লুকা-ভাকু
শিশুৰ খেল / From Wikipedia, the free encyclopedia
লুকা-ভাকু (ইংৰাজী: Hide-and-seek) হৈছে এক জনপ্ৰিয় শিশুৰ খেল য’ত কমেও দুজন খেলুৱৈ (সাধাৰণতে কমেও তিনিজন) এক নিৰ্ধাৰিত পৰিৱেশত লুকাই থাকে, যাক এক বা তাতকৈ অধিক সন্ধানকাৰীয়ে বিচাৰিবলৈ যায়। খেলটো বাছনি কৰা এজন খেলুৱৈয়ে চকু বন্ধ কৰে আৰু এটা পূৰ্বনিৰ্ধাৰিত সংখ্যা গণনা কৰে। আনহাতে আন খেলুৱৈসকলে লুকাবলৈ যায়। এক নিৰ্দিষ্ট নম্বৰত উপনীত হোৱাৰ পিছত, লুকুৱাবলৈ যোৱা খেলৈসকল সাজু বা লুকুওৱা হোৱাৰ পিছত সন্ধানকাৰীয়ে খেলুৱৈবোৰক চিনাক্ত কৰিবলৈ চেষ্টা কৰে বা বিচাৰিবলৈ যায়।[1]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
বনাঞ্চলত লুকা-ভাকু খেলি থকা তিনিটা শিশুৰ ১৯শতিকাৰ চিত্ৰ (ফ্ৰাইডৰিখ এডুয়াৰ্ড মেয়াৰহেইম) | |
খেলুৱৈ সংখ্যা | ২+ |
---|---|
Age range | ৩+ |
Setup time | ৯০ চেকেণ্ড |
খেলৰ সময় | নিৰ্দিষ্ট সময়সীমা নাই |
খেলুৱৈক যাদৃচ্ছিক সুযোগ প্ৰদান | অতি ক্ষীণ |
প্ৰয়োজনীয় কৌশল(সমূহ) | দৌৰ, লক্ষ্য ৰখা, লুকুৱা, পৰ্যবেক্ষণ, মৌনতা |
খেলটো বহু ধৰণে শেষ বা সমাপ্ত হ'ব পাৰে। শেষ কৰাৰ সচৰাচৰ উপায়টো হৈছে সন্ধানকাৰী খেলৈসকলে লুকাই থকা খেলুৱৈক চিনাক্ত কৰা; প্ৰথমে বিচাৰি পোৱা খেলুৱৈজন হ’ল বিফল বা হাৰি যোৱা খেলৈ যিয়ে পৰৱৰ্তী খেলত লুকাই থকা খেলৈক বিচাৰিবলগীয়া হয়। অন্তিমত যাক বিচাৰি পোৱা যায়, সেই খেলুৱৈজনে এই খেলৰ বিজয়ী হয়। ঠাই বিশেষে এই খেলটোক বিভিন্ন ধৰণে খেলা দেখা যায়।