From Wikipedia, the free encyclopedia
বৰপুণি (বৈজ্ঞানিক নাম: Pistia stratiotes; ইংৰাজী নাম: water cabbage, water lettuce, Nile cabbage, বা shellflower; বঙালী: টাকাপানা) এৰেকেচি (Araceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলজ উদ্ভিদ। এই উদ্ভিদৰ প্ৰকৃত উৎপত্তিস্থান ক’ত নিশ্চিতভাৱে ক’ব পৰা নাযায় যদিও আফ্ৰিকাৰ ভিক্টোৰিয়া হ্ৰদ বুলি অনুমান কৰা হয়। বৰ্তমান এই উদ্ভিদে মানুহৰ দ্বাৰা সকলো ঠাইলৈকে বিস্তৃতি লাভ কৰিছে।[2]
বৰপুণি | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
গণ: | Pistia |
প্ৰজাতি: | stratiotes |
Range of the genus Pistia | |
সমাৰ্থক[1] | |
|
বৰপুণি পানীত উপঙি থকা এবিধ ক্ষুদ্ৰ আকাৰৰ বিচিত্ৰ উদ্ভিদ। ইয়াৰ সৰু সৰু শিপাৰ গুচ্ছবোৰ পানীৰ তললৈ ওলমি থাকে। শিপাৰ মুঢ়াৰ পৰা টুবুকা-টুবুক পাতৰ উৎপত্তি হৈ মেল খাই থকা বন্ধাকবি একোটাৰ আকৃতি ধাৰণ কৰে।[3]
বৰপুণিৰ পাতবোৰ কোমল আৰু আগভাগ কম-বেছি পৰিমাণে ঘূৰণীয়া হয়। গুৰিৰফালে ক্ৰমে সৰু আকৃতি ধাৰণ কৰি ঠাৰিৰ লগত পাতখিলা লাগেহি।[3]
মুঢ়াৰ চাৰিওফালে নতুন নতুন পোখাৰ আৱিৰ্ভাৱ হয়। এই পোখাবোৰৰ পৰা পুলি ওলাই লহপহকৈ বাঢ়ি পুখুৰী, বিল বা খাল-ডোঙৰ উপৰিভাগ ছানি পেলায়।
বৰপুণি বিশ্বৰ আটাইতকৈ খৰকৈ বৃদ্ধি আৰু বিস্তাৰ লাভ কৰিব পৰা জলজ উদ্ভিদবোৰৰ অন্যতম। ফলত এই উদ্ভিদ প্ৰায়ভাগ অঞ্চলতে আগ্ৰাসী (invasive) বুলি গণ্য কৰা হয়।[4] অধিক পুষ্টিদ্ৰব্য (nutrient content) থকা পানী যেনে ৰাসায়নিক সাৰ বা নলা-নৰ্দমাৰ আৱৰ্জনা থকা পানীত বৰপুণিৰ অধিক বৃদ্ধি হোৱা দেখা যায়।[5]
বৰপুণিয়ে ছানি ধৰিলে পানী আৰু বায়ুৰ মাজত হোৱা গেছৰ বিনিময় (gas exchange) ত বাধা দিয়াৰ ফলত পানীত অক্সিজেনৰ পৰিমাণ কমি যায় আৰু মাছৰ মৃত্যু ঘটায়। তদুপৰি থলুৱা উদ্ভিদৰ বৃদ্ধিতো বৰপুণিয়ে বাধা দিয়ে।[6]
বৰপুণি মহৰো অন্যতম বৃদ্ধিস্থলী। মেনছ’নিয়া ( Mansonia) গণৰ মহে বৰপুণিত কণী পাৰি ইয়াৰ জীৱনচক্ৰ সম্পূৰ্ণ কৰে।[7][8]
বৰপুণি পানীৰ পৰা মেচিনেৰে তুলি নিয়ন্ত্ৰণ কৰা হয়। তদুপৰি জলজ উদ্ভিদ নিয়ন্ত্ৰক ( herbicides) ও ব্যৱহাৰ কৰা দেখা যায়।[9]
এই উদ্ভিদৰ প্ৰকৃত উৎপত্তিস্থান ক’ত নিশ্চিতভাৱে ক’ব পৰা নাযায় যদিও আফ্ৰিকাৰ ভিক্টোৰিয়া হ্ৰদ বুলি অনুমান কৰা হয়। বৰ্তমান এই উদ্ভিদে মানুহৰ দ্বাৰা সকলো ঠাইলৈকে বিস্তৃতি লাভ কৰিছে।[2]
মাগুৰ, কাৱৈ, গৰৈ আদি মাছে প্ৰখৰ ৰ’দত বৰপুণিৰ শিপাৰ তলত আশ্ৰয় লোৱা দেখা যায়। মাছে এই শিপাৰ মাজত খাদ্যৰো সন্ধান কৰে।[3]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.