনুকৰণ কৰি তেৰাসৱে দেখুৱাই দিয়া পথেদি চলি থাকিব তেতিয়ালৈকে জগতৰ কোনো শক্তিয়েই অসমীয়াক অনিষ্ট কৰিব নোৱাৰিব। কিন্তু যিদিনাই অসমীয়াই নিজেই শঙ্কৰ-মাধৱক পাহৰিব সেইদিনা আৰু জগতৰ কোনো শক্তিয়ে অসমীয়াক নিঃশেষ হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰিব।"[উদ্ধৃতিৰ প্ৰয়োজন]
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
আচাৰ্য বিনোৱা ভাবে | |
---|---|
জন্ম | ১১ ছেপ্টেম্বৰ, ১৮৯৫ গাগড, কোলাৰ, মহাৰাষ্ট্ৰ |
মৃত্যু | ১৫ নৱেম্বৰ, ১৯৮২ (৮৭ বছৰ) পোৱানাৰ, বৰ্দ্ধ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ধৰ্ম | হিন্দু |