![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/6/66/Secretary_Tillerson_is_Greeted_by_Indian_Minister_of_External_Affairs_Swaraj_%252824074726498%2529_%2528cropped%2529.jpg/640px-Secretary_Tillerson_is_Greeted_by_Indian_Minister_of_External_Affairs_Swaraj_%252824074726498%2529_%2528cropped%2529.jpg&w=640&q=50)
সুষমা স্বৰাজ
ভাৰতীয় ৰাজনীতিবিদ / From Wikipedia, the free encyclopedia
সুষমা স্বৰাজ (১৪ ফেব্ৰুৱাৰী, ১৯৫২[1] – ৬ আগষ্ট, ২০১৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ অধিবক্তা আছিল। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী স্বৰাজে আৰু ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে ২০১৮ চনৰ ২৬ মে'ৰ পৰা ২০১৯ চনৰ ৩০ মে'লৈকে কাৰ্যনিৰ্বাহ কৰিছিল। বিদেশ মন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা তেওঁ ইন্দিৰা গান্ধীৰ পিছত দ্বিতীয় গৰাকী মহিলা। তেওঁ ৭ বাৰৰ বাবে সংসদলৈ আৰু ৩ বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ২৫ বছৰ বয়সতে হাৰিয়ানা ৰাজ্যৰ কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰা কনিষ্ঠতম মন্ত্ৰী। ইয়াৰ লগতে তেওঁ ১৩ অক্টোবৰ ১৯৯৮ চনৰ পৰা ৩ ডিচেম্বৰ ১৯৯৮ চনলৈ দিল্লীৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2]
সুষমা স্বৰাজ | |
---|---|
![]() ২০১৭ চনত সুষমা স্বৰাজ | |
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী | |
কাৰ্যকাল ২৬ মে' ২০১৪ – ৩০ মে' ২০১৯ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | ছলমান খুৰ্শ্বিদ |
উত্তৰসূৰী | সুব্ৰমনিয়ম জয়শংকৰ |
বিদেশ মন্ত্ৰী | |
কাৰ্যকাল ২৬ মে' ২০১৪ – ৭ জানুৱাৰী ২০১৬ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | ভয়ালাৰ ৰবি |
উত্তৰসূৰী | পদ সমাপ্তি |
লোকসভাৰ বিৰোধীপক্ষৰ নেত্ৰী | |
কাৰ্যকাল ২১ ডিচেম্বৰ ২০০৯ – ২৬ মে' ২০১৪ | |
পূৰ্বসূৰী | লালকৃষ্ণ আদৱানী |
উত্তৰসূৰী | পদ খালী |
ভাৰতৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী | |
কাৰ্যকাল ২৯ জানুৱাৰী ২০০৩ – ২২ মে' ২০০৪ | |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপায়ী |
পূৰ্বসূৰী | প্ৰমোদ মহাজন |
উত্তৰসূৰী | গোলাম নবী আজাদ |
ভাৰতৰ স্বাস্থ্য মন্ত্ৰী | |
কাৰ্যকাল ২৯ জানুৱাৰী ২০০৩ – ২২ মে ২০০৪ | |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপায়ী |
পূৰ্বসূৰী | চি. পি. ঠাকুৰ |
উত্তৰসূৰী | অন্বুমণি ৰামদছ |
ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী | |
কাৰ্যকাল ৩০ ছেপ্টেম্বৰ ২০০০ – ২৯ জানুৱাৰী ২০০৩ | |
প্ৰধানমন্ত্ৰী | অটল বিহাৰী বাজপায়ী |
পূৰ্বসূৰী | অৰুণ জেটলি |
উত্তৰসূৰী | ৰবি শংকৰ প্ৰসাদ |
দিল্লীৰ পঞ্চম মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ১৩ অক্টোবৰ ১৯৯৮ – ৩ ডিচেম্বৰ ১৯৯৮ | |
উপ ৰাজ্যপাল | বিজয় কাপুৰ |
পূৰ্বসূৰী | চাহিব সিং বাৰ্মা |
উত্তৰসূৰী | শীলা দিক্ষিত |
Member of Parliament বিদিশা লোকসভা সমষ্টিৰ সদস্য | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৩ মে' ২০০৯ | |
পূৰ্বসূৰী | ৰামপাল সিং |
Member of Parliament দক্ষিণ দিল্লী লোকসভা সমষ্টিৰ সদস্য | |
কাৰ্যকাল ৭ মে' ১৯৯৬ – ৩ অক্টোবৰ ১৯৯৯ | |
পূৰ্বসূৰী | মদন লাল খুৰানা |
উত্তৰসূৰী | বিজয় কুমাৰ মালহত্ৰা |
ব্যক্তিগত তথ্য | |
জন্ম | সুষমা স্বৰাজ ১৪ ফেব্ৰুৱাৰী, ১৯৫২ (৭২ বছৰ) আম্বালা কেণ্টনমেণট, পূব পঞ্জাব, ভাৰত (বৰ্তমান হাৰিয়ানা) |
মৃত্যু | ৬ আগষ্ট, ২০১৯ (৬৬ বছৰ) নতুন দিল্লী |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | স্বৰাজ কৌশল |
সন্তান | এগৰাকী জীয়েক |
শিক্ষানুষ্ঠান | সনাতন ধৰ্ম মহাবিদ্যালয় পঞ্জাব বিশ্ববিদ্যালয় |
জীৱিকা |
|
২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত তেওঁ মধ্য প্ৰদেশৰ বিদিশা লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে প্ৰায় ৪,০০,০০০ ভোটৰ ব্যৱধানত জয়ী হৈছিল।[3] তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত বিদেশ মন্ত্ৰী হিচাপে ২০১৪ চনৰ ২৬ মে'ত শপত গ্ৰহণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত বাতৰি কাকত ৱাল ষ্ট্ৰীট জাৰ্ণালে তেওঁক ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ৰাজনীতিজ্ঞ বুলি সম্বোধন কৰিছিল।[4][5] স্বাস্থ্যজনিত কাৰণত সুষমা স্বৰাজে ২০১৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত অংশ লোৱা নাছিল।[6][7] হৃদৰোগত আক্ৰান্ত হৈ নতুন দিল্লীৰ এইম্ছত ২০১৯ চনৰ ৬ আগষ্টত তেওঁ মৃত্যুবৰণ কৰে।[8]