![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f8/Bibhutibhushan_Bandopadhyay.jpg/640px-Bibhutibhushan_Bandopadhyay.jpg&w=640&q=50)
বিভূতিভূষণ বন্দ্যোপাধ্যায়
ভাৰতীয় বঙালী লেখক / From Wikipedia, the free encyclopedia
বিভূতিভূষণ বন্দ্যোপাধ্যায় (১২ ছেপ্তেম্বৰ, ১৮৯৪ - ১ নৱেম্বৰ, ১৯৫০[1]) আছিল এজন জনপ্ৰিয় ভাৰতীয় বঙালী লেখক তথা আধুনিক বঙালী সাহিত্যিক। তেওঁ মূলতঃ উপন্যাস তথা চুটিগল্প লিখি খ্যাতি অৰ্জন কৰিছিল। তেওঁৰ আত্মজীৱনীমূলক উপন্যাস 'পথেৰ পাঁচালী' আৰু 'অপৰাজিত' আছিল সকলোতকৈ বেছি পৰিচিত। অন্যান্য উপন্যাসসমূহৰ মাজত 'আৰণ্যক', 'আদৰ্শ হিন্দু হোটেল', 'ইছামতী' তথা 'অশনি সংকেত' বিশেষভাৱে উল্লেখযোগ্য। উপন্যাসৰ লগতে বিভূতিভূষণে প্ৰায় ২০খন গল্পগ্ৰন্থ, কিছু শিশু উপন্যাস তথা কিছু ভ্ৰমণকাহিনী আৰু কিছু দিনলিপি ৰচনা কৰিছিল। বিভূতিভূষণৰ 'পথেৰ পাঁচালী'ৰ আধাৰত সত্যজিৎ ৰায়ে পৰিচালনা কৰা চলচ্চিত্ৰই আন্তৰ্জাতিক খ্যাতি লাভ কৰিছিল। ১৯৫১ চনত 'ইছামতী' উপন্যাসৰ বাবে বিভূতিভূষণে পশ্চিমবঙ্গৰ সৰ্বোচ্চ সাহিত্য সন্মান"ৰবীন্দ্ৰ পুৰস্কাৰ" মৰণোত্তৰভাৱে লাভ কৰিছিল।[2]
ক্ষিপ্ৰ তথ্য বিভূতিভূষণ বন্দ্যোপাধ্যায়, জন্ম ...
বিভূতিভূষণ বন্দ্যোপাধ্যায় | |
---|---|
![]() বিভূতিভূষণ বন্দ্যোপাধ্যায় | |
জন্ম | ১২ ছেপ্টেম্বৰ, ১৮৯৪ ঘোষপাৰা-মুৰাতিপুৰ গাঁও, বেংগল, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ নদিয়া জিলা, পশ্চিমবঙ্গ, ভাৰত) |
মৃত্যু | ১ নৱেম্বৰ, ১৯৫০ (৫৬ বছৰ) ঘাটশিলা, বিহাৰ (বৰ্তমানৰ ঝাড়খণ্ড), ভাৰত |
পেচা | লেখক, ঔপন্যাসিক |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
বংশদ্ভূত | বঙালী |
নাগৰিকত্ব | ভাৰত |
সময় | ১৯২৯-৫০ |
ধৰণ | উপন্যাস, চুটিগল্প, ভ্ৰমণ সাহিত্য, দিনলিপি |
উল্লেখনীয় কৰ্মৰাজি | 'পথেৰ পাঁচালী', 'অপৰাজিত', 'আৰণ্যক', 'আদৰ্শ হিন্দু হোটেল', 'ইছামতী', 'অশনি সংকেত', 'মেঘমল্লাৰ', 'তালনবমী', 'চাঁদেৰ পাহাৰ' |
উল্লেখযোগ্য বঁটা | ৰবীন্দ্ৰ পুৰস্কাৰ (মৰণোত্তৰভাৱে, ১৯৫১) |
দাম্পত্যসংগী | গৌৰী দেৱী (১৯১৭-১৮) ৰমা দেৱী (১৯৪০-৫০) |
সন্তান | তাৰাদাস বন্দ্যোপাধ্যায় |
বন্ধ কৰক