হিন্দু ধর্মৰ শাখাসম্প্ৰদায় / From Wikipedia, the free encyclopedia
শাক্তধৰ্ম (সংস্কৃতত: शाक्तं, Śāktaṃ; আক্ষৰিক অৰ্থ শক্তিবাদ) হিন্দু ধৰ্মৰ এটা শাখাসম্প্ৰদায়। হিন্দু দিব্য মাতৃকাশক্তি বা দেৱী পৰম আৰু সৰ্বোচ্চ ঈশ্বৰ – এই মতবাদৰ ওপৰত ভিত্তি কৰিয়েই শাক্তধৰ্মৰ উদ্ভৱ হৈছে। এই ধৰ্মমতাৱলম্বীসকলৰ মতে শাক্ত (সংস্কৃত: शक्त, Śakta) নামে অভিহিত কৰা হয়। হিন্দু ধৰ্মৰ প্ৰধান তিনিটা বিভাগৰ অন্যতম হৈছে শাক্তধৰ্ম। অন্য দুটা বিভাগ হ’ল বৈষ্ণৱ ধৰ্ম আৰু শৈৱ ধৰ্ম।
হিন্দু শাখাসম্প্ৰদায় দেশ অনুসাৰে হিন্দু ধৰ্ম পুৰাণ • হিন্দু পঞ্জিকা হিন্দু আইন • হিন্দু মূৰ্তিতত্ত্ব হিন্দু জাতীয়তাবাদ • হিন্দুত্ব তীৰ্থ অত্যাচাৰ • সমালোচনা শব্দকোষ