From Wikipedia, the free encyclopedia
মিলি ববি ব্ৰাউন (ইংৰাজী: Millie Bobby Brown; জন্ম: ১৯ ফেব্ৰুৱাৰী ২০০৪) হৈছে এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু মডেল।[1][2] মিলিয়ে নেটফ্লিক্সৰ বিজ্ঞান-কল্পকাহিনী ড্ৰামা-ছিৰিজ ষ্ট্ৰেঞ্জাৰ থিংছ (২০১৬–বৰ্তমান)ত এলেভেন চৰিত্ৰটো ৰূপায়ণ কৰি স্বীকৃতি লাভ কৰে। এই অভিনয়ৰ বাবে অভিনেত্ৰীগৰাকীয়ে অসামান্য সহযোগী অভিনেত্ৰী-ড্ৰামা ছিৰিজ শিতানত দুটাকৈ প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰে; আৰু ড্ৰামা ছিৰিজত অসাধাৰণ অভিনয়-প্ৰদৰ্শন কৰা মহিলাৰ শিতানত দুটাকৈ স্ক্ৰীন গীল্ড বঁটাৰ মনোনয়নৰ গৰাকী হয়। উক্ত মনোনয়ন লাভ কৰা তেঁৱেই হৈছে কনিষ্ঠতম অভিনেত্ৰী। [3] ২০১৮ চনত ব্ৰাউনক টাইমে যুগুতোৱা বিশ্বৰ প্ৰভাৱশালী ১০০ লোকৰ তালিকাত অন্তৰ্ভুক্ত কৰে।[4] ২০১৮ বৰ্ষতে মিলিক ইউনিচেফৰ সদিচ্ছা ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়। এই পদৰ বাবে নিৰ্বাচিত হোৱা তেঁৱেই কনিষ্ঠতম ব্যক্তি।[5]
মিলি ববি ব্ৰাউন Millie Bobby Brown | |
---|---|
২০১৮ চনত ব্ৰাউন (ছেন ডিয়েগো কমিক-কন)) | |
জন্ম | ১৯ ফেব্ৰুৱাৰী, ২০০৪ (২০ বছৰ) মাৰবেলা, স্পেইন |
ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ২০১৩–বৰ্তমানলৈকে |
মিলি ববি ব্ৰাউনে গডজিলা: কিং অৱ দ্য মনষ্টাৰছ (২০১৯)ত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। একেটা চৰিত্ৰতে তেওঁক গডজিলা বনাম কং (২০২১)তো দেখা যায়। নেটফ্লিক্সৰ ৰহস্যধৰ্মী ছবি এন’লা হোমছ (২০২০)তো মিলিয়ে অভিনয় কৰিছিল। ছবিখনৰ প্ৰযোজনাৰ দিশটোও তেওঁ চম্ভালিছিল।
ব্ৰাউনৰ জন্ম হৈছিল [6]২০০৪ চনৰ ১৯ ফেব্ৰুৱাৰীত স্পেইনৰ মাৰ্বেলাত [7] ইংৰাজ পিতৃ-মাতৃ কেলি আৰু ৰবাৰ্ট ব্ৰাউনৰ চাৰিটা সন্তানৰ ভিতৰত মিলি তৃতীয়গৰাকী।[8] জন্মতে মিলিৰ এখন কাণৰ আংশিক শ্ৰৱণ ক্ষমতা হেৰাইছিল, আৰু পৰৱৰ্তী সময়ত তেওঁ কাণৰ সম্পূৰ্ণ শ্ৰৱণ ক্ষমতা হেৰুৱাই পেলাইছিল।[8] চাৰি বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে ইংলেণ্ডলৈ উভতি যায় আৰু বোৰ্ণমাউথত থাকে। আঠ বছৰ বয়সত তেওঁলোকৰ পৰিয়ালটো ফ্ল'ৰিডাৰ অৰলেণ্ডোলৈ গুচি যায়।[9]
ৱান্স আপন এ টাইমৰ স্পিন অফ ড্ৰামা ছিৰিজ (এবিচি ফেণ্টাচিৰ) ৱান্স আপন এ টাইম ইন ৱণ্ডাৰলেণ্ডত অতিথি শিল্পী হিচাপে অভিনয়ৰ জগতত মিলিয়ে আত্মপ্ৰকাশ কৰে। তেওঁ কিশোৰী এলিচৰ চৰিত্ৰটি ৰূপায়ণ কৰে। ২০১৪ চনত তেওঁ বিবিচি আমেৰিকাৰ পেৰানৰ্মেল ড্ৰামা-থ্ৰিলাৰ ছিৰিজ ইনট্ৰুডাৰ্ছ এছ মেডিচন অ'ডনেলৰ চৰিত্ৰত অভিনয় কৰিছিল।[10] তেওঁ চিবিএছৰ আৰক্ষীৰ প্ৰক্ৰিয়াগত ড্ৰামা এনচিআইএছ, এবিচিৰ চিটকম মডাৰ্ণ ফেমিলি আৰু এবিচিৰ চিকিৎসা ড্ৰামা ছিৰিজ গ্ৰেজ এনাটমীত অতিথি শিল্পী হিচাপে অভিনয় কৰে।[11][12]
২০১৬ চনত ব্ৰাউনক নেটফ্লিক্সৰ কল্পবিজ্ঞান হৰৰ ছিৰিজ ষ্ট্ৰেঞ্জাৰ থিংছত এলেভেনৰ চৰিত্ৰত অভিনয় কৰিবলৈ নিৰ্বাচিত কৰা হয়।[13] বিশেষ চৰিত্ৰটিত অভিনয়ৰ জৰিয়তে তেওঁ সমালোচকৰ প্ৰশংসা লাভ কৰে[14] লগতে ড্ৰামা ছিৰিজত এগৰাকী মহিলা অভিনেত্ৰীৰ দ্বাৰা অসাধাৰণ অভিনয়ৰ শিতানত স্ক্ৰীণ এক্টৰছ গিল্ড বঁটা আৰু ড্ৰামা-ছিৰিজত অসাধাৰণ সহযোগী অভিনেত্ৰীৰ বাবে প্ৰাইমটাইম এমি বঁটাৰ বাবে মনোনীত হয়। ইয়াৰ পিছত তেওঁ সহ অভিনেতাসকলৰ সৈতে এন্সেম্বল ইন এ ড্ৰামা ছিৰিজৰ অসাধাৰণ অভিনয়ৰ বাবে স্ক্ৰীণ এক্টাৰ্ছ গিল্ড বঁটা লাভ কৰে[15] আৰু টেলিভিছন ছিৰিজত এগৰাকী কনিষ্ঠ অভিনেতাৰ শ্ৰেষ্ঠ অভিনয়ৰ বাবে ৪৩ সংখ্যক চেটাৰ্ণ বঁটা লাভ কৰে।[16] ষ্ট্ৰেঞ্জাৰ থিংছৰ দ্বিতীয় ছিজনত এলেভেনৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ ২০১৮ চনত স্ক্ৰীণ এক্টাৰ্ছ গিল্ড বঁটা আৰু প্ৰাইমটাইম এমি বঁটাৰ বাবে দ্বিতীয়বাৰৰ বাবে মনোনয়ন লাভ কৰে।[17]
২০১৬ চনৰ নৱেম্বৰ মাহত ব্ৰাউনে চিগমা আৰু বাৰ্ডিৰ একক গীত "ফাইণ্ড মি"ৰ মিউজিক ভিডিঅ'ত অভিনয় কৰে। ২০১৬ চনৰ নৱেম্বৰৰ পৰা তেওঁ চিটিগ্ৰুপৰ বাণিজ্যিক বিজ্ঞাপনত দেখা দিয়ে।[19] ২০১৭ চনৰ জানুৱাৰী মাহত তেওঁ কেলভিন ক্লেইনৰ "বাই এপইণ্টমেণ্ট" অভিযানত মডেলিঙৰ আত্মপ্ৰকাশ কৰে।[20] পিছৰ মাহত তেওঁক আইএমজি মডেলছ নামৰ সংস্থাটোৰ সৈতে চুক্তিবদ্ধ কৰা হয়।[21] ২০১৮ চনৰ গ্ৰীষ্মকালত ইটালীৰ ব্ৰেণ্ড মনক্লাৰৰ প্ৰচাৰ অভিযানত ব্ৰাউনে অভিনয় কৰিছিল।[18]
২০১৮ চনৰ জানুৱাৰী মাহত ব্ৰাউনক দ্য এন'লা হোমছ মিষ্ট্ৰীজৰ চলচ্চিত্ৰ অভিযোজনাত অভিনয় আৰু প্ৰযোজনা কৰিবলৈ নিৰ্বাচিত কৰা হয়।[19] ডেৰেন এৰ'নফস্কিৰ ভাৰ্চুৱেল ৰিয়েলিটি অভিজ্ঞতা স্ফিয়াৰছ: ছংছ অৱ স্পেচটাইমত কণ্ঠদান কৰিবলৈও তেওঁক নিৰ্বাচিত কৰা হৈছিল।[20] ২০১৮ চনৰ ২০ এপ্ৰিলত টাইম আলোচনীয়ে বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম হিচাপে মিলিক নিৰ্বাচিত কৰে আৰু এই তালিকাত অন্তৰ্ভুক্ত হোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে মিলি পৰিগণিত হয়।[21][22]ইয়াৰ উপৰি টাইম আলোচনীয়ে তেওঁক ২০১৭ আৰু ২০১৮ চনৰ অন্যতম প্ৰভাৱশালী কিশোৰী হিচাপে নিৰ্বাচিত কৰে।[23] ২০১৮ চনৰ ২০ নৱেম্বৰত ঘোষণা কৰা হয় যে তেওঁ ইউনিচেফৰ সদিচ্ছা ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি পোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হৈছে। .[24] ২০১৮ চনৰ নৱেম্বৰ মাহত ইএ গেমছে ঘোষণা কৰে যে ব্ৰাউনে দ্য চিমছ ৪ প্ৰগ্ৰেমাৰৰ সৈতে সহযোগিতা কৰি চিমছ ৪ পজিটিভিটি চেলেঞ্জত অংশগ্ৰহণ কৰে।[25] ২০১৮ চনত দ্য হলিউড ৰিপ'ৰ্টাৰে ব্ৰাউনক আঠাইশ বছৰৰ তলৰ হলিউডৰ শীৰ্ষ ত্ৰিশগৰাকী তাৰকাৰ ভিতৰত স্থান দিয়ে।[26]
ব্ৰাউনে ২০১৯ চনত মুক্তিপ্ৰাপ্ত গডজিলা: কিং অৱ দ্য মনষ্টাৰছ ছবিৰ জৰিয়তে মূলসুঁতিৰ হলিউডৰ ছবিত আত্মপ্ৰকাশ কৰে।[27]পৰৱৰ্তী ছিকুৱেল গডজিলা বনাম কং (২০২১)তো তেওঁ পুনৰ অভিনয় কৰে।[28] ২০১৯ চনৰ মাৰ্চ মাহত তেওঁ ইউএফএৰ টুগেদাৰ #WePlayStrong অভিযানৰ ৰাষ্ট্ৰদূত হয়।[29] সেই মাহতে ঘোষণা কৰা হৈছিল যে ব্ৰাউনে আলী বেঞ্জামিনৰ দ্য থিং এবাউট জেলিফিছৰ চলচ্চিত্ৰ অভিযোজনত চুজিৰ চৰিত্ৰত অভিনয় কৰিব।[30] ২০১৯ চনত ব্ৰাউনে নিজৰ বিউটি প্ৰডাক্ট লাইন ফ্ল’ৰেন্স বাই মিলছ মুকলি কৰে। ইয়াক ব্ৰিটেইনৰ ফাৰ্মাচী বুটছত উপলব্ধ,[31][32][33] আৰু শেহতীয়াকৈ কানাডাত শ্বপাৰ্ছ ড্ৰাগ মাৰ্টৰ জৰিয়তে উপলব্ধ কৰা হৈছে।[34]
২০২০ চনৰ ২৮ জুলাইত ঘোষণা কৰা হয় যে তেওঁ তেওঁৰ পিচিএমএ প্ৰডাকচনৰ জৰিয়তে টেছ শ্বাৰপৰ একে নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মিত দ্য গাৰ্লছ আই হেভ বিন নামৰ এখন ছাচপেন্সধৰ্মী ছবিত অভিনয়ৰ লগতে প্ৰযোজনা কৰিব।[35] ডেন মেজ'ৰ চিত্ৰনাট্যৰ ওপৰত আধাৰিত স্পেনিছ চলচ্চিত্ৰ নিৰ্মাতা জুয়ান কাৰ্লোছ ফ্ৰেছনাডিলোৰ পৰিচালনাত ব্ৰাউনে নেটফ্লিক্সৰ বাবে ডেমচেল নামৰ ফেণ্টাচি ছবিখনো অভিনয় কৰিব আৰু কাৰ্যবাহী প্ৰযোজকৰ ভূমিকা পালন কৰিব।[36] ২০২০ চনৰ ডিচেম্বৰ মাহত ঘোষণা কৰা হৈছিল যে ৰুছ' ভাতৃদ্বয়ে চাইমন ষ্টেলেনহাগৰ গ্ৰাফিক উপন্যাস দ্য ইলেক্ট্ৰিক ষ্টেট ফৰ ইউনিভাৰ্চেল পিকচাৰ্ছৰ অভিযোজনা পৰিচালনা কৰিব য'ত ব্ৰাউনে মুখ্য চৰিত্ৰত অভিনয় কৰিব।[37] সেই ডিচেম্বৰ মাহত ৰিপৰ্ট কৰা হৈছিল যে নেটফ্লিক্সে তাইক একাধিক প্ৰজেক্ট অন্তৰ্ভুক্ত কৰা এটা ফাৰ্ষ্ট লুক চুক্তি আগবঢ়াইছিল।[38] ২০২১ চনৰ ১৩ মে'ত ঘোষণা কৰা হয় যে তেওঁ এন'লা হোমছ ২ৰ ছিকুৱেলত ইনোলা হোমছৰ চৰিত্ৰত পুনৰ অভিনয় কৰিব।[39]
ব্ৰাউনে আমেৰিকান গায়ক জেকব ছাৰ্টৰিয়াছৰ সৈতে সাত মাহ ধৰি ৰোমাণ্টিক সম্পৰ্ক বৰ্তাই ৰাখি ২০১৮ চনৰ জুলাই মাহত বিচ্ছেদ ঘটায়।[40][41] ২০২১ চনলৈকে তেওঁ ৰক ষ্টাৰজন বন জোভিৰ পুত্ৰ অভিনেতা জেক বংগিঅ'ভিৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল।[42] ষ্ট্ৰেঞ্জাৰ থিংছত অভিনয় কৰাৰ পিছৰে পৰা মিলিয়ে তেওঁৰ সতীৰ্থ সহ অভিনেতা নোৱাহ শ্নেপ্পৰ সৈতে গাঢ় বন্ধুত্ব বৰ্তাই ৰাখিছে।
বৰ্ষ | সংস্থা | শিতান | কৰ্ম | ফলাফল | তথ্যসূত্ৰ |
---|---|---|---|---|---|
২০১৭ |
Primetime Emmy Awards | Outstanding Supporting Actress in a Drama Series | ষ্ট্ৰেঞ্জাৰ থিংছ | মনোনীত | [43] |
Screen Actors Guild Awards | Outstanding Performance by a Female Actor in a Drama Series | মনোনীত | [44] | ||
Outstanding Performance by an Ensemble in a Drama Series | বিজয়ী | ||||
২০১৮ |
Primetime Emmy Awards | Outstanding Supporting Actress in a Drama Series | মনোনীত | [45] | |
Screen Actors Guild Awards | Outstanding Performance by a Female Actor in a Drama Series | মনোনীত | [46] | ||
Outstanding Performance by an Ensemble in a Drama Series | মনোনীত | ||||
২০২০ |
Screen Actors Guild Awards | Outstanding Performance by an Ensemble in a Drama Series | মনোনীত | [47] |
বৰ্ষ | সংস্থা | শিতান | কৰ্ম | ফলাফল | তথ্যসূত্ৰ |
---|---|---|---|---|---|
২০১৭ |
NME Awards | বৰ্ষটোৰ নায়ক | মনোনীত | [48] | |
Fangoria Chainsaw Awards | Best TV Actress | ষ্ট্ৰেঞ্জাৰ থিংছ | বিজয়ী | [49] | |
Gold Derby | Drama Supporting Actress | মনোনীত | [50] | ||
Breakthrough Performer of the Year | বিজয়ী | ||||
IGN People's Choice Award | Best Dramatic TV Performance | বিজয়ী | [51] | ||
MTV Movie & TV Awards | Best Performance in a Show | বিজয়ী | [52] | ||
Best Hero | মনোনীত | [52] | |||
Online Film & Television Association | Best Supporting Actress in a Drama Series | মনোনীত | [53] | ||
People's Choice Awards | Favorite Sci-Fi/Fantasy TV Actress | মনোনীত | [54] | ||
Saturn Awards | Best Younger Actor in a Television Series | বিজয়ী | [16] | ||
Teen Choice Awards | Choice Breakout TV Star | মনোনীত | [55] | ||
Young Artist Awards | Best Performance in a Digital TV Series or Film – Young Actress | মনোনীত | [56] | ||
২০১৮ |
Empire Awards | Best Actress in a TV Series | মনোনীত | [57] | |
Gold Derby | Best Drama Supporting Actress | মনোনীত | [58] | ||
Kids' Choice Awards | Favorite TV Actress | বিজয়ী | [59] | ||
MTV Movie & TV Awards | Best Performance in a Show | বিজয়ী | [60] | ||
Best Kiss (with Finn Wolfhard) | মনোনীত | ||||
Online Film & Television Association | Best Supporting Actress in a Drama Series | মনোনীত | [61] | ||
Saturn Awards | Best Younger Actor in a Television Series | মনোনীত | [62] | ||
Teen Choice Awards | Choice Sci-Fi/Fantasy TV Actress | বিজয়ী | [63] | ||
Choice TV Ship (with Finn Wolfhard) | মনোনীত | [64] | |||
২০১৯ |
Kids' Choice Awards | Favorite TV Actress | মনোনীত | [65] | |
Teen Choice Awards | Choice Summer TV Star: Female | বিজয়ী | [66] | ||
Saturn Awards | Best Performance by a Younger Actor | গডজিলা: কিং অৱ মনষ্টাৰছ্ | মনোনীত | [67][68] | |
2020 |
Kids' Choice Awards | Favorite Female TV Star | ষ্ট্ৰেঞ্জাৰ থিংছ | বিজয়ী | |
২০২১ |
Kids' Choice Awards | বিজয়ী | [69] | ||
Favorite Movie Actress | এনোলা হোমছ | বিজয়ী | |||
Las Vegas Film Critics Society | Youth in Film - Female | বিজয়ী | [70] | ||
London Film Critics' Circle | Young British/Irish Performer of the Year | মনোনীত | [71] | ||
Online Film & Television Association | Best Youth Performance | মনোনীত | [72] | ||
Seattle Film Critics Society | Best Youth Performance | মনোনীত | [73] | ||
Washington D.C. Area Film Critics Association | Best Youth Performance | মনোনীত | [74] |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.