ষ্টীভ জব্ছ
From Wikipedia, the free encyclopedia
ষ্টিভেন পল জব্চ (Steven Paul Jobs, জন্ম ২৪ ফেব্ৰুৱাৰী, ১৯৫৫ - মৃত্যু ৫ অক্টোবৰ, ২০১১)[2][6][7][8] এগৰাকী আমেৰিকান কম্পিউটাৰ ব্যৱসায়ৰ গুৰি ধৰোঁতা আৰু আৱিষ্কাৰক। তেখেত এপল ইন্ক. (Apple Inc.)-ৰ সহ-প্ৰতিষ্ঠাতা, লগতে তেখেত অধ্যক্ষ আৰু মুখ্য কাৰ্য্যবাহী বিষয়াৰ পদতো অধিষ্ঠিত আছিল।[9][10][11] পিক্সাৰ এনিমেছন ষ্টুডিঅ'ৰ (Pixar Animation Studio) মুখ্য-কাৰ্য্যবাহী বিষয়াৰ পদো এখেতে অলংকৃত কৰিছিল। ২০০৬ চনত এখেত ৱাল্ট ডিজনী কোম্পানীৰ পৰিচালক মণ্ডলীৰ সভ্য হৈছিল। তেখেত 'টয় ষ্ট'ৰী' (Toy Story, ১৯৯৫) নামৰ এনিমেছন ছবি খনৰ কাৰ্য্যকৰী প্ৰযোজক আছিল। [12]
ষ্টীভ জব্চ | |
---|---|
২০১০ চনৰ en:Worldwide Developers Conference-অত এটা বগা ৰঙৰ en:iPhone 4 প্ৰদৰ্শন কৰি থকা আৱস্থাত জবচ। | |
জন্ম | ষ্টীভেন প'ল জব্চ ২৪ ফেব্ৰুৱাৰী, ১৯৫৫[1] চান ফ্ৰান্সিছ্কো', কেলিফৰ্ণিয়া, U.S.[1] |
মৃত্যু | ৫ অক্টোবৰ, ২০১১ (৫৬ বছৰ) পাল' অল্ট', কেলিফৰ্ণিয়া, U.S.[2] |
শিক্ষানুষ্ঠান | ৰীড মহাবিদ্যালয় (১৯৭২ চনৰ এটা চেমিষ্টাৰ) |
পেচা | অধ্যক্ষ, এপল ইন্ক. |
মুঠ আয় | $8.3 billion (2011)[3] |
বোৰ্ডৰ সদস্য | ৱাল্ট ডিজনী কোম্পানী,[4] Apple, Inc. |
ধৰ্ম | বৌদ্ধ ধৰ্ম[5] |
দাম্পত্যসঙ্গী | ল'ৰিন পাৱেল জব্চ (1991–2011) |
সন্তান | 4 |
আত্মীয়-স্বজন | ম'না ছিম্পচন (ভগ্নী) |
স্বাক্ষৰ | |
ৱেবছাইট | |
Steve Jobs |
সত্তৰৰ দশকৰ শেষৰ ফালে ষ্টিভ জব্চে এপল কোম্পানীৰ সহ-প্ৰতিষ্ঠাতা ষ্টিভ ৱজনিয়াক (Steve Wozniak) আৰু মাইক মেৰকুলা (Mike Markkula)-ৰ[9] সতে লগ-লাগি প্ৰথমটো ব্যৱসায়িক ভাৱে সফল ব্যক্তিগত কম্পিউটাৰ 'এপল ২ ছিৰিজ'ৰ নিৰ্মাণ কৰে। ১৯৮০-ৰ দশকৰ প্ৰথম ভাগত জব্ছেই প্ৰথমে মাউছেৰে চলোৱা GUI সম্বলিত কম্পিউটাৰ চালনা ব্যৱস্থাৰ ব্যৱসায়িক সফলতাৰ সম্ভাৱনা অনুমান কৰে, আৰু সেই সম্ভাৱনাৰেই বজাৰলৈ উলিয়ায় মেকিণ্টোছ নামৰ কম্পিউটাৰ।[13][14]
পৰিচালন মণ্ডলীৰে হোৱা মতান্তৰৰ ফলস্বৰূপে জব্চে ১৯৮৫ চনত 'এপল' কোম্পানীৰ পৰা অব্যাহতি লয়[15][16] আৰু NeXT নামে আন এটা কোম্পানীৰ পট্টন কৰে। এই কোম্পানীয়েও কম্পিউটাৰৰ পৰিচালন প্ৰণালী (computer platform) বিকাশৰ কাম কৰিছিল আৰু ঘাইকৈ ব্যৱসায়িক আৰু উচ্চ-শিক্ষাৰ কেন্দ্ৰৰ বাবে কাম কৰিছিল। ১৯৯৬ চনত 'এপল কোম্পানী'য়ে NeXT-ক কিনি লোৱাৰ পাছত জব্চ আকৌ 'এপল'-ৰ মাজলৈ আহে, আৰু ১৯৯৭ চনত তাৰে মুখ্য কাৰ্য্যবাহী বিষয়া (CEO) ৰ পদত অধিষ্ঠিত হয়। ২০১১ চনলৈ তেখেতে এই পদত কাম কৰি যায়। ১৯৮৬ চনত তেখেতে 'লুকাছ ফিল্ম লিমিটেডৰ কম্পিউটাৰ গ্ৰাফিক্স অংশ কিনি লয় আৰু তাকেই 'পিক্সাৰ এনিমেছন ষ্টুডিঅ' হিচাপে গঢ় দিয়ে।[17] তেখেতে এই কোম্পানীৰ ৫০.১% ছেয়াৰৰ অংশ লৈ ইয়াৰ মুখ্য কাৰ্য্যবাহী বিষয়াৰ পদত থাকে। ২০০৬ চনত পিক্সাৰ ৱাল্ট ডিজনী কোম্পানীয়ে কিনি লয়।[18] কোম্পানিৰ এটা ডাঙৰ অংশ (৭%) হাতত থকা হেতুকে জব্চ ডিজনী-ৰ পৰিচালন মণ্ডলীৰ সদস্য হয়।[19][20][21][22]
২০১১ চনৰ ২৪ আগষ্ট তাৰিকে ষ্টিভ জব্চে 'এপল'-ৰ CEO পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে। জব্চে 'টিম কুক' (Tim Cook)-ক তেখেতৰ উত্তৰসূৰী হিচাপে মনোনীত কৰে। ইয়াৰ পাছত জব্চক এপল-ৰ পৰিচালন মণ্ডলীৰ অধ্যক্ষ নিযুক্ত কৰা হয়।[23][24][25][26]
৫ অক্টোবৰ ২০১১ তাৰিখে 'এপল'-ৰ ফালৰপৰা ষ্টিভ জব্চৰ মৃত্যুৰ খবৰ দিয়া হয়।[8][27] মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৬ বছৰ।[28] ষ্টিভ জব্চে কাৰ্য্যক্ষম আৰু একেসময়তে দৃষ্টি-নন্দন আহিলা তৈয়াৰ কৰাত গুৰুত্ব দিছিল। সেইবাবেই তেখেতে বহুতো অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।[29]