শ্বেফিল্ড
ইংলেণ্ডৰ চহৰ / From Wikipedia, the free encyclopedia
শ্বেফিল্ড (Sheffield) (i/ˈʃɛfiːld/) ইংলেণ্ড ৰ চাউথ য়ৰ্কশ্বায়াৰত অৱস্থিত এখন মহানগৰী। এই মহানগৰীৰ নামটো ইয়াৰ মাজেৰে বৈ যোৱা ‘শ্বেফ (River Sheaf) নামৰ নদীখনৰ নামৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ বৰ্তমানৰ জনসংখ্যা ১,৫৬৯,০০০[1]। জনসংখ্যাৰ ফালৰ পৰা শ্বেফিল্ডৰ স্থান ইংলেণ্ডৰ ভিতৰতে তৃতীয়।
শ্বেফিল্ড (Sheffield) | |||
---|---|---|---|
— City & Metropolitan borough — | |||
Sheffield_City.jpgবাওফালৰ পৰা ঘড়ীৰ কাটাৰ দিশত: শ্বেফিল্ড টাউন হল (Sheffield Town Hall] ); চেইণ্ট পলছ টাৱাৰ (St Paul's Tower); হুইল অব শ্বেফিল্ড (Wheel of Sheffield); মিড’হল চেণ্টাৰ (Meadowhall Centre) আৰু শ্বিফ স্কুৱাৰ (Sheaf Square), শেষত পাৰ্ক হিল (Park Hill) | |||
|
|||
অন্য নাম: “ষ্টিল চিটি (Steel City)” | |||
নীতি বাক্য: "Deo Adjuvante Labor Proficit" "With God's help our labour is successful" | |||
Sheffield shown within South Yorkshire | |||
ভৌগোলিক স্থানাংক: 53°23′01″N 1°28′01″W | |||
মাটিকালি | |||
- City | ৩৬৭.৯৪ কি.মি.২ (১৪২.১ বৰ্গ মাইল) |
||
জনসংখ্যা (সাঁচ:English statistics year) | |||
- City | সাঁচ:English district population ([[List of English districts by population|Ranked সাঁচ:English district rank]]) জন | ||
- জনঘনত্ব | সাঁচ:English district density প্ৰতি বৰ্গ কি.মি. (এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "[" প্ৰতি বৰ্গ মাইল) |
||
- চহৰাঞ্চল | ৬,৪০,৭২০ (Sheffield urban area) জন |
||
- চহৰাঞ্চলৰ জনঘনত্ব | ৩,৯৪৯.২ প্ৰতি বৰ্গ কি.মি. (১০,২২৮.৪ প্ৰতি বৰ্গ মাইল) |
||
- মহানগৰ | ১৫,৬৯,০০০'"`UNIQ--ref-০০০০০০০০-QINU`"' জন | ||
সময় অঞ্চল | Greenwich Mean Time (গ্ৰী.মা.স.+0) | ||
Postcode | S | ||
অঞ্চল কোড | 0114 | ||
যমজ চহৰ | |||
- – Anshan | China | ||
- – Bochum | Germany | ||
- – Donetsk | Ukraine | ||
- – Estelí | Nicaragua | ||
- – Kawasaki | Japan | ||
- – Kitwe | Zambia | ||
- – Kotli | Pakistan | ||
- – Pittsburgh | United States of America | ||
ৱেবছাইট | www.sheffield.gov.uk |
এই মহানগৰখন ডন নদী (River Don) আৰু ইয়াৰ চাৰিখন উপনৈ,একাদিক্ৰমে লক্সলি ( Loxley), পৰ্টাৰ ব্ৰুক (Porter Brook), ৰিভেলিন (Rivelin) আৰু শ্বেফ (Sheaf) ৰ উপত্যকাত অৱস্থিত। শ্বেফিল্ডৰ মুঠ মাটিকালিৰ ৬১% ই সেউজ (green space) আৰু মহানগৰৰ প্ৰায় এক-তৃতীয়াংশ ‘পিক ডিষ্ট্ৰিক্ট ৰাষ্ট্ৰীয় উদ্যান’ৰ ভিতৰত অৱস্থিত।[2] শ্বেফিল্ডত ২৫০ তকৈও অধিক উদ্যান আৰু মিলিয়ন জোপা গছ আছে বুলি জনা যায়।[2] ইয়াৰদ্বাৰাই শ্বেফিল্ড ইউৰোপৰ ভিতৰতে সৰ্বাধিক গছ: মানুহ অনুপাত সম্পন্ন মহানগৰ হিচাপে পৰিগণিত হৈছে।[2] এই মহানগৰতে বিশ্বৰ আটাইতকৈ পুৰণি ফুটবল ক্লাৱটোও অৱস্থিত।[3]
১৯ শতিকাত, ষ্টিলৰ উৎপাদনৰ ক্ষেত্ৰত শ্বেফিল্ডে আন্তৰ্জাতিক খ্যাতি লাভ কৰিবলৈ সক্ষম হয়। ২১ শতিকাত অন্যান্য ব্ৰিটিছ মহানগৰসমূহৰ লগতে শ্বেফিল্ডৰো বহুলভাৱে বিকাশ আৰু উন্নতি হয়।[4]