ব্ৰেক্সিট
From Wikipedia, the free encyclopedia
ব্ৰেক্সিট হ'ল ইউৰোপিয়ান ইউনিয়নৰপৰা (ইইউ) যুক্তৰাজ্যৰ বিদায়। ই আছিল অনেক লোক, তৰ্ক গোট আৰু ৰাজনৈতিক দলৰ উদ্দেশ্য। ই যুক্তৰাজ্যই ১৯৭৩ত ইউৰোপীয় সংঘৰ পূৰ্বসুৰী ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় (ইইচি) যোগদান দিয়াৰ পাছৰে পৰাই গঢ় লৈ উঠিল। ইইচিত সদস্যপদ আগবঢ়াই নিয়াৰ সিদ্ধান্ত ১৯৭৫ত ৬৭% ভোটেৰে লোৱা হ'ল। ২০১৬ৰ জুনত ৫২% লোকে ইউৰোপীয় সংঘ ত্যাগ কৰাৰ হকে মতদান কৰিলে, যাৰ ফলস্বৰূপে ইউৰোপীয় সংঘৰপৰা বাহিৰ হোৱাৰ জটিল প্ৰক্ৰিয়া আৰম্ভ হ'ল। যুক্তৰাজ্যত বিভিন্ন ৰাজনৈতিক আৰু অৰ্থনৈতিক সাল-সলনি দেখা গৈছে।
২০০৭ চনৰ পৰা ট্ৰিটি অন ইউৰোপীয়ান ইউনিয়নৰ আৰ্টিকল ৫০ অনুযায়ী সদস্য ৰাষ্ট্ৰসকলৰ ইউৰোপীয় সংঘ ত্যাগ কৰাৰ অধিকাৰ আছে। পিচে, যুক্তৰাজ্যৰ সংঘ ত্যাগৰ প্ৰক্ৰিয়া অনিশ্চিত, যিহেতু এই প্ৰবন্ধ পূৰ্বতে কেতিয়াও ব্যৱহাৰ কৰা হোৱা নাই।[1]