যলযলা জাযীৰা পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ। এই দ্বীপটো ২০১৩ চনৰ ২৪ ছেপ্টেম্বৰত পাকিস্তানত সংঘটিত ভূমিকম্পৰ পিছত সৃষ্টি হয়।

ক্ষিপ্ৰ তথ্য ভৌগোলিক, ভৌগোলিক স্থানাংক ...
যলযলা জাযীৰা
Thumb
Lua error in Module:Location_map at line 411: Malformed coordinates value.
ভৌগোলিক
ভৌগোলিক স্থানাংক 25.182778°N 62.271111°E / 25.182778; 62.271111[1]
মুঠ দ্বীপৰ সংখ্যা এক
সৰ্বোচ্চ উচ্চতা 12 m (39 ft)
ৰাষ্ট্ৰ
পাকিস্তান
বেলুচিস্তান
জনগাঁথনি
জনসংখ্যা 0
অতিৰিক্ত তথ্য
২৪ ছেপ্টেম্বৰ ২০১৩ ত প্ৰথম আৱিৰ্ভাৱ
বন্ধ কৰক

গঠন

যলযলা জাযীৰা আগ্নেয়গিৰিৰ গেদীয় বোকা(ইংৰাজী:mud volcano)ৰ পৰা গঠিত হৈছে বুলি ভবা হৈছে।[2] এই দ্বীপটো পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ গাডাৰৰ তীৰৱৰ্তী আৰৱ সাগৰত অৱস্থিত। এই দ্বীপটো ২০১৩ চনৰ ২৪ ছেপ্টেম্বৰত পাকিস্তানত সংঘটিত ৭.৭ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ ভূমিকম্পৰ ফলস্বৰূপে পানীৰ তলৰ পৰা ওলাই আহে। এই দ্বীপসদৃশ অঞ্চলটো অৱশ্যে অস্থায়ী গঠনো হ'ব পাৰে, যিটো বেছি দিন বৰ্তি থকাৰ সম্ভাৱনা কম। [3]

পাকিস্তানৰ National Institute of Oceanography-ৰ আলি ৰছিদ তাব্ৰিজৰ ভাষ্য অনুসৰি এই দ্বীপটো সাগৰ পৃষ্ঠত মিথেন গেছৰ নিৰ্গমণৰ ফলস্বৰূপে ওপৰলৈ উঠি আহিছে। ড॰ তাব্ৰিজে কোৱা মতে “Such islands have appeared in the past...and this new island will also not stay there for long”[4]

অৱস্থান

এই দ্বীপটো পাকিস্থানৰ সাগৰৰ তীৰৱৰ্তী অঞ্চলৰ পৰা দৃশ্যমান। ইয়াক যলযলা জাযীৰা নাম দিয়া হৈছে, যাৰ অৰ্থ হৈছে, "কম্পন দ্বীপ"। এই দ্বীপটো সাগৰৰ পাৰৰ পৰা ৩৫০ ফুট(১১০ মিটাৰ)ৰ পৰা ১ মাইল(১.৬ কিল'মিটাৰ) দূৰত্বত গঠিত হৈছে। ইয়াৰ উচ্চতা ১০-৪০ ফুট (৬-১২ মিটাৰ) আৰু প্ৰস্থ প্ৰায় ১০০ ফুট(৩০ মিটাৰ)। অৱশ্যে এই সংখ্যাসমূহ এতিয়াও বিজ্ঞানসন্মত ভাৱে প্ৰত্যাপন কৰা হোৱা নাই। [5][6][7]

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.