From Wikipedia, the free encyclopedia
মাৰ্ক এলেন ৰাফেল’ (ইংৰাজী: Mark Alan Ruffalo; জন্ম: ২২ নৱেম্বৰ, ১৯৬৭) এজন আমেৰিকান অভিনেতা। ১৯৯০ চনৰ আৰম্ভণিতে তেওঁ অভিনয় জীৱন আৰম্ভ কৰে আৰু প্ৰথমে কেনেথ ল’নাৰ্গানৰ নাটক ডিছ ইজ আৱাৰ ইউথ (১৯৯৬) আৰু নাটকীয় ছবি ইউ কেন কাউণ্ট অন মিত (২০০০) অভিনয় কৰে। ইয়াৰ পিছত তেওঁ ৰোমাণ্টিক কমেডী ছবি ১৩ গ’ইং অন ৩০ (২০০৪), জাষ্ট লাইক হেভেন (২০০৫) আৰু থ্ৰিলাৰ ইন দ্য কাট (২০০৩), জোডিয়াক (২০০৭), আৰু শ্বাটাৰ আইলেণ্ডত (২০১০) অভিনয় কৰে। ২০১২ চনৰ পৰা “মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছ”ৰ অতিনায়ক ছলচ্চিত্ৰত ব্ৰুচ বেনাৰ / হাল্কৰ চৰিত্ৰত অভিনয় কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে।
মাৰ্ক ৰাফেল’ | |
---|---|
২০১৭ চনত ৰাফেল’ | |
জন্ম | মাৰ্ক এলেন ৰাফেল’ ২২ নৱেম্বৰ, ১৯৬৭ (৫৬ বছৰ) কেন’ছা, ৱিছকনছিন, আমেৰিকা যুক্তৰাষ্ট্ৰ |
পেচা | Page সাঁচ:Hlist/styles.css has no content.
|
সক্ৰিয় হৈ থকা সময় | ১৯৮৯–বৰ্তমান |
ৰাজনৈতিক দল | ডেমক্ৰেটিক |
দাম্পত্যসঙ্গী | ছানৰাইজ কইগনী (বি. ২০০০) |
সন্তান | ৩ |
স্বাক্ষৰ | |
কমেডী-নাটক দ্য কিডছ আৰ অল ৰাইটত (২০১০) এজন শুক্ৰাণু-দাতাৰ চৰিত্ৰ, জীৱনীমূলক চলচ্চিত্ৰ ফক্সকেচাৰত (২০১৪) ডেভ শ্বাল্টজ, স্পটলাইট নাটকত মাইকেল ৰেজেণ্ডেছ (২০১৫) , আৰু কল্পবিজ্ঞানৰ চলচ্চিত্ৰ পৌৰ থিংছত (২০২৩) এজন অশ্লীল উকীলৰ অভিনয় কৰি ৰাফেল’ৱে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ একাডেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰে। দূৰদৰ্শন নাটক ছবি দ্য নৰ্মেল হাৰ্টত (২০১৫) সমকামী কৰ্মীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ “শ্ৰেষ্ঠ অভিনেতাৰ স্ক্ৰীণ এক্টৰছ গিল্ড বঁটা” (Screen Actors Guild Award for Best Actor) আৰু মিনিচিৰিজ আই ন' ডিছ মাচ ইজ ট্ৰুত (২০২০) যমজ সন্তানৰ দ্বৈত চৰিত্ৰত অভিনয় কৰাৰ বাবে “প্ৰাইমটাইম এমি এৱাৰ্ড ফৰ আউটষ্টেণ্ডিং লিড এক্টৰ” (Primetime Emmy Award for Outstanding Lead Actor) লাভ কৰে।
১৯৬৭ চনৰ ২২ নৱেম্বৰত ৱিছকনছিনৰ কেন’ছাত মাৰ্ক এলেন ৰাফেল’ৰ জন্ম হৈছিল। তেওঁৰ মাতৃৰ নাম মেৰী ৰ’জ আৰু তেওঁৰ পিতৃৰ নাম ফ্ৰেংক লৰেন্স ৰাফেল’ জুনিয়ৰ আছিল। তেওঁৰ পিতৃ এজন নিৰ্মাণ চিত্ৰকৰ আছিল।[1][2] তেওঁৰ পিতৃ কেলাব্ৰিয়াৰ জিৰিফালকোৰ ইটালিয়ান বাহাই ধৰ্মী[3] আৰু মাতৃ ফৰাচী কানাডিয়ান আৰু ইটালিয়ান খ্ৰীষ্টান আছিল।[4][5][6][7]
ৰাফেল’ৱে কেথলিক আৰু প্ৰগতিশীল দুয়ো প্ৰকাৰৰ বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰিছিল। ৰাফেল’ৱে নিজকে "সুখী ল'ৰা" বুলি বৰ্ণনা কৰিছে,[8] যদিও তেওঁ শিশু আৰু ডেকা বয়সত পঠনবিকাৰ আৰু মনোযোগ বিকাৰ গ্ৰস্থতাত ভুগিছিল।[9]
ৰাফেল’ৱে কিশোৰ কাল ভাৰ্জিনিয়া বিচত কটায়ছিল কাৰণ তেওঁৰ পিতৃ তাক কৰ্মৰত আছিল। তেওঁ ৱিছকনছিন আৰু ভাৰ্জিনিয়াৰ জুনিয়ৰ হাইস্কুল আৰু হাইস্কুলত মল্লযুঁজত অংশগ্ৰহণ কৰিছিল। ১৯৮৬ চনত ভাৰ্জিনিয়া বিচৰ ফাৰ্ষ্ট কলনিয়েল হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ৰাফেল’ৱে পেট্ৰিয়াট প্লেহাউছৰ হৈ অভিনয় কৰিছিল। তেওঁ পৰিয়ালৰ সৈতে কেলিফৰ্ণিয়াৰ ছান ডিয়েগোলৈ আৰু পিছলৈ লছ এঞ্জেলছলৈ যায় আৰু ষ্টেলা এডলাৰ কনজাৰ্ভেটৰীত শিক্ষাগ্ৰহণ কৰে আৰু অৰ্ফিউছ থিয়েটাৰ কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক হয়।[1] থিয়েটাৰ কোম্পানীটোৰ বাবে তেওঁ কেইবাখনো নাটক লিখিছিল, পৰিচালনা কৰিছিল আৰু অভিনয় কৰিছিল। তেওঁ প্ৰায় এটা দশক বাৰটেণ্ডাৰ হিচাপেও কাম কৰিছিল।[10]
২০০০ চনত ৰাফেল’ৱে ছানৰাইজ কইগনীক বিয়া কৰায়।তেওঁলোকৰ তিনিটা সন্তান আছে।[11][12]
দ্য লাষ্ট কেছল ছবিখনৰ কাম সম্পূৰ্ণ কৰাৰ পিছত ৰাফেল’ৰ “ভেষ্টিবুলাৰ শ্বৱান’মা” (vestibular schwannoma) নামৰ এক প্ৰকাৰৰ মগজুৰ টিউমাৰ ধৰা পৰে যাক “এক’উষ্টিক নিউৰ’মা” (acoustic neuroma) বুলিও কোৱা হয়। টিউমাৰটো ক্ষতিকাৰক প্ৰকৃতিৰ নহয় নিৰ্ধাৰণ কৰা হয়; কিন্তু টিউমাৰটো আঁতৰাবলৈ কৰা অস্ত্ৰোপচাৰৰ ফলত তেওঁৰ মুখমণ্ডল আংশিক পক্ষাঘাতগ্ৰস্থ হয় আৰু তেওঁৰ শ্ৰৱণ ক্ষমতাত প্ৰভাৱ পৰে।[13] এবছৰৰ পিছত পক্ষাঘাত কমি গ'ল যদিও ৰাফেল’ বাওঁ কাণৰ বধিৰতা এতিয়াও ভাল নহ’ল।[14]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.