বিৰাট কোহলি
বিৰাট কোহলি বিশ্বৰ সৰ্বকালৰ এজন মহান বেটছমেন / From Wikipedia, the free encyclopedia
বিৰাট ক'হলি ( pronunciation (সহায়·তথ্য)) (জন্ম ৫ নৱেম্বৰ ১৯৮৮) এজন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। টপ অৰ্ডাৰত খেলা সোঁহতীয়া বেট্ছমেনজন ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক।[1] ২০০৮ চনত মালয়েছিয়াত অনুষ্ঠিত ১৯-অনুৰ্দ্ধ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত জয়লাভ কৰা ভাৰতীয় দলৰ তেওঁ অধিনায়ক আছিল। ঘৰুৱা ক্ৰিকেটত তেওঁ দিল্লী দলৰ হৈ খেলে আৰু ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ দলৰ তেওঁ প্ৰাক্তন অধিনায়ক।[2]
ব্যক্তিগত তথ্য | ||||
---|---|---|---|---|
সম্পূৰ্ণ নাম | বিৰাট ক'হলি | |||
জন্ম | ৫ নৱেম্বৰ, ১৯৮৮ (৩৫ বছৰ) দিল্লী, ভাৰত | |||
উপনাম | চিকু | |||
উচ্চতা | 5 ফুট 9 ইঞ্চি (1.8 মিটাৰ) | |||
বেটিং শৈলী | সোঁহতীয়া | |||
বলিং শৈলী | সোঁহতীয়া মধ্যমীয়া গতি | |||
ভূমিকা | বেট্ছমেন | |||
আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||
জাতীয় দল | ভাৰত | |||
টেষ্ট অভিষেক (মুঠ খেল ২৬৯) | ২০ জুন ২০১১ বনাম ৱেষ্ট ইণ্ডিজ | |||
অন্তিম টেষ্ট | ১-৫ জুলাই ২০২২ বনাম ইংলেণ্ড | |||
ODI অভিষেক (মুঠ খেল ১৭৫) | ১৮ আগষ্ট ২০০৮ বনাম শ্ৰীলংকা | |||
শেষ ODI | ১৭ জুলাই ২০১৫ v ইংলেণ্ড | |||
ODI shirt no. | ১৮ | |||
ঘৰুৱা দলৰ তথ্য | ||||
বছৰ | দল | |||
২০০৬–বৰ্তমান | দিল্লী | |||
২০০৮–বৰ্তমান | ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ | |||
কেৰিয়াৰ পৰিসংখ্যা | ||||
প্ৰতিযোগিতা | টেষ্ট | এদিনীয়া | টি ২০ ইন্টাৰনেচনেল | প্ৰথম শ্ৰেণী |
মুঠ খেল | ১০২ | ২৬২ | ১০৯ | ১৩৪ |
ৰাণ | ৮০৭৪ | ১২৩৪৪ | ৩৭১২ | ১০৩২৩ |
বেটিং গড় | ৪৯.৫৩ | ৫৭.৬৮ | ৫০.৮৪ | ৫০.৬০ |
শতক/অৰ্ধশতক | ২৭/২৮ | ৪৩/৬৪ | ১/৩৩ | ৩৪/৩৬ |
সৰ্বোচ্চ ৰাণ | ২৫৪ | ১৮৩ | ১২২* | ২৫৪ |
বল | ১৭৫ | ৬৪১ | ১৫২ | ৬৪৩ |
উইকেট | ০ | ৪ | ৪ | ৩ |
বলিং গড় | – | ১৬৬.২৫ | ৫১.০০ | ১১২.৬৬ |
এক ইনিংছত ৫টা উইকেট | ০ | ০ | ০ | ০ |
এখন খেলত ১০টা উইকেট | ০ | ০ | ০ | ০ |
শ্ৰেষ্ঠ বলিং | n/a | ১/১৫ | ১/১৩ | ১/১৯ |
কেচ্চ/ষ্টাম্পিং | ১০২/– | ১৩৮/– | ৪৮/- | ১৩৩/– |
উৎস: ই এছ পি এন ক্ৰিকইনফ', ২৮ ফেব্ৰুৱাৰী ২০১৫ |
২০০৮ চনত ক'হলিয়ে ভাৰতৰ হৈ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত আত্মপ্ৰকাশ কৰে আৰু ২০১১ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ তেওঁ সদস্য আছিল। এদিনীয়া দলত নিয়মীয়াকৈ খেলি আছিল যদিও ক'হলিয়ে ২০১১ চনতহে টেষ্টত আত্মপ্ৰকাশ কৰে কিংষ্ট'নত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে। ২০১১-১২ চনত এডিলেইডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ক'হলিয়ে প্ৰথম টেষ্ট শতক অৰ্জন কৰে।[3]
এদিনীয়া ক্ৰিকেটত ক'হলিৰ নামত বহুখিনি অভিলেখ আছে। ইয়াৰ ভিতৰত ভাৰতীয় বেট্ছমেনৰ দ্ৰুততম শতৰাণ[4] আৰু যিকোনো দেশৰ হৈ আটাইতকৈ কম খেলত ১৭টা শতৰাণ উল্লেখযোগ্য।[5]সৌৰভ গাংগুলী (১৯৯৭-২০০০), শচীন টেণ্ডুলকাৰ (১৯৯৬-৯৮) আৰু মহেন্দ্ৰ সিং ধোনিৰ (২০০৭-০৯) পাছতে তেওঁ এদিনীয়া ক্ৰিকেটত ক্ৰমাগত তিনি বা ততোধিক বৰ্ষত ১০০০ বা ততোধিক ৰাণ কৰা চতুৰ্থ বেট্ছমেন।[5] এদিনীয়া ক্ৰিকেটৰ দ্বিতীয় ইনিংছত বেটিং কৰি ১৪ টা শতৰাণ কৰি তেওঁ শচীন টেণ্ডুলকাৰৰ পাছতে দ্বিতীয় স্থানত আছে। দুবাৰকৈ ক্ৰমাগত ৫ খন খেলত ৫০ বা ততোথিক ৰাণ কৰা তেওঁ প্ৰথম খেলুৱৈ।[5] ২০১২ চনত ক'হলিয়ে আই চি চি বৰ্ষশ্ৰেষ্ঠ এদিনীয়া খেলুৱৈৰ সন্মান লাভ কৰে।[6] ২০১৩ চনৰ নৱেম্বৰত তেওঁ প্ৰথমবাৰৰ বাবে আই চি চি এদিনীয়া বেট্ছমেনৰ ৰেংকিঙত প্ৰথম স্থান লাভ কৰে।[7] ২০১৪ চনত বাংলাদেশত অনুষ্ঠিত টুৱেণ্টী ২০ বিশ্বকাপত তেওঁ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ (মেন অৱ দ্য টুৰ্ণামেণ্ট) সন্মান লাভ কৰে।[8]