শিৱকুমাৰ শৰ্মা (সন্তুৰ বাদক)
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
পণ্ডিত শিৱকুমাৰ শৰ্মা (ইংৰাজী: Shivkumar Sharma) (১৩ জানুৱাৰী ১৯৩৮ – ১০ মে' ২০২২) এগৰাকী ভাৰতীয় সংগীত নিৰ্মাতা আৰু সন্তুৰ বাদক। তেওঁ জম্মুত বসবাস কৰিছিল।[2][3][4][1][5] এজন সংগীত নিৰ্মাতা হিচাপে তেওঁ শিৱ-হৰি নামেৰে ভাৰতীয় বাঁহীবাদক হৰিপ্ৰসাদ চৌৰাছিয়াৰ সৈতে যুটি বান্ধি কাম কৰিছিল আৰু ফাচলে (১৯৮৫), চান্দনী (১৯৮৯), লমহে (১৯৯১), আৰু ডৰ (১৯৯৩) আদিকে ধৰি বহুতো ভাৰতীয় চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰিছিল। শৰ্মাক ১৯৮৬ চনত সংগীত নাটক একাডেমী বঁটা, ১৯৯১ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আৰু ২০০১ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল। ২০২২ চনৰ ১০ মে'ত তেওঁৰ দেহাৱসান ঘটে।[6][7]
পণ্ডিত শিৱকুমাৰ শৰ্মা | |
---|---|
২০১৬ চনৰ জুলাই মাহত পণ্ডিত শিৱকুমাৰ শৰ্মা | |
প্ৰাথমিক তথ্য | |
জন্ম | ১৩ জানুৱাৰী, ১৯৩৮ জম্মু, জম্মু আৰু কাশ্মীৰ |
মূল | জম্মু, ভাৰত |
মৃত্যু | ১০ মে', ২০২২ (৮৪ বছৰ)[1] |
সংগীতৰ প্ৰকাৰ | হিন্দুস্তানী ধ্ৰুপদী সংগীত |
পেচা | সংগীত নিৰ্মাতা, সংগীত শিল্পী |
বাদ্যযন্ত্ৰ | সন্তুৰ, তবলা |
কাৰ্যকাল | ১৯৫৫–২০২২ |
সহযোগী | ৰাহুল শৰ্মা (পুত্ৰ) হৰিপ্ৰসাদ চৌৰাছিয়া |
ৱেবছাইট | santoor |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.