বেণুধৰ শৰ্মা
অসমৰ সাহিত্যিক, সাংবাদিক, বুৰঞ্জীবিদ, গৱেষক আৰু স্বাধীনতা সংগ্ৰামী / From Wikipedia, the free encyclopedia
বেণুধৰ শৰ্মা (ইংৰাজী: Benudhar Sharma) সাহিত্য অকাডেমি বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া ব্যক্তি।[1] ইয়াৰ উপৰিও তেখেত এজন সাহিত্যিক, প্ৰত্নতত্ত্ববিদ, সাংবাদিক, সমাজ সংস্কাৰক, বুৰঞ্জীবিদ, গৱেষক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী আগশাৰীৰ মুক্তিযোদ্ধা আছিল।[2] ১৯৫৬ চনৰ অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল।[3] তেওঁৰ সাহিত্যত বুৰঞ্জীৰ সমল ভৰি থকাৰ বাবে তেওঁক 'ইতিহাস ৰত্ন', 'বুৰঞ্জীৰ যাদুকৰ' আদি নামেৰেও বহুতে বিভূষিত কৰিছিল। ৰত্নকান্ত বৰকাকতীদেৱে বেণুধৰ শৰ্মাক 'বুৰঞ্জী সূৰ্য' আখ্যা দি সন্মান জনাইছিল। তৰুণ অসমৰ সম্পাদক আৰু প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ সহকাৰী সম্পাদকৰ দায়িত্ব বহন কৰিছিল।[4]
ক্ষিপ্ৰ তথ্য বেণুধৰ শৰ্মা, জন্ম ...
বেণুধৰ শৰ্মা | |
---|---|
জন্ম | ১৬ নৱেম্বৰ, ১৮৯৪ চাৰিং, শিৱসাগৰ, অসম |
মৃত্যু | ২৬ ফেব্ৰুৱাৰী, ১৯৮১ |
পেচা | সাহিত্যিক, প্ৰত্নতত্ত্ববিদ, সাংবাদিক, সমাজ সংস্কাৰক, মুক্তিযোদ্ধা, গৱেষক, বুৰঞ্জীবিদ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰত |
উল্লেখনীয় কৰ্মৰাজি | কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (১৯৬০) পদ্মভূষণ (মৰণোত্তৰ ভাবে) |
বন্ধ কৰক