ভাইকিংছ
From Wikipedia, the free encyclopedia
ভাইকিংছ (ইংৰাজী: Vikings) হৈছে মূলতঃ স্ক্যাণ্ডিনেভিয়া (বৰ্তমানৰ ডেনমাৰ্ক, নৰৱে আৰু ছুইডেন)ৰ পৰা অহা নাৱিক লোকসকলক দিয়া এক আধুনিক নাম।[2][3][4][5] এইসকলে অষ্টম শতিকাৰ শেষৰ ফালৰ পৰা একাদশ শতিকাৰ শেষৰ ফাললৈকে বিভিন্ন দেশত অভিযান চলাইছিল তথা পাইৰেট, ব্যৱসায় আদি কৰিছিল। এওঁলোকে ইউৰোপৰ কিছু অংশত বসতি স্থাপন কৰিছিল।[6][7][8] ভূমধ্যসাগৰ, উত্তৰ আফ্ৰিকা, ভলগা বুলগেৰিয়া, মধ্যপ্ৰাচ্য আৰু উত্তৰ আমেৰিকালৈকে তেওঁলোকে যাত্ৰা কৰিছিল। তেওঁলোকৰ উৎপত্তিস্থল বুলি বিবেচিত দেশসমূহত, আৰু তেওঁলোকে আক্ৰমণ কৰি বসতি স্থাপন কৰা কিছুমান দেশত এই সময়ছোৱাক জনপ্ৰিয়ভাৱে ভাইকিং যুগ বুলি জনা যায় আৰু "ভাইকিং" শব্দটোৱে সাধাৰণতে স্ক্যাণ্ডিনেভিয়ান গৃহভূমিৰ বাসিন্দাসকলকো সামগ্ৰিকভাৱে অন্তৰ্ভুক্ত কৰে। ভাইকিংসকলে স্ক্যাণ্ডিনেভিয়া, ব্ৰিটিছ দ্বীপপুঞ্জ, ফ্ৰান্স, ইষ্ট'নিয়া আৰু কিয়ভান ৰাছৰ আৰম্ভণিৰ মধ্যযুগীয় ইতিহাসত এক গভীৰ প্ৰভাৱ পেলাইছিল।[9]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
বিশেষজ্ঞ নাৱিক আৰু সাধাৰণ নাৱিকসকলে নিজৰ বৈশিষ্ট্যপূৰ্ণ দীঘলীয়া জাহাজত উঠি ব্ৰিটিছ দ্বীপপুঞ্জ, ফেৰ' দ্বীপপুঞ্জ, আইচলেণ্ড, গ্ৰীনলেণ্ড, নৰ্মাণ্ডী আৰু বাল্টিক উপকূলৰ লগতে আধুনিক ৰাছিয়াৰ মাজেৰে ড্নিপাৰ আৰু ভলগা বাণিজ্যিক পথত নৰ্ছ বসতি তথা চৰকাৰ স্থাপন কৰিছিল। বেলাৰুছ আৰু ইউক্ৰেইনত[10][11] এইসকলক ভেৰাঞ্জিয়ান বুলিও জনা গৈছিল। এই নৰ্ছ উপনিবেশৰ পৰাই নৰ্মান, নৰ্ছ-গেল, ৰাছৰ লোক, ফেৰ’ আৰু আইচলেণ্ডৰ লোকৰ জন্ম হৈছিল। এটা সময়ত ৰাছ ভাইকিংছৰ এটা দলে ইমানেই দক্ষিণলৈ আগবাঢ়িছিল যে কিছু সময়ৰ বাবে বাইজেণ্টাইন সম্ৰাটৰ দেহৰক্ষী হোৱাৰ পিছত তেওঁলোকে বাইজেণ্টাইন চহৰ কনষ্টেণ্টিনোপলত আক্ৰমণ কৰিছিল।[12] ভাইকিংসকলে ইৰাণ[13] আৰু আৰবলৈও যাত্ৰা কৰিছিল।[14] উত্তৰ আমেৰিকাত উপস্থিত হোৱা তেওঁলোক প্ৰথম ইউৰোপীয় আছিল। খুব কম সময়ৰ বাবে তেওঁলোকে নিউফাউণ্ডলেণ্ড (ভিনলেণ্ড)ত বসতি স্থাপন কৰিছিল। নৰ্ছ সংস্কৃতি বিদেশী দেশ সমূহলৈ বিয়পাই দিয়াৰ সময়তে তেওঁলোকে একেলগে স্ক্যাণ্ডিনেভিয়াৰ ঘৰলৈ দাস, উপপত্নী আৰু বিদেশী সাংস্কৃতিক প্ৰভাৱ কঢ়িয়াই আনিছিল। ইয়াৰ ফলত দুয়োপক্ষৰে জিনীয় আৰু ঐতিহাসিক বিকাশত প্ৰভাৱ পৰিছিল। ভাইকিং যুগত নৰ্ছ গৃহভূমি ক্ৰমান্বয়ে সৰু সৰু ৰাজ্যৰ পৰা তিনিখন বৃহৎ ৰাজ্যলৈ একত্ৰিত হৈছিল: ডেনমাৰ্ক, নৰৱে আৰু ছুইডেন।
ভাইকিংসকলে পুৰণি নৰ্ছ ভাষা কোৱাৰ উপৰিও তেওঁলোকে ৰুণত শিলালিপি নিৰ্মাণ কৰিছিল। সৰহভাগ সময় তেওঁলোকে পুৰণি নৰ্ছ ধৰ্ম অনুসৰণ কৰিছিল যদিও পিছলৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল। ভাইকিংসকলৰ নিজস্ব আইন, শিল্প আৰু স্থাপত্য আছিল। বেছিভাগ ভাইকিং কৃষক, মাছমৰীয়া, শিল্পী আৰু ব্যৱসায়ী আছিল। ভাইকিংসকলৰ জনপ্ৰিয় ধাৰণাসমূহ প্ৰায়ে প্ৰত্নতাত্ত্বিক আৰু ঐতিহাসিক উৎসৰ পৰা উদ্ভৱ হোৱা নৰ্ছমেনসকলৰ জটিল, উন্নত সভ্যতাৰ পৰা প্ৰবলভাৱে পৃথক হোৱা দেখা যায়। ভাইকিংসকলক সম্ভ্ৰান্ত বনৰীয়া লোক বুলি ধাৰণা কৰা হয়।[15][16] ভাইকিংসকলক হিংস্ৰ, জলদস্যুৰ দৰে অনা-ইহুদী বা নিৰ্ভীক দুঃসাহসিক হিচাপে ২০ শতিকাৰ আৰম্ভণিতে এক মত গঢ় লৈ উঠিছিল। ভাইকিংসকলৰ বৰ্তমানৰ জনপ্ৰিয় উপস্থাপন সাধাৰণতে সাংস্কৃতিক ক্লিচে আৰু ষ্টেৰিঅ'টাইপৰ ওপৰত ভিত্তি কৰি কৰা হয়, যাৰ ফলত ভাইকিং উত্তৰাধিকাৰৰ আধুনিক প্ৰশংসা জটিল হৈ পৰে।