From Wikipedia, the free encyclopedia
সৌম্যদ্বীপ দত্ত (ইংৰাজী: Soumyadeep Datta) অসমৰ এগৰাকী প্ৰকৃতিবিদ, ভ্ৰমণ-কাহিনীৰ লেখক আৰু তেওঁ বৌদ্ধ-সংস্কৃতিৰ গৱেষকো[উদ্ধৃতিৰ প্ৰয়োজন] । ১৯৬৭ চনত অসমৰ এক জমিদাৰী পৰিয়ালত তেওঁৰ জন্ম হয়।[2] প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তই যোৱা ৩০ বছৰৰ অধিক কাল ধৰি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত চৰাই-চিৰিকতি, জীৱ-জন্তুৰ লগতে অভয়াৰণ্য আদিৰ বিষয়ে পৰ্যবেক্ষণ কৰি আহিছে।[3]
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
সৌম্যদ্বীপ দত্ত | |
---|---|
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
বিষয় | প্ৰকৃতি বিষয়ক সাহিত্য, ভ্ৰমণ-সাহিত্য, বৌদ্ধ-সংস্কৃতিৰ গৱেষক |
উল্লেখযোগ্য বঁটা | অসম গৌৰৱ বঁটা[1] |
তেখেতৰ পিতৃৰ নাম জগদীন্দ্ৰ মোহন দত্ত আৰু মাতৃৰ নাম দীপশ্ৰী দত্ত। জন্মস্থান - ধুবুৰী নগৰ। জন্মৰ তাৰিখ- ০৭/০৩/১৯৬৭।
তেওঁ চৰাই পৰ্যবেক্ষণৰ লগে-লগে অসমত বনৰীয়া চৰাই সংৰক্ষণ আৰু বনৰীয়া চৰাইৰ বাসস্থান সংৰক্ষণৰ বাবে দীৰ্ঘদীন কাম কৰি আহিছে। চৰাই পৰ্যবেক্ষণক অসমত তথা অসমীয়াৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰতো সৌম্যদ্বীপ দত্তৰ যথেষ্ট ভূমিকা আছে।[4] তেওঁ সুদীৰ্ঘ দিন অৰণ্যৰ সুৰক্ষা আন্দোলনৰ সৈতে ঘনিষ্ঠভাবে জড়িত। সৌম্যদ্বীপ দত্তই ইতিমধ্যে উত্তৰ-পূব ভাৰতৰ অৰণ্যৰ বুকুতেই নহয় পৃথিৱীৰ বহু প্ৰান্তৰৰ অৰণ্যৰ বুকুত বিচৰণ কৰিছে। অৰণ্যৰ প্ৰতিটো স্পন্দন, আদব-কায়দা, বনৰীয়া জীৱ-জন্তু আৰু চৰাই-চিৰিকতিৰ চাল-চলন, মাত-কথা আৰু এইবোৰৰ বিচিত্ৰ বৰ্ণাঢ্য গোপন লীলা-খেলা তেওঁৰ সুদীৰ্ঘ দিন অৰণ্যৰ বিচৰণৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰিছে। সেয়েহে তেওঁৰ সাহিত্যৰ বৰ্ণনাশৈলী বা গদ্যৰ নিজা এটা আকৰ্ষণ আছে ঠিক অৰণ্যৰ দৰেই যাৰ সুবাস। মানুহৰ অত্যাচাৰত বিগ হোৱা অৰণ্য আৰু তাৰণবাসীৰ প্ৰতি থকা গভীৰ দৰদে তেওঁক এইবোৰৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে উৎসাহিত কৰি আহিছে। সেয়েহে অসমৰ বন, বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণ আন্দোলনত সৌম্যদ্বীপ দত্ত এটা পৰিচিত নাম। উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকন” নামৰ সংগঠনটোৰ তেওঁ প্ৰতিষ্ঠাপক সঞ্চালক। বাল্যকালৰপৰাই সৌম্যদ্বীপ বন্যপ্ৰাণীৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হয় আৰু পৰৱৰ্তী সময়ত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে নিজকে সক্ৰিয়ভাবে নিয়োগ কৰে। অসম তথা উত্তৰ-পূব ভাৰতত বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত প্ৰায়োগিক কাৰ্যসূচী গ্ৰহণ কৰা সৌম্যদ্বীপ দত্ত আমেৰিকাত অৱস্থিত বিশ্ববিখ্যাত স্মিথচোনিয়ান ইনষ্টিটিউছনৰ পৰা আন্তজাতিক পৰিবেশ শিক্ষাৰে প্ৰশিক্ষিত। তেওঁ ভাৰত চৰকাৰৰ অধীনস্থ প্ৰাণী সংক্ৰান্তীয় একমাত্ৰ বৈজ্ঞানিক সংগঠন Zoological Survey of India ৰ দ্বাৰা বন্যপ্ৰাণী সংৰক্ষণ আৰু বনৰীয়া চৰাই সংক্ৰান্তীয় অধ্যয়নেৰে বিশেষভাবে প্ৰশিক্ষণ প্ৰাপ্ত। জলচ্ছেদ উন্নয়ন, শিবিৰ পৰিচালনা, পৰিবেশ শিক্ষণ সঁজুলি প্ৰস্তুতকৰণ ইত্যাদি বিভিন্ন দিশত তেওঁ প্ৰশিক্ষিত তথা কাৰ্যকৰী দক্ষতা অৰ্জন কৰিছে। সৌম্যদ্বীপ দত্তই দেশৰ বিভিন্ন প্ৰান্তত দশৰো অধিক শিবিৰ আৰু পৰিবেশ প্ৰশিক্ষণ অনুষ্ঠানৰ সফল পৰিচালক তথা প্ৰশিক্ষকৰূপে কৰ্ম সম্পাদন কৰিছে।[5] ১৯৮৮ চনত অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সমগ্ৰ অসম ব্যাপি হোৱা পৰিৱেশ সচেতনতা অভিযানৰ নেতৃত্ব প্ৰদান কৰে সৌম্যদ্বীপ দত্তই। এই অভিযানৰ নাম আছিল- ব্ৰহ্মপুত্ৰ-বৰাক উপত্যকা পৰিৱেশ সচেতনতা শিবিৰ। এই শিবিৰ পৰিচালনাৰ বাবে প্ৰত্যক্ষভাৱে সহায় আগবঢ়াইছিল ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰণালয়ে। ১৯৯৯ চনত সৌম্যদ্বীপ দত্তক আমেৰিকাৰ Ashoka Innovators of Public নামৰ সংগঠনৰপৰা আন্তৰ্জাতিক অশোকা ফেলোশ্বিপ তথা সংস্থাৰ সন্মানীয় আজীবন সদস্য পদ প্ৰদান কৰা হয়। ২০০০-২০০২ চনত অসম চৰকাৰে সৌম্যদ্বীপ দত্তক অনাৰেৰী ৱাইল্ড ৱাৰ্ডেন (Ionv, Wild Life Warden)ৰ সন্মান প্ৰদান কৰে। অসম চৰকাৰৰ Wild Life Advisory Board-অৰ সদস্য হিচাপেও সৌম্যদ্বীপ দত্তই বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সেৱা আগবঢ়াইছে। ১৯৯৩ চনত বিশ্ববিখ্যাত National Geographic Society- এ সৌম্যদ্বীপ দত্তৰ প্ৰকৃতি সংৰক্ষণৰ কাম-কাজৰ শলাগ লয় আৰু তেওঁক সন্থাৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰে। সৌম্যদ্বীপ দত্তই দূৰদৰ্শনৰ সৌজন্যত সোণালী বান্দৰ সম্পৰ্কীয় তথ্যচিত্ৰও প্ৰস্তুত কৰিছে। অল ইণ্ডিয়া ৰেডিঅ'ৰ জৰিয়তে তেওঁৰ বহু কথিকা, পৰিৱেশ সংৰক্ষণমূলক আলোচনা আৰু টেলিফোনিক বাৰ্তালাপ অনুষ্ঠিত হোৱাৰ লগতে প্ৰচাৰিত হৈছে। সৌম্যদ্বীপ দত্ত এগৰাকী ভ্ৰমণপিপাসু ব্যক্তি। বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত তেওঁ অসম তথা ভাৰতৰ বিভিন্ন ঠাইলৈ যোৱাৰ উপৰি পৃথিৱীৰ বিভিন্ন দেশ পৰিভ্ৰমণ কৰিছে। আমেৰিকা, কানাডা, পোলেণ্ড, ইউনাইটেড কিংডম, কলম্বিয়া, ভূটান, নেপাল ইত্যাদি দেশৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু সংগঠনত বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কীয় বক্তৃতা প্ৰদান কৰিছে। ইতিমধ্যে সৌম্যদ্বীপ দত্তৰ এশৰো অধিক প্ৰবন্ধ, ভ্ৰমণ কাহিনী পৰিৱেশ সংক্ৰান্তীয় আৰু বন্যপ্ৰাণীৰ তথ্য সম্বলিত অনুসন্ধানমূলক লেখা দেশ-বিদেশৰ বিভিন্ন আলোচনী, কিতাপ আৰু বাতৰিকাকতত প্ৰকাশ পাইছে।[6]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.