ভীমৰাও ৰামজী আম্বেদকাৰ
ভাৰতীয় আইনজ্ঞ, ৰাজনীতিবিদ, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, শিক্ষক আৰু লেখক / From Wikipedia, the free encyclopedia
ড° ভীমৰাও ৰামজী আম্বেদকাৰ (ইংৰাজী: Bhimrao Ramji Ambedkar; মাৰাঠী: भीमराव रामजी आंबेडकर) (১৮৯১-১৯৫৬) এজন ভাৰতীয় আইনজ্ঞ, ৰাজনৈতিক নেতা, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, শিক্ষক তথা লেখক আছিল। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী সভাত প্ৰথম আইন মন্ত্ৰী আছিল। ১৯৩০-৩১ আৰু ১৯৩১-৩২ চনত প্ৰথম ঘূৰণীয়া মেজমেলত তেওঁ অনুন্নত জাতিৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। বোম্বাই বিধান সভাৰ সদস্য নিৰ্বাচিত হৈছিল। ব্ৰিটিছ চৰকাৰে তেওঁ যুটীয়া সংসদী কমিটীৰ সদস্য নিযুক্ত কৰিছিল। তেওঁ ভাৰতীয় কাৰ্যবাহী পৰিষদৰ সদস্য হৈ লাঠ গৱৰ্ণৰ কাৰ্যকৰী কাউন্সিলৰ শ্ৰম মন্ত্ৰী নিযুক্ত হৈছিল। ভাৰতীয় সংবিধান সভাৰ সদস্য আছিল আৰু ১৯৪৭ চনত তেওঁ সংবিধান খচৰা প্ৰস্তুতি কমিটীৰ সভাপতি হৈছিল আৰু ভাৰতীয় সংবিধান ৰচনা কৰিছিল।[3]
ড° ভীমৰাও ৰামজী আম্বেদকাৰ | |
---|---|
জন্ম | ভীমৰাও ৰামজী আম্বেদকাৰ ১৪ এপ্ৰিল, ১৮৯১ Mhow, Central Provinces, British India (now in Madhya Pradesh) |
মৃত্যু | ৬ ডিচেম্বৰ, ১৯৫৬ (৬৫ বছৰ) Delhi, India |
ৰাষ্ট্ৰীয়তা | Indian |
অন্য নাম | বাবা, বাবাচাহেব, ভীমা, মুকনায়ক |
শিক্ষানুষ্ঠান | University of Mumbai Columbia University University of London London School of Economics |
সংস্থা | Samata Sainik Dal, Independent Labour Party, Scheduled Castes Federation |
পদবী | 1st Law Minister of India, Chairman of the Constitution Drafting Committee |
ধৰ্ম | বৌদ্ধধৰ্ম |
দাম্পত্যসঙ্গী | Ramabai Ambedkar (m. 1906 - d. 1935)[1] Savita Ambedkar (m. 1948)[2] |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ভাৰত ৰত্ন |
স্বাক্ষৰ | |
২০১২ চনত History TV আৰু CNN-IBN চেনেলে দেশজুৰি চলোৱা এটা সমীক্ষাত তেখেতক "শ্ৰেষ্ঠ ভাৰতীয়" হিচাপে বাছনি কৰা হৈছিল।[4][5] ১৯৯০ চনত তেখেতক মৰনোত্তৰভাৱে ভাৰত-ৰত্ন বঁটা প্ৰদান কৰা হয়।