ভূটানৰ পৰ্যটন
ভূটানৰ পৰ্যটন সম্পৰ্কীয় / From Wikipedia, the free encyclopedia
ভূটানৰ পৰ্যটন (ইংৰাজী: Tourism in Bhutan)ক্ষেত্ৰ আৰম্ভ হৈছিল ১৯৭৪ চনত, যেতিয়া ভূটান চৰকাৰে ৰাজহ সংগ্ৰহ আৰু ভূটানৰ অনন্য সংস্কৃতি আৰু পৰম্পৰাক বহিৰ্জগতৰ আগত প্ৰচাৰৰ উদ্দেশ্যে তেতিয়ালৈকে বহিৰ্বিশ্বৰ সৈতে বিচ্ছিন্ন দেশখন বিদেশীৰ বাবে মুকলি কৰি দিছিল। ১৯৭৪ চনত মুঠ ২৮৭ জন পৰ্যটকে ভূটান ৰাজ্য ভ্ৰমণ কৰিছিল। ১৯৯২ চনত ভূটান ভ্ৰমণলৈ অহা পৰ্যটকৰ সংখ্যা ২,৮৫০ লৈ বৃদ্ধি পায় আৰু ১৯৯৯ চনত নাটকীয়ভাৱে ৭,১৫৮ লৈ বৃদ্ধি পায়।[1] ১৯৮০ চনৰ শেষৰ ফালে পৰ্যটনৰ বাৰ্ষিক ৰাজহে ২০ লাখ মাৰ্কিন ডলাৰৰ ওপৰত অৰিহণা যোগাইছিল।
বিদেশীৰ বাবে মুকলি কৰিছিল যদিও ভূটান চৰকাৰে ভূটানৰ অনন্য আৰু কাৰ্যতঃ অক্ষত ভূ-প্ৰকৃতি আৰু সংস্কৃতিৰ ওপৰত পৰ্যটনে কি প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে তীব্ৰভাৱে সচেতন আছিল। সেই অনুসৰি তেওঁলোকে আৰম্ভণিৰে পৰাই পৰ্যটকৰ কাৰ্যকলাপৰ মাত্ৰা সীমিত কৰি ৰাখিছে, উচ্চমানৰ পৰ্যটকক অগ্ৰাধিকাৰ দিছে। প্ৰথম অৱস্থাত এই নীতিক “উচ্চ মান, কম আয়তন’’ৰ[2]পৰ্যটন ৰখা হৈছিল৷ ২০০৮ চনত ইয়াৰ নাম সলনি কৰা হয় “উচ্চ মূল্য, কম প্ৰভাৱ’’, “এটা সূক্ষ্ম কিন্তু উল্লেখযোগ্য পৰিৱৰ্তন’’। কম সংখ্যক দৰ্শনাৰ্থীৰ জৰিয়তে কম প্ৰভাৱ নিশ্চিত হোৱাত ভূটান ভ্ৰমণ কৰিবলৈ ভ্ৰমণকাৰী বিত্তশালী হোৱাটো এক প্ৰয়োজনীয়তা,[3] যিয়ে সমালোচনাৰ সুৰুঙা এৰি দিছে আৰু “উচ্চ মূল্যৰ পৰ্যটক’’ হ’বলৈ ধনী হ’ব লাগিব নেকি বুলি প্ৰশ্ন উত্থাপিত কৰিছে৷[4] পৰ্যটকৰ বাবে প্ৰতিজন ব্যক্তিৰ বাবে প্ৰতিদিনে ২০০ মাৰ্কিন ডলাৰ মাচুল আৰোপ কৰা হৈছে।[5] ২০০৫ চনত “বহনক্ষম পৰ্যটন উন্নয়ন কৌশল’’ নামৰ এখন নথিত “ভূটানক ধনী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণীয় যোগ্য গন্তব্যস্থান হিচাপে প্ৰচাৰ কৰিবলৈ দেশৰ সংস্কৃতি আৰু পৰিৱেশ ব্যৱহাৰ কৰি পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল’’।[6] ভূটানৰ ৰাজধানী থিম্ফুত পৰ্যটনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কেন্দ্ৰসমূহ হৈছে থিম্ফু, পশ্চিমৰ পাৰো চহৰ, টকছাং, পাৰোৰ পৰা দেখা পোৱা টাইগাৰ নেষ্ট আদি৷ টাইগাৰ নেষ্ট বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বাবে পৱিত্ৰ। মন্দিৰৰ ভিতৰত আছে এটা গুহা, য’ত বৌদ্ধ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ভূটানলৈ অহা বৌদ্ধ ধৰ্মগুৰুৱে ৯০ দিন ধ্যান কৰিছিল। হাজাৰ বছৰৰো অধিক আগৰে পৰা মন্দিৰটো পাহাৰৰ গাত আছে।