স্বাধীনতা দিৱস (ভাৰত)
ভাৰতে ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিন / From Wikipedia, the free encyclopedia
স্বাধীনতা দিৱস, ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটোক সোঁৱৰি প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয়। ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস আন্দোলনৰ মাধ্যমেৰে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়।[1] এই স্বাধীনতা লাভৰ লগতে দেশৰ বিভাজনো সংঘটিত হয়।
ক্ষিপ্ৰ তথ্য স্বাধীনতা দিৱস, পালন কৰে ...
স্বাধীনতা দিৱস | |
---|---|
দিল্লীৰ লালকিল্লাত উত্তোলন কৰা ভাৰতৰ জাতীয় পতাকা | |
পালন কৰে | ভাৰত |
প্ৰকাৰ | ৰাষ্ট্ৰীয় বন্ধৰ দিন |
তাৰিখ | ১৫ আগষ্ট |
উদযাপন | পতাকা উত্তোলন, পেৰেড, জাতীয় সংগীত গোৱা, প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি ভাষণ প্ৰদান |
বন্ধ কৰক
স্বাধীনতা দিৱসৰ মূল কাৰ্য্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয়। লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশৰ জনসাধাৰণক উদেশ্যি বক্তৃতা দিয়ে। এই দিৱস দেশৰ সকলো অংশতে পতাকা উত্তোলন, পেৰেড তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে পালন কৰা হয়।