যোগেশ্বৰ দত্ত
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
যোগেশ্বৰ দত্ত (ইংৰাজী: Yogeshwar Dutt) এজন ভাৰতীয় মল্লযোদ্ধা।[2] তেওঁ ২০১২ গ্ৰীষ্মকালীন অলিম্পিকত পুৰুষৰ ৬০ কেজি ফ্ৰীষ্টাইল মল্লযোদ্ধত একটি ব্ৰঞ্জ পদক জয় কৰিছিল।[3]
যোগেশ্বৰ দত্ত | |||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||||||||||||||||||||||||||||||||
উপনাম | যোগী, পাহুৱাল জী[1] | ||||||||||||||||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||||||||||||||||||||||||||||||||||||||||
জন্ম | ২ নৱেম্বৰ, ১৯৮২ (৪১ বছৰ) ভৈঁচৱাল কালান, চনিপত জিলা, হাৰিয়ানা | ||||||||||||||||||||||||||||||||||||||||||||||||
বাসগৃহ | হাৰিয়ানা | ||||||||||||||||||||||||||||||||||||||||||||||||
উচ্চতা | ৫ ফুট ৭ ইঞ্চি (১.৭০ মিটাৰ) | ||||||||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||||||||||||||||||||||||||||||||
দেশ | ভাৰত | ||||||||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | মল্লযোদ্ধ | ||||||||||||||||||||||||||||||||||||||||||||||||
দল | ভাৰত | ||||||||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
যোগেশ্বৰ দত্ত হাৰিয়ানাৰ চনিপত জিলাৰ বাসিন্দা। তেওঁৰ পিতৃ-মাতৃ শিক্ষকতা কৰে। আঠ বছৰ বয়সৰ পৰা তেওঁ মল্লযোদ্ধ অভ্যাস আৰম্ভ কৰিছিল। তেওঁৰ অনুপ্ৰেৰণা আছিল তেওঁৰ গাঁৱৰ বলৰাজ পাহুৱাল। পিছত তেওঁ প্ৰশিক্ষক ৰামফলৰ ওচৰত প্ৰশিক্ষণ লয়।
যোগেশ্বৰ ২০০৩ কমনৱেলথ মল্লযোদ্ধ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰে।[4]
২০০৪ এথেন্স গ্ৰীষ্মকালীন অলিম্পিকৰ পুৰুষৰ ফ্ৰীষ্টাইল ৫৫ কেজি মল্লযোদ্ধত অংশ গ্ৰহণ কৰি তেওঁ ১৮তম স্থান অধিকাৰ কৰে।
২০০৬ দোহা এছিয়ান গেমচত অংশ লোৱাৰ ন-দিন আগত যোগেশ্বৰৰ পিতৃবিয়োগ হয়।[5] এই প্ৰতিযোগিতাত আঁঠুত দুখ পায়ো ৬০ কেজি শাখাত তেওঁ ব্ৰঞ্জ পদক জয় কৰিব সক্ষম হয়।[6]
এইটো আছিল যোগেশ্বৰৰ দ্বিতীয় অলিম্পিক। তেওঁ ৬০ কেজি শাখাত অংশ লয়।[7] ২০০৮ জেজু চিটি এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰি তেওঁ এই অলিম্পিকত অংশ লোৱাৰ সুযোগ পায়। ২০০৮ গ্ৰীষ্মকালীন অলিম্পিকত যোগেশ্বৰে প্ৰথম ৰাউণ্ডত বিদায় লবলগীয়া হয়। তেওঁ তাত নবম স্থান পাইছিল।[8]
২০১০ দিল্লী কমনৱেলথ গেমচত যোগেশ্বৰ ভাৰতৰ হৈ স্বৰ্ণ পদক জয় কৰে।[9]
২০১২ গ্ৰীষ্মকালীন অলিম্পিকত যোগেশ্বৰ পুৰুষৰ ৬০ কেজি বিভাগত ব্ৰঞ্জ পদক পায়। তেওঁ উক্ত অলিম্পিকত পদকজয়ী পঞ্চম গৰাকী ভাৰতীয়।[10]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.