মহাবীৰ জয়ন্তী বা মহাবীৰ জন্ম কল্যানক জৈন ধৰ্মৰ অনুগামী সকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ। ভগৱান মহাবীৰৰ জন্ম জয়ন্তী হিচাপে এই দিন পালন কৰা হয়। ভগৱান বৰ্ধমান মহাবীৰ জৈন ধৰ্মৰ ২৪তম তথা তীৰ্থাংকৰ। চ'ত মাহৰ শুক্লা ত্ৰয়োদশী তিথিত উদযাপিত হোৱা এই উৎসৱ ইংৰাজী মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হয়।[1]

ক্ষিপ্ৰ তথ্য মহাবীৰ জয়ন্তী মহাবীৰ জন্ম কল্যানক, পালন কৰে ...
মহাবীৰ জয়ন্তী
মহাবীৰ জন্ম কল্যানক
Thumb
তামিলনাডুৰ মাদুৰাইত ভগৱান মহাবীৰৰ মূৰ্তি
পালন কৰে জৈন ধৰ্মৰ অনুগামী সকল
প্ৰকাৰ ধৰ্মীয়, ৰাষ্ট্ৰীয় ছুটিৰ দিন
মহত্ব ভগৱান মহাবীৰৰ জন্ম জয়ন্তী
তাৰিখ চ'ত মাহৰ শুক্লা ত্ৰয়োদশী তিথি (বীৰ নিৰ্বাণ সংবৎ)
উদযাপন জৈন মন্দিৰ আৰু ৰাজহুৱা অনুষ্ঠানত উদযাপন
আচাৰ প্ৰাৰ্থনা, ধৰ্মীয় অনুষ্ঠান
সংঘটন বাৰ্ষিক
বন্ধ কৰক

জন্ম

আধুনিক ইতিহাসবিদ সকলে বৰ্তমান বিহাৰৰ বৈশালী জিলাৰ কুণ্ডগ্ৰাম বা ভাস'কুণ্ড মহাবীৰৰ জন্মস্থান হিচাপে চিহ্নিত কৰিছে।[2] পাৰম্পৰিক জৈন গ্ৰন্থৰ মতে ভগৱান মহাবীৰ ৫৯৯ খ্ৰীষ্টপূৰ্বৰ চ'ত মাহৰ শুক্লা ত্ৰয়োদশী তিথিত জন্ম লাভ কৰিছিল।[3][4] তেওঁ এখন গণৰাজ্যত জন্মগ্ৰহণ কৰিছিল অৰ্থাৎ তেওঁৰ ৰাজ্যৰ ৰজা প্ৰজা সকলে ভোটৰ দ্বাৰা নিৰ্বাচিত কৰিছিল। বৈশালী এই ৰাজ্যৰ ৰাজধানী আছিল।[5]

মহাবীৰৰ প্ৰকৃত নাম বৰ্ধমান। বৰ্ধমান মানে বাঢ়ি অহা। কিংবদন্তি অনুসৰি তেওঁৰ জন্মৰ পিছৰে পৰা তেওঁলোকৰ ৰাজ্যৰ ধন সম্পত্তি ক্ৰমাগত ভাবে বাঢ়ি আহিছিল।[6] ভাস'কুণ্ড গাঁৱত মহাবীৰৰ জন্মস্থান বুলি চিহ্নিত এটুকুৰা মাটি অহল্যা ভূমি গাঁওবাসীয়ে প্ৰায় এহাজাৰ বছৰ হাল বোৱা নাই।[5]

জন্মৰ লগত জড়িত আখ্যান

Thumb
সকলো তীৰ্থাংকৰৰ মাতৃয়ে দেখা ১৬টা অলৌকিক স্বপ্ন

মহাবীৰ ইক্ষভাকু বংশত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ কুণ্ডগ্ৰামৰ ৰজা সিদ্ধাৰ্থ আৰু মাতৃ ত্ৰিশলা। গৰ্ভৱতী কালত ৰাণী ত্ৰিশলায়ে কেইবাটাও অলৌকিক সপোন দেখিছিল। জৈন ধৰ্ম অনুসৰি এই সপোনসমূহ কোনো মহান আত্মাৰ জন্মৰ আগজাননী। জৈন ধৰ্মৰ দিগম্বৰ শাখায়ে এই সপোনৰ সংখ্যা ১৬ টা বুলি বিশ্বাস কৰে।[7] আনহাতে শ্বেতাম্বৰ শাখায়ে এই সপোন সংখ্যা ১৪ টা বুলি কয়। মহাবীৰৰ জন্মৰ পিছত দেৱৰাজ ইন্দ্ৰয়ে তেওঁৰ অভিষেক কৰিছিল বুলি প্ৰবাদ আছে। অভিষেক তীৰ্থাংকৰ সকলৰ পাঁচটা মূল ধৰ্মীয় নীতি 'পঞ্চ কল্যানক'ৰ দ্বিতীয় নীতি।[8]

উদযাপন

Thumb
থিৰাকলিৰ ভগৱান মহাবীৰৰ প্ৰাচীন ভাস্কৰ্য

মহাবীৰ জয়ন্তী জৈন মন্দিৰ আৰু ৰাজহুৱা স্থানত পালন কৰা হয়। এইদিনা ভগৱান মহাবীৰৰ মূৰ্তি ৰথত লৈ 'ৰথ যাত্ৰা' কৰা হয়।[9] ৰথ যাত্ৰাৰ বাটত স্তৱন (ধৰ্মীয় গীত) গোৱা হয়।[10] মহাবীৰৰ মূৰ্ত্তিৰ অভিষেক কৰা হয়। এইদিনা বহুতো জৈন ধৰ্মালম্বী মানুহে দান দক্ষিণা কৰে। বহুতে জৈন মন্দিৰ গৈ প্ৰাৰ্থনা, যোগ আদি কৰে।[11] জৈন সাধু-সন্ত, মহাত্মা সকলে জৈন ধৰ্মৰ গুণ গান কৰে। দান দক্ষিণা সংগ্ৰহ কৰি বিভিন্ন লোক কল্যানমূলক কাম-কাজ কৰা হয়। প্ৰাচীন জৈন মন্দিৰ সমূহত মহাবীৰ জয়ন্তীৰ দিনা বহু ভক্তৰ সমাগম হয়।[উদ্ধৃতিৰ প্ৰয়োজন][12][13][14]

তথ্য উৎস

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.