পৰিৱেশ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ সজাগতামূলক প্ৰচেষ্টা From Wikipedia, the free encyclopedia
বিশ্ব পৰিৱেশ দিৱস (ইংৰাজী: World Environment Day, সংক্ষেপে WED) প্ৰতি বছৰ ৫ জুনৰ দিনা বিশ্বব্যাপী ৰাজনৈতিক কৰ্মোদ্যোগ আৰু জনসচেতনতাৰ মাধ্যমত পৰিৱেশ সচেতনতাক লক্ষ্য ৰাখি এই দিৱস পালন কৰা হয়। এই দিনটিতেই ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ কনফাৰেন্স (United Nations Conference on the Human Environment) আৰম্ভ হৈছিল। এই কনফাৰেন্স ১৯৭২ খ্ৰিষ্টাব্দৰ ৫ ৰ পৰা ১৬ জুনলৈ হৈছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰেই এই দিৱস পালন কৰি অহা হৈছে। [1][2] এই দিৱসটি প্ৰথম পালন কৰা হয় ১৯৭৩ খৃষ্টাব্দত। প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ চহৰত, বেলেগ বেলেগ প্ৰতিপাদ্য বিষয় লৈ পালন হয়। উত্তৰ গোলাৰ্ধত দিৱসটি বসন্তত, আৰু দক্ষিণ গোলাৰ্ধত দিৱসটি শৰতত পালিত হয়।
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
বিশ্ব পৰিৱেশ দিৱস World Environment Day (WED) | |
---|---|
সম্পূৰ্ণ নাম | UN World Environment Day |
অন্য নাম | Eco Day, পৰিৱেশ দিৱস, WED |
পালন কৰে | বিশ্বব্যাপী |
প্ৰকাৰ | আন্তৰাষ্ট্ৰীয় |
মহত্ব | বিশ্বই বা এখন নিৰ্দিষ্ট দেশে পৰিৱেশগত সমস্যাৰ সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সম্পৰ্কে বিশ্বক সজাগ বা সচেতনতা কৰাৰ কাৰণে এই দিৱসটি পালন কৰা হয়। |
তাৰিখ | ৫ জুন |
সম্পৰ্কিত | পৰিৱেশ, প্ৰদূষণ |
পৰৱৰ্তী তাৰিখ | প্ৰতি বছৰ এক দিনে |
অৱধি | ১ দিন |
সংঘটন | বাৰ্ষিক |
প্ৰতি বছৰৰ বিশ্ব পৰিৱেশ দিৱস কিছুমান বিষয়ৰ সৈতে উদযাপন কৰা হয়, আৰু এই বিষয়টো বিশেষকৈ পৰিৱেশৰ এটা উদ্বেগজনক বিষয়ৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাৰ বাবে নিৰ্বাচন কৰা হয়। ২০১৯ ৰ বিষয়বস্তু আছিল ‘বায়ু প্ৰদূষণ’। কাৰখানাত ব্যৱহৃত যন্ত্ৰৰ ধোঁৱা, ৰেলৰ ধোঁৱা আদিৰ দৰে বিভিন্ন কাৰণত বায়ু দূষিত হোৱা প্ৰতিহত কৰিবলৈ সেই বছৰৰ বিষয়বস্তু বাছনি কৰা হৈছিল। [উদ্ধৃতিৰ প্ৰয়োজন]
এই বছৰৰ[স্পষ্টীকৰণৰ প্ৰয়োজন] বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে “প্লাষ্টিক প্ৰদূষণ দূৰ কৰা”। এই বছৰৰ বিষয়বস্তুত চৰকাৰ, উদ্যোগ, সম্প্ৰদায় আৰু ব্যক্তিসকলক একত্ৰিত হ’বলৈ আৰু প্লাষ্টিকৰ বিপদৰ বিৰুদ্ধে যুঁজিবলৈ ভাল বিকল্প অন্বেষণ কৰিবলৈ আহ্বান জনোৱা হৈছে। প্লাষ্টিকৰ ব্যৱহাৰ স্বাস্থ্যৰ বিপদৰ পৰা মুক্ত নহয়, আৰু মুখ্যতঃ সাগৰক প্ৰদূষিত কৰে, যি পানীত বাস কৰা জীৱবোৰৰ বাবে ক্ষতিকাৰক। এই বছৰৰ বিষয়বস্তু অনাৰ মুখ্য উদ্দেশ্য হৈছে ইয়াৰ দ্বাৰা হোৱা প্ৰদূষণ হ্ৰাস কৰা।
১৯৭২ চনত ৰাষ্ট্ৰসংঘই মানৱ পৰিৱেশ সম্পৰ্কীয় ষ্টকহোম সন্মিলনত ( ৫–১৬ জুন ১৯৭২) বিশ্ব পৰিৱেশ দিৱস প্ৰথম বাৰৰ বাবে আৰম্ভ কৰিছিল, যিটো মানৱ পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু পৰিৱেশৰ সংহতিৰ ওপৰত আলোচনাৰ ফলত হৈছিল। এবছৰৰ পিছত ১৯৭৩ চনত "কেৱল এখন পৃথিৱী" শীৰ্ষক বিষয়বস্তুৰে প্ৰথম বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠিত হয়।[3]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.