মূকাভিনয়
From Wikipedia, the free encyclopedia
মূকাভিনয়ৰ অৰ্থ হৈছে মুখৰে শব্দ উচ্চাৰণ নকৰাকৈ বা সংলাপ নোকোৱাকৈ মনৰ ভাব প্ৰকাশ কৰা। নাট্যশিল্পৰ এক বিশেষ দিশ হৈছে এই মূকাভিনয়। এই পদ্ধতিৰ জৰিয়তে কোনো অভিনেতাই কোনো সংলাপ ব্যৱহাৰ নকৰাকৈ কেৱল দেহ ভঙ্গিমা আৰু মুখৰ অভিব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰি অভিনয় কৰে। যি কোনো অভিনেতায়ে কিছু পৰিমানে মূকাভিনয় কৰিব লগা হয়, তেওঁলোকৰ অঙ্গীভঙ্গীৰ সহায়ত। আনকথাত মূকাভিনয় থিয়েটাৰৰ ৰস বিতৰণৰ এক মাধ্যম। মুকাভিনয়ক এটা স্বতন্ত্ৰ প্ৰদৰ্শন কলা হিচাপেও ব্যৱহাৰ কৰা হয়। ইয়াৰ আৱিৰ্ভাৱ হৈছিল প্ৰাচীন গ্ৰীছত। জাক্ছ লেককে তেওঁৰ প্ৰশিক্ষণ পদ্ধতিৰে আধুনিক যুগত মুকাভিনয়ৰ বিকাশত প্ৰভূত বৰঙণি যোগাইছিল।[1]