মাইক্ৰছফ্ট বিং
মাইক্ৰছফ্টৰ দ্বাৰা পৰিচালিত এক ৱেব অনুসন্ধান ইঞ্জিন / From Wikipedia, the free encyclopedia
মাইক্ৰছফ্ট বিং (ইংৰাজী: Microsoft Bing; পূৰ্বতে বিং বুলি জনা যায়) হৈছে মাইক্ৰছফ্টৰ মালিকানাধীন আৰু পৰিচালিত এক ৱেব অনুসন্ধান ইঞ্জিন (ৱেব চাৰ্চ ইঞ্জিন)। মাইক্ৰছফ্ট বিংৰ উৎস হৈছে MSN সন্ধান, উইণ্ডোজ লাইভ সন্ধান আৰু পিছত লাইভ সন্ধান। বিং ৱেবে, ভিডিঅ', ছবি আৰু মেপ সন্ধান সামগ্ৰীসহ বিভিন্ন সন্ধান সেৱা প্ৰদান কৰে। ইয়াক ASP.NET ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছে।
মাইক্ৰছফ্ট বিং | |
---|---|
soft2i | |
ইউ আৰ এল | www |
বাণিজ্যক | হয় |
প্ৰকাৰ | ৱেব অনুসন্ধান ইঞ্জিন |
পঞ্জীয়ন | ঐচ্ছিক (মাইক্ৰছফ্ট একাউণ্ট) |
ভাষা | ৪০টা ভাষা es-us |
স্বত্বাধিকাৰী | মাইক্ৰছফ্ট |
সৃষ্টিকৰ্তা | মাইক্ৰছফ্ট |
মুকলি | ৩ জুন ২০০৯; ১৪ বছৰ আগত (2009-06-03) |
ৰাজহ | মাইক্ৰছফ্ট এডভাৰটাইজিং |
বৰ্তমান স্থিতি | সক্ৰিয় |
লাইভ ছাৰ্চৰ পৰিবৰ্তে মাইক্ৰছফ্টৰ বিং, ২০০৯ চনৰ ১৮ মে' তাৰিখে মাইক্ৰছফ্টৰ চি ই ও ষ্টীভ বলমেৰে কেলিফৰ্ণিয়াৰ ছেন ডিয়েগোত অনুষ্ঠিত হোৱা All Things Digital নামৰ সন্মিলনত প্ৰতিষ্ঠাপন কৰে।[1] ৩ জুন, ২০০৯ তাৰিখে ইয়াৰ উন্মোচন কৰা হয়। উল্লেখযোগ্য নতুন বৈশিষ্ট্যবোৰৰ ভিতৰত আছিল প্ৰবিষ্ট কৰোঁতে সন্ধান পৰামৰ্শৰ তালিকা,আৰু পাৱাৰছেট শব্দকোষ প্ৰযুক্তিৰ ওপৰত আধাৰিত সন্ধানৰ তালিকা (যাক "এক্সপ্ল'ৰাৰ ব্লেড" বুলি জনা যায়), যাক মাইক্ৰছফ্টে 2008 চনত অধিগ্ৰহণ কৰিছিল।[2][3]
জুলাই ২০০৯-ত, মাইক্ৰছফ্ট আৰু য়াহু!-এ এটা চুক্তি ঘোষণা কৰে য'ত বিং-এ য়াহু! সন্ধানক শক্তি প্ৰদান কৰিব।[4] সকলো য়াহু! ব্যৱহাৰ কৰা বিশ্বব্যাপী গ্ৰাহক আৰু সহযোগীসকলে ২০১২ চনৰ আৰম্ভণিৰ ভিতৰত এই নতুন পৰিৱৰ্তনটোত সন্নিবিষ্ট হʼল।[5] চুক্তিখন ২০১৫ চনত সলনি কৰা হৈছিল, যাৰ ফলত য়াহু! কেৱল "বেছিভাগ" সন্ধানহে Bing ব্যৱহাৰ কৰি কৰিব পৰা হʼল।[6]
২০১১ চনৰ অক্টোবৰ মাহত, মাইক্ৰ'ছফ্টে কৈছিল যে তেওঁলোকে ব্যৱহাৰকৰ্তাৰ বাবে দ্ৰুত আৰু সামান্য অধিক প্ৰাসঙ্গিক সন্ধান ফলাফল প্ৰদান কৰাৰ লক্ষ্যৰে নতুন বেক-এণ্ড সন্ধান আন্তঃগাঁথনিৰ ওপৰত কাম কৰি আছে। "টাইগাৰ" নামেৰে খ্যাত, এই নতুন সূচী পৰিবেশন প্ৰযুক্তি সেই বছৰৰ আগষ্টৰ পৰা বিশ্বব্যাপী বিঙত অন্তৰ্ভুক্ত কৰা হৈছিল।[7] মে' ২০১২-ত, মাইক্ৰছফ্টে ইয়াৰ চাৰ্চ ইঞ্জিনৰ আন এটা নকশাৰ ঘোষণা কৰে য'ত "চাইডবাৰ" অন্তৰভুক্ত কৰা হয়। ই এক সামাজিক সুবিধা যি সন্ধান প্ৰশ্নৰ সৈতে প্ৰাসঙ্গিক তথ্যৰ বাবে ব্যৱহাৰকৰ্তাৰ সামাজিক নেটৱৰ্ক সন্ধান কৰে।[8]
বিটফানেল অনুসন্ধান ইঞ্জিন সূচীকৰণ (BitFunnel search engine indexing) চাৰ্চ ইঞ্জিনৰ বিভিন্ন উপাদান ২০১৬ চনত মাইক্ৰছফ্টে জনসাধাৰণৰ বাবে মুক্ত উৎস (open source) কৰিছিল।[9][10] অক্টোবৰ ২০১৮ লৈকে, বিং বিশ্বব্যাপী তৃতীয় সৰ্ববৃহৎ চাৰ্চ ইঞ্জিন (৪.৫৮%), গুগলৰ (৭৭%) আৰু বায়ডুৰ (১৪.৪৫%) পিছতেই। য়াহু! সন্ধান (২.৬৩%), যি বিংৰ মুখ্য ক্ষমতা আছিল চতুৰ্থ শাৰিত থিয় দিয়ে।[11]