শ্বেৰণ শ্ৱেলজবাৰ্গ
From Wikipedia, the free encyclopedia
শ্বেৰণ শ্ৱেলজবাৰ্গ (ইংৰাজী: Sharon Salzberg) যাৰ জন্ম: ৫ আগষ্ট, ১৯৫২ চন, পাশ্চাত্যৰ বৌদ্ধ ধ্যান পদ্ধতিৰ এগৰাকী লেখিকা আৰু শিক্ষয়িত্ৰী।[1][2] ১৯৭৪ চনত তেওঁ জেক কৰ্ণফিল্ড আৰু জোচেফ গোল্ডষ্টেইনৰ সৈতে মেছাচুচেটছৰ বাৰেত ইনচাইট মেডিটেচন ছ’চাইটিৰ সহ-প্ৰতিষ্ঠাপক হয়। তেওঁৰ গুৰুত্ব বিপসনা (অন্তৰ্দৃষ্টি) আৰু মেটা (প্ৰেম-দয়া) পদ্ধতিৰ ওপৰত,[3] আৰু তিনি দশকৰো অধিক সময় ধৰি বিশ্বজুৰি ধ্যান প্ৰশিক্ষণৰ তেওঁ নেতৃত্ব দি আহিছে।[4][5] এই সকলোবোৰ পদ্ধতিৰ উৎপত্তি থেৰাভাদা বৌদ্ধ পৰম্পৰাৰ পৰাই হৈছে। তেওঁ এগৰাকী লেখিকাও৷ ধ্যান পদ্ধতি আৰু বুদ্ধ দৰ্শনৰ ওপৰত তেওঁ কেইবাখনো গ্ৰন্থ লিখিছে৷ তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত আছে লাভিংকাইণ্ডনেছ: দ্য ৰিভল্যুচনেৰী আৰ্ট অৱ হেপিনেছ (১৯৯৫), এ হাৰ্ট এজ ৱাইড এজ দ্য ৱৰ্ল্ড (১৯৯৯), ৰিয়েল হেপিনেছ - দ্য পাৱাৰ অৱ মেডিটেচন: এ ২৮-ডে প্ৰগ্ৰেম (২০১০), যিখন গ্ৰন্থ দ্য নিউয়ৰ্ক টাইমছৰ ২০১১ চনত বিক্ৰীৰ তালিকাত শ্ৰেষ্ঠ আছিল;[6] আৰু ফ’ল’ আপ ৰিয়েল হেপিনেছ এট ৱৰ্ক (২০১৩)। তেওঁ মেটা আৱাৰ প'ডকাষ্ট নামে এটা সাক্ষাৎকাৰৰ অনুষ্ঠান চলায়,[7] আৰু মাহেকীয়া অন বিং কাকতৰ এটা স্তম্ভত কলমেৰে অৰিহণা যোগায়।[8]
শ্বেৰণ শ্বেলজবাৰ্গ | |
---|---|
২০২০ত শ্বেৰণ | |
জন্ম | ৫ আগষ্ট, ১৯৫২ (৭১ বছৰ) নিউয়ৰ্ক চিটি |
ৰাষ্ট্ৰীয়তা | আমেৰিকা |
পেচা | লেখক, ধ্যান শিক্ষাগুৰু |
ৱেবছাইট | |
www |