বায়ুমণ্ডলীয় পৰিঘটনা From Wikipedia, the free encyclopedia
সেউজ গৃহ প্ৰভাৱ (ইংৰাজী: Green house effect) বিভিন্ন উৎসৰ পৰা ওলোৱা ধূলি, ধোৱা বাষ্প আদিয়ে বায়ুমণ্ডলক আচ্ছাদিত কৰি কুঁৱলীৰ সৃষ্টি কৰে। এই কুঁৱলীৰ ফলত বায়ুমণ্ডলৰ অস্পষ্টতা বাঢ়ে। বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি গ’লে সূৰ্যৰ পৰা বিকিৰিত ৰশ্মি কুঁৱলী আৰু কাৰ্বন-ডাই-অক্সাইডৰ তৰপ ভেদ কৰি ওলাই যাব নোৱাৰে। ফলত পৰিবেশৰ উষ্ণতা বাঢ়ে। ইয়াক সেউজ গৃহ প্ৰভাৱ বুুলি কয়। মুখ্য সেউজ গৃহ গেছবোৰ হ’ল কাৰ্বন-ডাই-অক্সাইড, অ'জন, মিথেন, নাইট্ৰাছ অক্সাইড, ক্লৰ’ফ্লৰ’কাৰ্বন (CFCs) আৰু জলীয় বাষ্প।[1]
বায়ুমণ্ডলত এই গেছবোৰৰ শতকৰা পৰিমাণ হ’ল –
সূৰ্যৰ পোহৰ সেউজ গৃহ আৱৰণেদি পাৰ হৈ আহি ভূ-পৃষ্ঠৰ ওপৰত পৰে আৰু ভূ-পৃষ্ঠই ইয়াক পুনৰ প্ৰতিফলিত কৰি পঠাই দিয়ে। কিন্তু সেউজ গৃহ আৱৰণে আৰু কাৰ্বন-ডাই-অক্সাইডৰ তৰপে এই তাপখিনিক সম্পূৰ্ণৰূপে পুনৰ ঘূৰি যোৱাত বাধা প্ৰদান কৰে। ফলত এই তাপে পৃথিৱী পৃষ্ঠৰ উষ্ণতা ক্ৰমাৎ বঢ়াই দিয়ে। বায়ুমণ্ডলৰ ট্ৰপ’স্ফিয়াৰত থকা এই সেউজ গৃহ গেছসমূহ –
গোলকীয় উত্তাপ বৃদ্ধিত ৫০ শতাংশ অৰিহণা যোগায় বায়ুমণ্ডলত থকা কাৰ্বন-ডাই-অক্সাইড গেছে॥এই গেছৰ প্ৰধান উৎসসমূহ হ’ল – জীৱাষ্ম ইন্ধনৰ দহন (৬৭%) আৰু বনাঞ্চল ধ্বংস, বিভিন্ন কাৰণত ভূমি পৰিষ্কাৰ আৰু দহন (৩৩%), যিকোনো কাৰ্বনযুক্ত পদাৰ্থৰ দহন ইত্যাদি। কাৰ্বন-ডাই-অক্সাইড বায়ুমণ্ডলত প্ৰায় ৫৫০ বছৰলৈ থাকে। বায়ুমণ্ডলত ইয়াৰ গাঢ়তা ১৯৯০ চনত ৩৫৫ ppm আছিল কিন্তু তাৰ পিছত প্ৰতি বছৰে এই গাঢ়তা ১.৫ শতাংশ হাৰত বাঢ়ি আছে।[1]
গোলকীয় উত্তাপ বৃদ্ধিত ক্লৰ’ফ্লৰ'কাৰ্বনে ২৪ শতাংশ অৰিহণা যোগায়। তদুপৰি এই ক্লৰ’ফ্লৰ'কাৰ্বন বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়াৰত থকা অ’জন স্তৰো বিভংগনৰ মূল কাৰণ। ইয়াক কেইবাটাও ৰূপত পোৱা যায়। তাৰে ভিতৰত চি.এফ.চি ১১ আৰু চি.এফ.চি ১২ প্ৰধান। ক্লৰ’ফ্লৰ'কাৰ্বনৰ মূল উৎসসমূহ হ’ল – শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ, ফ্ৰীজ, সুগন্ধি স্প্ৰে, উদ্যোগিক আৱৰ্জনা, প্লাষ্টিক ফ’ম (foam) উৎপাদন, এৰ’ছল (aerosole), প্ৰ’পেলেণ্ট (propellants) ইত্যাদি। চি.এফ.চি.ৰ বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়াৰ স্তৰ ঢুকি পাবলৈ ১০-১৫ বছৰ লাগে। কিন্তু ইয়াৰ এটা অণুই কাৰ্বন-ডাই-অক্সাইডতকৈ ১৫০০-৭০০০ গুণ বেছি তাপ শোষিত কৰি লব পাৰে। বায়ুমণ্ডলত ক্লৰ’ফ্লৰ'কাৰ্বনৰ গাঢ়তা ০.০০২২৫ ppm যদিও বাৰ্ষিক ০.৫ শতাংশ হাৰত এই গাঢ়তা বৃদ্ধি হৈ আছে।[1]
গোলকীয় উষ্ণতা বৃদ্ধিত মিথেন গেছে ১৮ শতাংশ অৰিহনা যোগায়। ইয়াৰ মুখ্য উৎস হ’ল পিতনি, ধাননি, প্ৰকৃতিৰ আৰ্দ্ৰ অঞ্চল, গৰু, ম’হ, ভেড়া আৰু উঁই পৰুৱাৰ পাচন নলী ইত্যাদি। এই উল্লিখিত স্থানসমূহত বেক্টেৰিয়াই মৃত জৈৱ পদাৰ্থ সমূহক সৰল অৱস্থালৈ অনা প্ৰক্ৰিয়াত মিথেন গেছৰ সৃষ্টি হয়। তেল আৰু প্ৰাকৃতিক গেছৰ উৎপাদন আৰু ব্যৱহাৰ তথা জৈৱ পদাৰ্থৰ অসম্পূৰ্ণ দহন ইত্যাদিয়েও মিথেন গেছ প্ৰস্তুত হোৱাত সহায় কৰে। মিথেন গেছ বায়ুমণ্ডলত ৭-১০ বছৰলৈ থাকে। গোলকীয় উষ্ণতা বৃদ্ধিত মিথেন গেছ কাৰ্বন-ডাই-অক্সাইডতকৈ ২৫ গুণ বেছি শক্তিশালী। বায়ুমণ্ডলত মিথেনৰ গাঢ়তা ১.৬৭৫ ppm যদিও বাৰ্ষিক ১ শতাংশ হিচাপত ইয়াৰ গাঢ়তা বৃদ্ধি হৈ আছে।[1]
নাইট্ৰাছ অক্সাইডে গোলকীয় উষ্ণতা বৃদ্ধিলৈ ৬ শতাংশৰ বৰঙনি যোগায়। নাইট্ৰাছ অক্সাইডে গোলকীয় উষ্ণতা বৃদ্ধি কৰাৰ উপৰিও অ’জন স্তৰৰো বিভংগন ঘটায়। ইয়াৰ মূল উৎস হৈছে জৈৱভৰ দহন, কয়লাৰৰ দহন, ৰাসায়নিক সাৰ, মাটি নিকাকৰণ, নাইট্ৰেড যুক্ত ভূ-গৰ্ভৰ পানী ইত্যাদি। ট্ৰপ’স্ফিয়াৰত ইয়াৰ আয়ুস ১৪০-১৯০বছৰ। ইয়াৰ তাপ শোষণ কৰিব পৰা ক্ষমতা কাৰ্বন-ডাই-অক্সাইডতকৈ ২৩০ গুণ বেছি। বায়ুমণ্ডলত নাইট্ৰাছ অক্সাইডৰ গাঢ়তা ০.৩ ppm কিন্তু বাৰ্ষিক ০.২ শতাংশ হাৰত বৃদ্ধি হৈ আছে। ইয়াৰ উপৰিও অ’জন, কাৰ্বন-মনক্সাইড আদি গেছে গোলকীয় উষ্ণতা বৃদ্ধিত প্ৰায় ১২ শতাংশ বৰঙনি আগবঢ়ায়।[1]
সেউজ গৃহ প্ৰভাৱৰ ফলস্বৰূপে কেৱল গোলকীয় উষ্ণতা বৃদ্ধি হোৱাই নহয়, ই জলবায়ু আৰু প্ৰাকৃতিক পদ্ধতি সমূহৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলায়।
সেউজ গৃহ প্ৰভাৱৰ বাবে বিগত ৩০ বছৰৰ ভিতৰত গোলকীয় উষ্ণতা ০.৫°C বৃদ্ধি পাইছে। যদি এই সেউজ গৃহ প্ৰভাৱৰ বাবে জগৰীয়া গেছসমূহ বৰ্তমানৰ হাৰতে বৃদ্ধি পাই থাকে তেনেহ’লে ২০৫০ চনত গোলকীয় উষ্ণতা ১.৫° ছে.ৰ পৰা ৫.৬° ছে. পৰ্য্যন্ত বৃদ্ধি পাব পাৰে।
গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগে সাগৰ পৃষ্ঠৰো উচ্চতা বৃদ্ধি পায়। কাৰণ ভূ-পৃষ্ঠৰ উষ্ণতা বঢ়াৰ ফলত মেৰু অঞ্চল আৰু পৰ্বত, পাহাৰৰ বৰফ গলি সাগৰ পৃষ্ঠৰ উচ্চতা বঢ়াই দিয়ে।
গোলকীয় উষ্ণতা বৃদ্ধিয়ে বৃষ্টিপাতৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়। অতিপাত বৃষ্টিৰ ফলত বানপানী, মহামাৰী আদি সমস্যাই দেখা দিয়ে।
বিশ্বৰ বিভিন্ন অঞ্চলত বিভিন্ন কৃষিকাৰ্য্যৰ ওপৰত উষ্ণতা বৃদ্ধিয়ে প্ৰতিকূল আৰু অনুকূল দুয়োটা প্ৰভাৱ পেলোৱা দেখা যায়। মাটিৰ আৰ্দ্ৰতা কমি যায় আৰু উদ্ভিদৰ বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে। তদুপৰি বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিয়ে বিভিন্ন শস্যৰ অনিষ্টকাৰী কীটৰ বংশবৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰিও সেউজ গৃহ প্ৰভাৱৰ ফলস্বৰূপে মৰুভূমিৰ আকাৰ বৃদ্ধি, জলাশয়ৰ পানীৰ বাষ্পীভৱন, গৰম বতাহ, বানপানী, খৰাং বতৰ, জৈৱ বৈচিত্ৰ্য হ্ৰাস আদি সমস্যাই দেখা দিয়ে।[1]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.