মেলিণ্ডা গেট্ছ
From Wikipedia, the free encyclopedia
মেলিণ্ডা আন গেট্ছ (বিবাহৰ পূৰ্বে ফ্ৰেন্স; ১৫ আগষ্ট, ১৯৬৪; ইংৰাজী: Melinda Ann Gates)[1] হৈছে এগৰাকী আমেৰিকান সমাজহিতৈষী আৰু মাইক্ৰছ'ফ্টৰ ভূতপূৰ্ব মহাপ্ৰবন্ধক।[2] ২০০০ চনত, পতি বিল গেট্ছৰ লগলাগি মেলিণ্ডাই বিল এণ্ড মেলিণ্ডা গেট্ছ ফাউণ্ডেছনৰ সহ-প্ৰতিষ্ঠা কৰে; যিটো ২০১৫ চনলৈকে পৃথিৱীৰ সৰ্ববৃহৎ ব্যক্তিগত লোকহিতৈষী সংস্থা হিচাপে পৰিগণিত হৈছিল।[3] ফৰ্বছ আলোচনীয়ে মেলিণ্ডাক ক্ৰমাগতভাৱে পৃথিৱীৰ এগৰাকী শক্তিশালী মহিলা হিচাপে তালিকাভুক্ত কৰি আহিছে।[4]
ক্ষিপ্ৰ তথ্য মেলিণ্ডা গেট্ছ DBE, জন্ম ...
মেলিণ্ডা গেট্ছ DBE | |
---|---|
জন্ম | মেলিণ্ডা এন ফ্ৰেন্স ১৫ আগষ্ট, ১৯৬৪ (৫৯ বছৰ) ডালাছ, টেক্সাছ, আমেৰিকা |
বাসগৃহ | মেডিনা, ৱাশ্বিংটন, আমেৰিকা |
ৰাষ্ট্ৰীয়তা | আমেৰিকান |
শিক্ষা | ডিউক বিশ্ববিদ্যালয়,(কলাৰ স্নাতক আৰু এমবিএ) |
পেচা | বিল এণ্ড মেলিণ্ডা গেট্ছ ফাউণ্ডেছনৰ সহ-প্ৰতিষ্ঠাতা আৰু সহ-অধ্যক্ষ |
দাম্পত্যসঙ্গী | বিল গেট্ছ (বি. ১৯৯৪) |
সন্তান | ৩ |
ৱেবছাইট | |
Profile |
বন্ধ কৰক