From Wikipedia, the free encyclopedia
মাউণ্ট কিলিমাঞ্জাৰ (ইংৰাজী: Kilimanjaro), টাঞ্জানিয়াৰ কিলিমাঞ্জাৰ' ৰাষ্ট্ৰীয় উদ্যানত অৱস্থিত এটা সুপ্ত আগ্নেয়গিৰি (volcanic mountain)৷ ইয়াৰ তিনিটা মূখ্য গিৰিশৃংগ আছে- কিব' (Kibo), মাৱেঞ্জি (Mawenzi), আৰু শ্বিৰা (Shira) ৷ ই আফ্ৰিকাৰ সৰ্ব্বোচ্চ পৰ্বত৷ ইয়াৰ কিব' শৃংগৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৫,৮৯৫ মিটাৰ৷[4]
মাউণ্ট কিলিমাঞ্জাৰ' (Kilimanjaro) | |
---|---|
মাউণ্ট কিলিমাঞ্জাৰ'ৰ কিব' (Kibo) গিৰিশৃঙ্গ | |
উচ্চতা | 5,895 m (19,341 ft)[1] |
Prominence | 5,885 m (19,308 ft)[2] Ranked 4th |
তালিকা | Seven Summits Volcanic Seven Summits Country highest point Ultra |
অৱস্থান | |
Tanzania | |
অৱস্থিতি | Kilimanjaro Region, Tanzania |
স্থানাংক | 03°04′33″S 37°21′12″E |
টপ' মেপ | Kilimanjaro map and guide by Wielochowski[3] |
ভূতত্ত্ব | |
প্ৰকাৰ | Stratovolcano |
শেহতীয়া উদ্গীৰণ | None in recorded history |
আৰোহন | |
প্ৰথম আৰোহনকাৰী | 1889 Hans Meyer Ludwig Purtscheller |
সহজতম পথ | Hike |
মাউণ্ট কিলিমাঞ্জাৰ'ৰ তিনিটা পৃথক আগ্নেয়গিৰি (volcanic cone) ৰে গঠিত৷ এইবোৰ হ'ল- কিব' 5,895 মিটাৰ (19,341 ফুট); মাৱেঞ্জি- 5,149 মিটাৰ (16,893 ফুট); আৰু শ্বিৰা- 3,962 মিটাৰ (13,000 ফুট). কিব' শৃংগৰ ওপৰত থকা উহুৰু (Uhuru) নামৰ শৃংগটো এই তিনিওটাৰ ভিতৰত সৰ্বোচ্চ৷
মাউণ্ট কিলিমাঞ্জাৰ' এটা সুবৃহৎ সংযুক্ত আগ্নেয়গিৰি (stratovolcano) ৷ ইয়াৰে দুটা শৃংগ অৰ্থাৎ মাৱেঞ্জি আৰু শ্বিৰাৰ আগ্নেয়গিৰি বৰ্তমান সম্পূৰ্ণ বিলুপ্ত (extinct) ৷ কিন্তু তৃতীয় আৱু সৰ্বোচ্চ শৃংগ কিব' বৰ্তমান সুপ্ত অৱস্থাত আছে আৰু ভবিষ্যতে পুনৰ জাগ্ৰত হৈ উঠিব পাৰে৷ ইয়াৰ শেহতীয়া উদগীৰণ প্ৰায় ১৫০,০০০-২০০,০০০ বছৰ পূৰ্বে হৈছিল বুলি জনা যায়৷[5]
যদিউ সুপ্ত, কিব' আগ্নেয়গিৰিৰ ফুমাৰ'ল বা সুৰুঙা (fumaroles) বোৰৰ পৰা বৰ্তমানেও বিভিন্ন গেছ নিঃসৰণ হয়৷ তাৰোপৰি অতীতত কিব'ৰ বিভিন্ন অংশত ভূমিস্খলন হোৱাৰো তথ্য পোৱা যায়৷
মশ্বি (Moshi) নামৰ চহৰৰ আশে পাশে মাউণ্ট কিলিমাঞ্জাৰ' ৰ উচ্চতা প্ৰায় 5,100 মিটাৰ (16,732 ফুট) ৷ কিব'ৰ টিঙত সমমিত ( symmetrical) এক শংকু (cone) ৰে আৱৰি আছে৷ এই শংকুৰ গঁড়াসমূহৰ (scarps) দক্ষিণ দিশত উচ্চতা ১৮০-২০০ মিটাৰ৷ এই গঁড়াসমূহে প্ৰায় ২.৫ কিলোমিটাৰ জুৰি এটা কেলডেৰা (caldera) সৃষ্টি কৰিছে৷ এই অঞ্চলৰ মাজত থকা গাঁতসদৃশ ক্ৰেটাৰ (crater) অঞ্চলটোক 'Reusch Crater' বুলি কোৱা হয়৷ ডক্তৰ ৰিচাৰ্ড ৰেউশ্বে ৬৫ বাৰ কৰা কিলিমাঞ্জাৰ'ৰ পৰ্বতাৰোহণৰ স্মৃতিতে টাঞ্জানিয়াৰ চৰকাৰে এই অঞ্চলৰ তেওঁৰ উপাধিৰে নামকৰণ কৰে৷[6][7] [8]
আফ্ৰটপিক অঞ্চলত অৱস্থিত এক স্কাই আইলেণ্ড (Afromontane sky island) হোৱাৰ বাবে কিলিমাঞ্জাৰ' জৈৱবৈচিত্ৰ্যত অত্যন্ত চহকী৷ ইয়াৰ জায়েণ্ট গ্ৰাউণ্ডচেল (giant groundsels) এবিধ endemic উদ্ভিদ৷ সাগৰ পৃষ্ঠৰ পৰা ৩০০০ মিটাৰ উচ্চতাত কিলিমাঞ্জাৰ'ৰ বনাঞ্চলৰ প্ৰকাৰ বৈচিত্ৰ্যপূৰ্ণ৷ এই অঞ্চলত প্ৰায় ১২০০বিধ vascular উদ্ভিদৰ প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰ ভিতৰত Montane Ocotea, Cassipourea, Juniperus আদি প্ৰধান৷ তাৰোপৰি ইয়াৰ ৮,১০০ উচ্চতাত Subalpine Erica বনাঞ্চল দেখা যায়৷
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.