![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/c6/Shilpa_Rao.jpg/640px-Shilpa_Rao.jpg&w=640&q=50)
শিল্পা ৰাও
From Wikipedia, the free encyclopedia
শিল্পা ৰাও (ইংৰাজী: Shilpa Rao; জন্ম: অপেক্ষা ৰাও; ১১ এপ্ৰিল ১৯৮৪) জামছেদপুৰত জন্মগ্ৰহণ আৰু ডাঙৰ-দীঘল হোৱা এগৰাকী ভাৰতীয় গায়িকা। মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজৰ পৰা এপ্লাইড ষ্টেটিষ্টিকছত স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত তিনি বছৰ জিংগল গায়িকা হিচাপে কাম কৰে। কলেজীয়া দিনত সংগীত পৰিচালক মিথুনে তেওঁক আনোৱাৰৰ (২০০৭) ‘তোছে নেইনা’ গীতটো বাণীবদ্ধ কৰাৰ প্ৰস্তাৱ দিছিল আৰু এনেকৈয়ে বলীউডৰ সংগীত জগতত তেওঁ খোজ পেলায়। এই গীতটো ২০০৭ চনৰ অন্যতম জনপ্ৰিয় গীত হিচাপে পৰিগণিত হয়।
শিল্পা ৰাও | |
---|---|
![]() জব তক হ্যায় জানৰ প্ৰিমিয়াৰত ৰাও, ২০১২ | |
প্ৰাথমিক তথ্য | |
জন্মৰ নাম | অপেক্ষা ৰাও |
জন্ম | ১১ এপ্ৰিল, ১৯৮৪ (৪০ বছৰ) জামচেদপুৰ, বিহাৰ (বৰ্তমান বিহাৰত)[1] |
পেচা | নেপথ্য কণ্ঠশিল্পী |
বাদ্যযন্ত্ৰ | কণ্ঠ |
কাৰ্যকাল | ২০০৭-বৰ্তমানলৈ |
শিল্পাই দ্য ট্ৰেইনৰ (২০০৭) ‘ৱহ আজনাবি’ আৰু বছনা এ হাছিনোৰ (২০০৮) ‘খুদা জানে’ মুক্তিৰ লগে লগে সংগীতৰ ক্ষেত্ৰখনত এক বিশিষ্ট স্থান দখল কৰে। দ্বিতীয় গীতটোৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে। পিছৰ বছৰত ইলাইয়াৰাজাৰ সংগীত পৰিচালনাত পা (২০০৯) ছবিখনত তেওঁ ‘মুদি মুদি ইত্তেফাক ছে’ গীতটো পৰিবেশন কৰে, যাৰ বাবে তেওঁ একেটা শাখাতে দ্বিতীয়বাৰৰ বাবে ফিল্মফেয়াৰ মনোনয়ন পায়। ২০১২ চনত শিল্পাই য়শ চোপ্ৰাৰ জব তক হ্যায় জানৰ ‘ইছক্ ছাৱা’ শীৰ্ষক গীতৰ বাবে এ আৰ ৰহমানৰ সৈতে যুটি বান্ধে। ২০১৩ ত ধুম-৩ ছবিৰ প্ৰীতমৰ সংগীতত ‘মলং’ আৰু ২০১৪ চনত বিশাল-শেখৰৰ সংগীতত মেহেৰবান ছবিৰ ‘বেং বেং’ গীত দুটাৰ বাবে শিল্পাই প্ৰসংশা আৰ্জিবলৈ সক্ষম হয়। অমিত ত্ৰিবেদীৰ সংগীতত লুটেৰাৰ (২০১৩) শিল্পাই কণ্ঠদান কৰা ‘মৰ্জিয়ানা’য়ো দৃষ্টি আকৰ্ষণ কৰে। ক'ক ষ্টুডিঅ' পাকিস্তানত ‘পাৰ চানা দে’ (২০১৬) গীতl কণ্ঠদান কৰা তেওঁ আছিল চূড়ান্ত পৰ্যায়ৰ ভাৰতীয় গায়িকা।
নতুন শৈলী সংযোগ কৰাৰ প্ৰচেষ্টা আৰু বিভিন্ন ধাৰাৰ গীত গোৱাৰ বাবে শিল্পা প্ৰচাৰ মাধ্যমত জনাজাত। তেওঁ দেউতাকক সৰ্বশ্ৰেষ্ঠ প্ৰেৰণা বুলি গণ্য কৰে। তেওঁ বহু কেইটা দাতব্য সংস্থাক সহায়ো কৰি আহিছে।