![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/ca/CharlesBell001.jpg/640px-CharlesBell001.jpg&w=640&q=50)
বে'লৰ পৰিঘটনা
From Wikipedia, the free encyclopedia
বে'লৰ পৰিঘটনা (বা palpebral oculogyric reflex[1]) এটা চিকিৎসা বিজ্ঞানৰ চিহ্ন য'ত চকু বন্ধ কৰিবলৈ চেষ্টা কৰোঁতে চকুটো ওপৰলৈ আৰু বাহিৰলৈ পাক খাই যায়। বেছিভাগ মানুহৰে ক্ষেত্ৰত চকু ওপৰলৈ উঠি যোৱাটো দেখা পোৱা যায় আৰু ই এক ৰক্ষামূলক কৌশল।[2] এই পৰিঘটনাটোক স্কটিছ শল্য চিকিৎসক আৰু শৰীৰতত্ববিদ চাৰ্লছ বে'লৰ নামেৰে নামকৰণ কৰা হৈছে।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/c/ca/CharlesBell001.jpg/640px-CharlesBell001.jpg)
প্ৰায় ৭৫% লোকৰ ক্ষেত্ৰত বে'লৰ পৰিঘটনা দেখা যায়। চকু জপাওঁতে বা আশংকা হ'লে (যেনে ব্যক্তিজনৰ কৰ্নিয়া স্পৰ্শ কৰিবলৈ কৰা চেষ্টা) এই ৰক্ষামূলক প্ৰতিৱৰ্তী কৌশল পোৱা যায়। গিয়া বাৰী ছীন্দ্ৰ'মত (Guillain–Barré syndrome) বা আন ৰোগত দ্বিপাক্ষিক বে'লৰ পক্ষাঘাত হ'লে অৰ্বিকুলাৰিছ অকুলি পেশী দুৰ্বল হৈ পৰে আৰু তেতিয়া এই পৰিঘটনা লক্ষণীয় হয়। স্বাস্থ্যবান মানুহে চকু জোৰেৰে জপালে পতাৰ পাছফালে হোৱা এই ঘটনাক অৱশ্যে ৰোগৰ চিহ্ন বুলি গণ্য কৰিব নালাগে।