বৃষভ (মাহ)
From Wikipedia, the free encyclopedia
বৃষভ বা বৃষ হৈছে হিন্দু সৌৰ বৰ্ষপঞ্জীৰ এটা মাহ।[1][2] এই মাহটো বৃষ ৰাশিৰ সৈতে সম্পৰ্কিত আৰু ই গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ মে' মাহৰ দ্বিতীয়াৰ্ধ আৰু জুন মাহৰ প্ৰথমাৰ্ধক সামৰি লয়।[1] মাহটোৰ প্ৰথম দিনটোক বৃষভ সংক্ৰান্তি বুলি কোৱা হয় আৰু ই সাধাৰণতে ১৪ বা ১৫ মে' তাৰিখে পৰে।
বৈদিক সাহিত্যসমূহত বৃষভ মাহক মাধৱ বোলা হয়। কিন্তু পৌৰাণিক গ্ৰন্থসমূহত জ্যোতিষবিদ্যাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।[3] বৃষভ মাহটো হিন্দু চন্দ্ৰ বৰ্ষপঞ্জীৰ জ্যেষ্ঠ বা জেঠ মাহৰ সমসাময়িক।[4][5] বৃষভৰ পূৰ্বৱৰ্তী মাহ মেষ আৰু পৰৱৰ্তী মাহ মিথুন।[2]
তামিল বৰ্ষপঞ্জীত বৃষভক বৈকাষী বোলা হয়।[1] প্ৰাচীন আৰু মধ্যযুগীয় সংস্কৃত সাহিত্যসমূহত অন্যান্য মাহৰ দৰে বৃষভৰো সময়সীমাৰ ভিন্নতা দেখা যায়। উদাহৰণস্বৰূপে, সূৰ্য সিদ্ধান্তই বৃষভত ৩১ দিন ১০ ঘণ্টা ৫ মিনিট ১৩ ছেকেণ্ড থকা বুলি গণনা কৰিছে।[5] ইয়াৰ বিপৰীতে, আৰ্য সিদ্ধান্তত মাহটোত ৩১ দিন ৯ ঘণ্টা ৩৭ মিনিট ৩৬ ছেকেণ্ড থকা বুলি গণনা কৰা হৈছে।[5]
দক্ষিণ এছিয়াৰ পুৰালেখ সম্পৰ্কীয় অধ্যয়নত ভাৰতীয় সৌৰ মাহসমূহৰ নাম তাৎপৰ্যপূৰ্ণ। উদাহৰণস্বৰূপে, অন্য সৌৰ মাহৰ লগতে বৃষভ মাহৰ নাম মধ্যযুগীয় হিন্দু মন্দিৰত ঋষভ হিচাপে লিখা পোৱা গৈছে।[6]
ভাৰতীয় জ্যোতিষবিদ্যাত বৃষভ বৃষ ৰাশিৰ চিহ্ন।[7]
ডাৰিয়ান বৰ্ষপঞ্জী অনুসৰি মেষ মঙ্গল গ্ৰহৰো দ্বাদশ মাহ। মঙ্গলৰ পৰা চালে এই সময়ছোৱাত সূৰ্যই বৃষ তাৰকামণ্ডলীৰ সোঁমাজেৰে গমন কৰে।