মুনীন বৰকটকী বঁটা
সাহিত্য বঁটা / From Wikipedia, the free encyclopedia
প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ লেখক-লেখিকাৰ অসমীয়া ভাষা আৰু সাহিত্যলৈ বিশেষ অৱদান বুলি পৰিগণিত হোৱা সৃষ্টিধৰ্মী বা সমালোচনামূলক গ্ৰন্থ/পাণ্ডুলিপিৰ বাবে প্ৰতি বছৰে মুনীন বৰকটকী বঁটা প্ৰদান কৰা হয়৷ চল্লিশ বছৰ বা তাৰ তলৰ লেখক-লেখিকাকহে এই বঁটাৰ বাবে যোগ্য বুলি ধৰা হয়৷ মুনীন বৰকটকী স্মাৰক ন্যাসৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে নগদ ৫০,০০০ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি-পত্ৰ৷[1]