বেশান্তৰ
From Wikipedia, the free encyclopedia
বেশান্তৰ বা ক্ৰছ ড্ৰেছিংৰ দ্বাৰা পৰস্পৰ বিপৰীত লিংগৰ সৈতে সম্পৰ্কিত নিৰ্দিষ্ট সমাজ নিৰ্ধাৰিত সাজ-সজ্জা পৰিধান কৰাক বুজোৱা হয়।[1] আধুনিক বিশ্বত তথা সমগ্ৰ বিশ্বৰ ইতিহাসত ছদ্মবেশ, স্বাচ্ছন্দ্য, কৌতুক অভিনয় আৰু আত্মপ্ৰকাশৰ উদ্দেশ্যে ক্ৰছ-ড্ৰেছিং ব্যৱহাৰ কৰি অহা হৈছে।
পৃথিৱীৰ প্ৰায় প্ৰতিখন মানৱ সমাজে তেওঁলোকে পিন্ধিব বিচৰা শৈলী, ৰং বা প্ৰকাৰৰ পোছাকৰ সৈতে সম্পৰ্কিত প্ৰতিটো লিংগৰ বাবে সুকীয়া নিয়ম আশা কৰিছিল, আৰু একেদৰে বেছিভাগ সমাজে প্ৰতিটো লিংগৰ বাবে কেনে ধৰণৰ পোছাক উপযুক্ত সেইটো নিৰ্ধাৰণ কৰা নিৰ্দেশনা, দৃষ্টিভংগী বা আইনৰ এক সংহতি আছে।