মাটি কাঞ্চন

From Wikipedia, the free encyclopedia

মাটি কাঞ্চন
Remove ads

মাটি কাঞ্চন, বগা কাঞ্চন, মাটি কঁটৰা বা শ্বেত কাঞ্চন (ইংৰাজী: : Dwarf White Bauhinia, White Orchid-tree আৰু Snowy Orchid-tree) (বৈজ্ঞানিক নাম: Bauhinia acuminata) হৈছে Fabaceae পৰিয়ালৰ এবিধ গুল্মৰ প্ৰজাতি। ইয়াৰ বিস্তৃত খেতিৰ বাবে আদি নিবাস গম পোৱা নেযায় যদিও ই মালেছিয়া, ইন্দোনেছিয়া (জাভা, বোৰ্নিও, কালিমাণ্টান, লেছাৰ ছোন্দা দ্বীপ), আৰু ফিলিপাইনৰ পৰা আহিছে বুলি ভবা হয়।[1]

Stub icon এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।


ক্ষিপ্ৰ তথ্য মাটি কাঞ্চন Bauhinia acuminata, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
Remove ads

বিৱৰণ

মাটি কাঞ্চন ৩ মিটাৰ পৰ্যন্ত ওখ পৰ্ণপাতী উদ্ভিদ। পাত ১০-১৫ চেমি দীঘল আৰু ৭-১২ চেমি বহল। পাতৰ আগ দুভাগত বিভক্ত, মসৃণ, তলৰ শিৰা সামান্য ওলোৱা। বসন্তৰ শেষৰ পৰা শৰত পৰ্যন্ত ফুল হয়। পাতৰ কাষত এটা থোকাত কেইবাপাহো ফুল ফুলে, বগা, গন্ধহীন, ৫ চেমি বহল, পাহিৰ সংখ্যা পাঁচটা আৰু পাহী মুক্ত। ফল চিৰা, চিৰা চেপেটা, বিদাৰী আৰু ধুসৰ, কেইবাটাও বীজ থাকে।

চিত্ৰ সম্ভাৰ

Remove ads

তথ্য সংগ্ৰহ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads