বিৰিয়ানি
From Wikipedia, the free encyclopedia
বিৰিয়ানি হৈছে দক্ষিণ এছিয়াৰ মুছলমান সম্প্ৰদায়ৰ মাজত উৎপত্তি হোৱা চাওলৰ এটি ব্যঞ্জন। ইয়াক ভাৰতীয় মছলা, ভাত আৰু কোনো প্ৰকাৰৰ মাংস (যেনে মুৰ্গী, ছাগলী, গৰু, ভেড়া ছাগলী), মাছ বা মিছা মাছেৰে তৈয়াৰ কৰা হয়। লগতে কণী, আলু আদিও ব্যৱহাৰ কৰিব পৰা যায়।[1]
ক্ষিপ্ৰ তথ্য প্ৰকাৰ, অঞ্চল ...
পাকিস্তানৰ লাহোৰ চহৰত তৈয়াৰ কৰা বিৰিয়ানি | |
প্ৰকাৰ | মুখ্য আহাৰ |
---|---|
অঞ্চল | দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া, মধ্য এছিয়া আৰু পশ্চিম এছিয়া |
পৰিবেশনৰ উষ্ণতা | গৰম |
মুখ্য উপাদান |
|
আন উপাদান |
|
ভিন্ন প্ৰকাৰ | বিভিন্ন |
বন্ধ কৰক
দক্ষিণ এছিয়াত জনপ্ৰিয় হোৱাৰ উপৰিও, এই ব্যঞ্জন আন আন ঠাইতো খোৱা হয়, যেনে ইৰাক,[2] ম্যানমাৰ, ইণ্ডোনেছিয়া, মালয়েছিয়া, ছিংগাপুৰ, মৰিচিয়াছ আদি। ভাৰতত অনলাইন খাদ্য মগোৱা এপ, যেনে জমাট', স্বিগি আদিত বিৰিয়ানি আতাইতকৈ অধিক ক্ৰয় কৰা ব্যঞ্জন।[3][4]