From Wikipedia, the free encyclopedia
সুব্ৰত জ্যোতি নেওগ (জন্ম-১৯৮৪) এগৰাকী চলচ্চিত্ৰ সমালোচক,[1][2][3] নাট্য সমালোচক,[4][5][6][7] নাট্যকাৰৰ[8][9] লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক৷[10]
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
সুব্ৰত জ্যোতি নেওগ | |
---|---|
জন্ম | ১৯৮৪ (বয়স ৩৯–৪০)
যোৰহাট |
পেচা | অধ্যাপক, চলচ্চিত্ৰ সমালোচক, নাট সমালোচক, নাট্যকাৰ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | পি.এইচ.ডি |
মাতৃশিক্ষায়তন | গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী মহাবিদ্যালয় |
ধৰণ | অসমীয়া সাহিত্য |
বিষয় | সমালোচনা সাহিত্য |
দাম্পত্যসংগী | ঋতুপৰ্ণা বৰা সুব্ৰত |
সন্তান | সাৰস্বত নেওগ |
১৯৮৪ চনৰ ১ আগষ্টত যোৰহাট জিলাৰ পানীচকুৱা অঞ্চলৰ বৰখঙীয়া গাঁৱত ড° সুব্ৰতজ্যোতি নেওগৰ জন্ম হয়। পিতৃ সুৰেন নেওগ আৰু মাতৃ স্মৃতিৰেখা নেওগ।
নেওগে টিঙিৰীমৰা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ২০০৬ চনত গুৱাহাটী কলেজৰ পৰা প্ৰথম শ্ৰেণী প্ৰথম হৈ অসমীয়া বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি অসমীয়া বিষয়ত স্বৰ্ণ পদক লাভ কৰে। তেওঁ ইংৰাজী বিষয়তো স্নাতকোত্তৰ ডিগ্ৰীধাৰী। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০১৪ চনত লীলাৱতী শইকীয়া বৰাৰ তত্ত্বাৱধানত 'The language of Homen Borgohain's Prose: A Study in the light of Stylistics'[11] বিষয়ত পিএইচ.ডি লাভ কৰে।
তেওঁ শিৱসাগৰৰ হেমচন্দ্ৰ দেৱ গোস্বামী মহাবিদ্যালয়ত[12] ২০১০ চনত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে। তেওঁ ২০২০ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত সহযোগী অধ্যাপক হিচাপে যোগদান কৰে আৰু তেওঁ এই বিভাগৰ প্ৰতিষ্ঠাপক বিভাগীয় মুৰব্বী।
তেখেতৰ প্ৰবন্ধসমূহ [6][7] গ্ৰন্থকাৰেও প্ৰকাশিত হৈছে। সেইসমূহ হ'ল-
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.