ভাৰতৰ স্বাধীনতা আন্দোলন
ভাৰতৰ স্বাধীনতা আন্দোলনৰ আৰম্ভ---: / From Wikipedia, the free encyclopedia
ভাৰতৰ স্বাধীনতা আন্দোলন বুলিলে দক্ষিণ এছিয়াৰ একাংশত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু পাচৰচোৱাত ব্ৰিটিছ চৰকাৰৰ শাসনৰ প্ৰতিবাদ কৰি তেওঁলোকক শাসনভাৰ এৰি গুচি যাবলৈ দাবীৰ পৰিপ্ৰেক্ষিতত তৎকালীন ব্ৰিটিছ শাসনৰ বিৰোধিতাত উদ্ভুত বিভিন্ন ৰাজনৈতীক সংৰচন, দৰ্শন আৰু আন্দোলনকে বুজা যায়।
ক্ষিপ্ৰ তথ্য ওলন্দাজ ভাৰত, ডেনীয় ভাৰত ...
ঔপনিৱেশিক ভাৰত | |
ওলন্দাজ ভাৰত | ১৬০৫–১৮২৫ |
---|---|
ডেনীয় ভাৰত | ১৬২০–১৮৬৯ |
ফৰাচী ভাৰত | ১৬৬৮–১৯৫৪ |
পৰ্তুগীজ ভাৰত (১৫০৫–১৯৬১) | |
কাচা ডা ইণ্ডিয়া | ১৪৩৪–১৮৩৩ |
পৰ্তুগীজ ইষ্ট ইণ্ডিয়া কোম্পানী | ১৬২৮–১৬৩৩ |
ইষ্ট ইণ্ডিয়া কোম্পানী | ১৬১২–১৭৫৭ |
ভাৰতত কোম্পানী ৰাজ | ১৭৫৭–১৮৫৮ |
ব্ৰিটিছ ৰাজ | ১৮৫৮–১৯৪৭ |
ব্ৰহ্মদেশৰ ব্ৰিটিছ ৰাজ | ১৮২৪–১৯৪৮ |
দেশীয় ৰাজ্যসমূহ | ১৭২১–১৯৪৯ |
ভাৰত বিভাজন | ১৯৪৭ |
বন্ধ কৰক
১৯ শতিকাৰ প্ৰথম চতু্ৰ্থাশত বেহা বেপাৰৰ কাৰণে অহা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পাচলৈ সমগ্ৰ ভাৰত অধিকাৰ কৰে। পাচলৈ ভাৰতৰ শাসনৰ দায়িত্ব ব্ৰিটিছ ৰাজে গ্ৰহণ কৰে।