সংস্কৃতি
উপাদান / From Wikipedia, the free encyclopedia
সংস্কৃতি : (ইংৰাজী: culture) শব্দৰ অৰ্থ হ’ল, মানৱ সমাজৰ জ্ঞান-বিশ্বাস, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, উৎসৱ অনুষ্ঠান, আইন-কানুন, শিল্প, কলা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্ৰিক ৰূপেই সংস্কৃতি৷[1] ই মানৱ সমাজৰ এক অবিচ্ছেদ্য অংগ । জীৱনৰ বিভিন্ন কৃতিয়েই সংস্কৃতি৷ 'সংস্কৃতি' পদটো সংস্কাৰৰ লগতে বিশেষভাৱে জড়িত । যাৰ সংস্কাৰ হৈছে[2] সিয়ে সংস্কৃতি। মানুহে সমাজ পাতি বাস কৰিবলৈ লোৱাৰে পৰা দৈনন্দিন জীৱনত নানা কাৰ্য নিয়মিতভাবে কৰিবলৈ লয় আৰু ইয়ে পৰম্পৰাত পৰিণত হয়৷ গতিকে সংস্কৃতি প্ৰাকৃতিক নহয়, ই মানৱ সৃষ্ট । মানুহৰ জীৱন ধাৰণৰ কৌশল সলনি হোৱাৰ লগে লগে সংস্কৃতিয়ে নতুন ৰূপ পৰিগ্ৰহ কৰে ৷ সেয়ে ই পৰিৱৰ্তনশীল ৷ নদীৰ সোঁতৰ দৰে সংস্কৃতিৰ ৰূপ সময়ৰ লগে লগে সলনি হৈ থাকে৷