শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একপ্ৰকাৰৰ পৰম্পৰাগত নাট From Wikipedia, the free encyclopedia
অসমৰ সৰ্বতোকালৰ সৰ্বোত্তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনা।[1] শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা নাটসমূহক 'অংকীয়া নাট' আখ্যা দিয়া হয়। মহাপুৰুষ দুজনাই তেওঁ লোকে ৰচনা কৰা নাটসমূহক যাত্ৰা ঝুমুৰা হে বুলিছিল। পৰৱৰ্তী কালত কোনো কোনো বৈষ্ণৱ ভকতেহে ইয়াক অংকীয়া নাট বুলি নামকৰণ কৰে। ভাওনা শব্দৰ প্ৰকৃত অৰ্থ ভাও দি দেখুওৱা কাৰ্য। অংকীয়া নাটৰ অভিনয়কহে দৰাচলতে ভাওনা বোলা হয়। বৰ্তমান এনে নাটক ভাওনা বোলা হয় আৰু ৰচনা কাৰ্যক নাট-কটা বা নাট-লেখা বুলি কোৱা হয়।
মহাপুৰুষ শংকৰদেৱৰ নাট্যকৰ্মৰ প্ৰধান উদ্দেশ্য হৈছে ধৰ্ম প্ৰচাৰ মোক্ষপ্ৰাপ্তি আৰু কাম পূৰণ। শংকৰদেৱৰ নাটৰ প্ৰথম নান্দী শ্লোকৰ পিছত সূত্ৰধাৰৰ শ্লোক আৰু সূত্ৰৰ উক্তিবোৰৰপৰা এই কথা স্পষ্টকৈ বুজা যায়।[2] সেই সময়ৰ নিৰক্ষৰ জনসাধাৰণে ধৰ্মৰ কথাবোৰ যাতে সহজে উপলব্ধি কৰিব পাৰে তাৰ বাবে শাস্ত্ৰ পাঠ আৰু মৌখিক উপদেশতকৈ নাট্যাভিনয় অধিক ফলপ্ৰদ উপায় আছিল। সেয়ে তেওঁ সংস্কৃতিৰ দিশত লোকব্যঞ্জক আহিলা হিচাপে গ্ৰহণ কৰিছিল অংকীয়া নাটৰ প্ৰদৰ্শন অৰ্থাৎ ভাওনাক। ভাগৱত পুৰাণৰ উপৰিও সমসাময়িক ভাৰতীয় লোক নাটক, সংস্কৃত নাটক আৰু অসমত পূৰ্বৰে পৰা চলি অহা ওজাপালি, পুতলা নাচ ইত্যাদি লোক পৰিৱেশ্য কলাৰ পৰা সমল সংগ্ৰহ কৰি শংকৰদেৱে অংকীয়া নাট ৰচনা কৰিছিল। লোক শিক্ষাৰ সহজ আৰু কাৰ্যকৰী উপায় হিচাপে গুৰুজনাই নাট্যাভিনয়ৰ পৰিকল্পনা কৰিছিল আৰু তৎকাৰ্যত সফলো হৈছিল। ভাওনাৰ লগত সম্বন্ধ নথকা, আগতে ভাওনা নেদেখা সমাজখনৰ লোকসকলক শিকাই-বুজাই, নিজে নাট কাটি, বাদ্যযন্ত্ৰ প্ৰস্তুত, আহাৰ্য ৰংবৰণকে আদি কৰি ভাওনা প্ৰদৰ্শনলৈকে যাবতীয় কাম-কাজ শংকৰদেৱে নিজেই কৰিবলগীয়া হৈছিল।[3] [4]
ভাওনাৰ ধৰ্মীয় পৰম্পৰা আৰম্ভ হয় গাঁঠি খোলা বা নাট মেলা পৰ্বৰে। মাহ-প্ৰসাদেৰে থাপনাত সেৱা জনাই পৰিৱেশনৰ বাবে নিৰ্ধাৰণ কৰা নাটৰ আনুষ্ঠানিক আখৰাৰ আৰম্ভনি এই অনুষ্ঠানেৰে সূচিত হয়। অভিনেতা-অভিনেত্ৰীসকলক তেওঁলোকৰ ভাগত পৰা চৰিত্ৰসমূহ বিতৰণ কৰি দিয়াৰ লগতে তেওঁলোকক চৰিত্ৰৰ বচন বা বকলাসমূহ বিলাই দিয়া হয়। [5] ভাওনাৰ আগদিনা এভাগ শৰাই-শলিতা দি মাহ-প্ৰসাদেৰে নামঘৰত প্ৰাৰ্থনা জনোৱা হয়। গায়ন-বায়ন, সূত্ৰধাৰ আৰু শ্ৰীকৃষ্ণৰ ভাও লোৱাসকলে আগদিনা উপবাসে থাকি পিছদিনা লঘু আহাৰ গ্ৰহণ কৰি দিনত ৰাইজৰ নাম-কীৰ্তনত অংশগ্ৰহণ কৰি নামৰ পিছত আশীৰ্বাদ গ্ৰহণ কৰে। ভাওনাৰ দিনা সত্ৰ বা ৰাজহুৱা নামঘৰত এটি পবিত্ৰ অনুষ্ঠানৰূপে পালন কৰা হয়।[2] ভাওনাৰ শেষত নাট সামৰণিৰে ভাওনাৰ সমস্ত পৰ্বৰ সমাপ্তি ঘটোৱা হয়। [5]
প্ৰতীক হিচাপে আঁৰ কাপোৰ ব্যৱহাৰ কৰা উপৰিও ছোঁ ঘৰৰ পৰা অভিনেতা সকলক ভাওনাৰ থলিলৈ আনোতে আঁৰ কাপোৰ এখেনেৰে আঁৰ দি অনা হয়। ভাৱৰীয়াই নামঘৰৰ মজিয়াত ৰভাৰ খলা খনত আঁঠুলৈ সেৱা কৰাৰ পাছত, খোলত চাপৰ জোৰালৈকে আঁৰ কাপোৰখনে আঁৰ দি দৰ্শকৰ মনত উৎকণ্ঠা জন্মায়। আঁৰ কাপোৰৰ ব্যৱহাৰ অগ্নিগড়ৰ পৰা আৰম্ভ কৰি সকলো ভাৱৰীয়া প্ৰৱেশত কৰা হয়।
শংকৰদেৱএ তেৰাৰ নাটত নাট, নাটক আৰু যাত্ৰা শব্দহে ব্যৱহাৰ কৰিছে। মাধবদেৱৰ নাটত ঝুমুৰা, যাত্ৰা আদি শব্দ ব্যৱহাৰ হৈছিল। সুখ-দুখৰ উৎপত্তি দেখুওৱা আৰু শৃংগাৰ আদি ৰসৰ পৰিপূৰ্ণতাই নাটৰ বিষয়বস্তু যদিও সাত্বিক অভিনয়হে মূল কথা।[2] ‘অংক’ বা ‘অংকীয়া নাট’ বুলি পিছত চৰিতকাৰসকলেহে ব্যবহাৰ কৰিছে। নাটৰ বিভিন্ন বিভাগবোৰক ‘অংক’ বোলা হয়।[2]
ভৰত মুনিৰ মতে ৰূপক দহবিধ আৰু উপৰূপক ওঠৰবিধ। ৰূপকৰ অংক বা উৎসৃষ্টিকাংক আৰু উপৰূপকৰ হল্লীসৰ লগত অংকীয়া নাটৰ কিছু সাদৃশ্য আছে। কিন্তু মূল লক্ষণবোৰৰ ক্ষেত্ৰত যথেষ্ট অমিলো আছে। অংকীয়া নাটক এক অংক বিশিষ্ট নাট বোলা হয়। ভাওনা হ’ল নাট, নৃত্ত আৰু নৃত্যৰ সমাহাৰ। নৃত্ত আৰু নৃত্য হ’ল মূকাভিনয় কিন্তু শ্লোক, বচন, গীত, পয়ৰবিলাকৰ লগে লগে নৃত্য বা নাচৰ চাল-চলন, মুদ্ৰা আদিও থাকে।[2]
ভাওনাৰ শ্লোক, অপিচ আৰু সূত্ৰধাৰৰ বচনৰ ওপৰত সম্পূৰ্ণ পৰিচালনাৰ ভাৰ সূত্ৰধাৰৰে।[6] গীত-পদ-ৰাগ-তালৰ কৰ্ত্তব্যখিনি গায়ন-বায়নৰ ওপৰত নিৰ্ভৰ কৰে। গীত-মাতত মহিলা, ঋষি-মুনিসকলৰ প্ৰৱেশ হয়। ভাৱৰীয়া প্ৰৱেশত সূত্ৰধাৰ, কৃষ্ণ বা ৰামৰ, ৰজা-মহাৰজা, মন্ত্ৰী-যুৱৰাজ, সৈন্যসকলৰ, অসূৰসকলৰ, ৰাক্ষস-ৰাক্ষসীসকলৰ আৰু দূতৰ প্ৰৱেশ-প্ৰস্থানত খোলৰ চেও বেলেগ বেলেগ। ভাওনাৰ আৰম্ভণিতে গায়ন-বায়নৰ জোৰাগোৱা পৰ্বটো অতি গুৰুত্বপূৰ্ণ।[2]
ভাওনাৰ দিনা কীৰ্তনঘৰ, নামঘৰ, নাটঘৰ বা মুকলি মঞ্চ পৰিষ্কাৰ কৰি, কলপুলি ৰুই সজাই পৰাই সুন্দৰ পৰিবেশ গঢ়ি তোলা হয়। সূত্ৰধাৰ প্ৰৱেশৰ আগতে নগছি বন্তিৰে ‘অগ্নিগড়’’ প্ৰৱেশ পথত দুজনে ধৰি ৰাখে আৰু আঁৰ-কাপোৰ ধৰি সূত্ৰৰ প্ৰৱেশৰ লগে লগে মহতা জ্বলাই (সূত্ৰধাৰৰ আগত এটা আৰু পাছত এটা) কীৰ্তনখন বা ৰভাঘৰ পোহৰ কৰি ৰাখে। তেনেকৈ কৃষ্ণ, ৰাম বা বিশেষ ৰজাৰ প্ৰৱেশতো আঁৰ-কাপোৰ ধৰে। বন্তি, মহতা বা আঁৰিয়াবোৰ মিঠাতেলৰ দ্বাৰাই জ্বলোৱা হয়।[2]
অগ্নিগড়ৰ নগছি বন্তি হ’ল ন বিধ ভক্তিৰ প্ৰতীক। কেতিয়াবা ৰজা-মন্ত্ৰীৰ প্ৰৱেশত ফুলজাৰি জ্বলোৱা হয়। সেইবোৰ য-খাৰ, বগৰীৰ এঙাৰ, বাহক তিতাৰ এঙাৰ গুড়ি কৰি তৈয়াৰ কৰা হৈছিল।[2]
মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে সৃষ্টি কৰা নাটবোৰত কাহিনী বা সংলাপতকৈ নৃত্যৰ ওপৰতহে গুৰুত্ব অধিক দিছিল। ভাওনাত নৃত্যৰ পয়োভৰ ইমানে বেছি যে শংকৰদেৱে নিজেই কেতিয়াবা ইয়াক নাট নুবুলি নৃত্য বুলিহে আখ্যা দিছিল।[7] কাহিনীৰ ওপৰত গুৰুত্ব নিদিয়াৰ বাবেই ৰুক্মিণীহৰণ নাটৰ দৰে সংঘাতপূৰ্ণ তথা পূৰ্ণাংগ কাহিনীযুক্ত নাটককো শংকৰদেৱে নাট নুবুলি নৃত্যহে বুলিছিল (যেনে – ৰুক্মিণীহৰণ বিহাৰ নৃত্য পৰম কৌতুকে কৰব)। 'ভাওনাত ভাৱৰীয়া জনে অন্ততঃ এটা পাক মাৰিহে মঞ্চত প্ৰৱেশ বা প্ৰস্থান কৰাৰ নিয়ম। ভাওনাৰ প্ৰৱেশ-প্ৰস্থান সদায় নৃত্যধৰ্মী হয়। ভাওনাত সমানে ভৰি পেলাই খোজ কাঢ়ি প্ৰৱেশ-প্ৰস্থান কৰাটো নিষিদ্ধ।[7]
ভাওনাৰ নৃত্যক ন প্ৰকাৰত বিভক্ত কৰা যায়।
মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভাওনা সমূহ সংগীত প্ৰধান। শংকৰদেৱে বৈকুণ্ঠ পট আঁকি দৰ্শকৰ আগত দেখুওৱা ‘চিহ্নযাত্ৰা’ ভাওনা স্থিৰ চিত্ৰ আছিল। সেই চিত্ৰক গুৰুজনাই গীত, বাদ্য আৰু নৃত্যৰে মনোমোহা কৰি তুলিছিল। যাৰ বাবে নিজেই বাদ্য নিৰ্মাণ কৰাই বাজনা ৰচনা কৰি পৰিবেশন কৰাইছিল।[8]
ভাওনাত ব্যৱহৃত অৱনদ্ধ বাদ্য অৰ্থাৎ চামৰাৰে মুখ ঢকা আঙুলি বা কাঠি আদিৰে বজোৱা বাদ্যৰ ভিতৰত খোল, মৃদংগ, নেগেৰা আদি পৰে। ঘন বাদ্য অৰ্থাৎ টান পদাৰ্থৰে আঘাত কৰি বজোৱা বাদ্যৰ ভিতৰত পাতি তাল, ভোৰতাল, বৰকাঁহ, খেৰেঙীতাল, খুটি তাল, মন্দিৰা আদি অন্যতম। ভাওনাত পূৰ্বে তাঁৰযুক্ত বা তত্ বাদ্যৰূপে চাৰেন্দাৰ আৰু ৰবাবৰ প্ৰচলন আছিল যদিও বৰ্তমান এইবোৰৰ ব্যৱহাৰ লুপ্ত। এই সমূহৰ ঠাই বেহেলা আদি বাদ্যই পূৰণ কৰিছে। ভাওনাত ব্যৱহৃত সুষিৰ বাদ্য হৈছে শঙ্খ, কালি, বাঁহী ইত্যাদি।[8]
নাটৰ চৰিত্ৰ অনুসাৰে ভাৱৰীয়াসকলক বাছনি কৰি সাজ-পোচাক নিদ্দিষ্ট কৰি দিয়া হয়। গায়ন-বায়ন আৰু সূত্ৰধাৰসকলৰ পিন্ধনত বগা ধূতি বা ঘোৰী, হাত গেঞ্জী, পাঞ্জাবী, চেলেং চাদৰ আৰু মূৰত বগা পাগ থাকে।[9] কিছুমান সত্ৰ বা নামঘৰত মোগলাই বগা পাগো ব্যৱহাৰ হয়। ৰামৰ চৰিত্ৰৰ বাবে গা আৰু হাতত নীল, হালধীয়া ৰং মিশ্ৰিত অনুলেপন সানি কপালত দীঘলীয়া ফোট, পিন্ধনত গেৰুৱা বা হালধীয়া ধুতি আৰু ৰঙীণ চেলেং চাদৰ। হাত আৰু বাহুত বাজু, ভৰিত কিংকিনি থাকে। কৃষ্ণ আৰু বলৰামৰ ক্ষেত্ৰত কৃষ্ণক গেৰুৱা-হালধীয়া ধূতি, গাত গেঞ্জী, পিঠিয়া আৰু বুকুৰফালে বুকুৱা, গাত ৰঙীণ চেলেং চাদৰ, কঁকাল বান্ধনী, মুখ-হাতত বগা, হালধীয়া আৰু কিছু নীল মিশ্ৰণ কৰি প্ৰস্তুত কৰা অনুলেপন, কপালত দীঘলীয়া ফোট, হাত আৰু ভৰিত বাজু, মণি-মুকুতা সজোৱা ৰাজকীয় পোচাক, ভৰিত জুনুকা বা নূপূৰ, কঁকালত বান্ধনী, ৰঙীণ শাৰী, ডিঙিত মণি-মুকুতাৰ মালা বা ফুলৰ মালা, মূৰত কীৰিতি বা মুকুট, হাতত বাজু, ভীমৰ মূৰত বাৰ্বি, গাত গাঁঠি চোলা, মাণিক-মুকুতা লগোৱা পোচাক, কঁকাল বান্ধনী, পিন্ধনত ৰঙীণ শাৰী, হাত-বাহুত বাজু, ডিঙিত ৰাজকীয় মালা বা মণি, ঋষি-মুনিসকলৰ মূৰত জঁটা, মুগা-ক’লা বৰণৰ, গাত অনুলেপন, হালধীয়া ধূতি, হালধীয়া চেলেং-চাদৰ, হাত-ডিঙিত মালা, কপালত চন্দনৰ দীঘল ফোঁট, হাতত কমণ্ডলু, চিমতা, কিছুমানে জঁটাতো ফুলৰ মালা পিন্ধা দেখা যায়। অসুৰৰ ৰজা-মন্ত্ৰীসকলৰ মণি-মুকুতা খটোৱা ৰাজকীয় পোচাক, হাতত গদা বা ত্ৰিশূল, কঁকাল বান্ধনী, ডিঙিত মণি, হাত-বাহুত বাজু, মূৰত চুলি আৰু কীৰিতি মুকুট, চকুৰ পতাত ৰঙা ৰাংপতা বা ৰং, কপালত ফোঁট আৰু কিছুমান অসুৰে গাত অনুলেপন সানি, হাতত শূল লৈ প্ৰৱেশ কৰা দেখা যায়। অসুৰৰ পিন্ধনত ৰঙীন শাৰী, কঁকাল বান্ধনী, ৰঙীন চেলেং চাদৰ, কপালত দীঘলীয়া বা পথালিকৈ ফোট, ৰাক্ষস-ৰাক্ষসীৰ পিন্ধনত গাত ক’লা বা ৰঙীণ জলম, মুখ-মূৰত আউলী-বাউলী চুলি, পিন্ধনত সুবিধা অনুযায়ী ৰঙীণ কাপোৰ, হাতৰ আঙুলিত দীঘল নখ থকা দেখা যায়। ভালুক-বান্দৰৰ জলম ঘৰতে তৈয়াৰ কৰি লোৱা হয়। সকলোবিলাক ভাৱৰীয়াই ভৰিত জুনুকা বা নূপূৰ পিন্ধে, কাণত কুণ্ডল, মণি আদি পিন্ধা দেখা যায়।[2]
মাতৃভাষা ভাওনা নাট সমূহত ব্ৰজাৱলীৰ পৰিৱৰ্তে কথিত অসমীয়া ভাষাৰ কিঞ্চিত পৰিৱৰ্তিত ৰূপ এটাত অমিত্ৰাক্ষৰ ছন্দৰ প্ৰয়োগ কৰা দেখা যায়। মাতৃভাষা নাট ভাওনাৰ লগে লগে ব্ৰজাৱলী ভাষাই এটা সৰলীকৰণ ৰূপ লাভ কৰে। উজনি অসমৰ নাটসমূহ উল্লিখিত ধৰণৰ ভাষাৰে ৰচিত হ'লেও অসমৰ নগাঁও অঞ্চলত ব্ৰজাৱলী ভাষাৰ প্ৰচলনেই অব্যাহত থাকিল। ঊনবিংশ-বিংশ শতিকাৰ উজনি অসমত মাতৃভাষা ভাওনা জনপ্ৰিয় হৈ পৰে।[10]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.