হনুমান
পৱন দেৱৰ পুত্ৰ / From Wikipedia, the free encyclopedia
হনুমান (সংস্কৃত: हनुमान ) হিন্দু শাস্ত্ৰ গ্ৰন্থত বৰ্ণিত দেৱতা। তেওঁ পৱন দেৱৰ পুত্ৰ। হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত হনুমানৰ বিস্তাৰিত বৰ্ণনা পোৱা যায়। এই ধৰ্মগ্ৰন্থত তেওঁক মহাবলশালী, পৰাক্ৰমী, পৰম চতুৰ দেৱতাৰূপে বৰ্ণনা কৰা হৈছে। তেওঁক ভগৱান শ্ৰীবিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰীৰামৰ পৰম ভক্ত বুলি জনা যায়। শৈশৱ কালত তেওঁ ৰক্তিম বৰণীয়া সূৰ্যক ফল বুলি বিবেচনা কৰি ভক্ষণ কৰাৰ বাবে আকাশমাৰ্গত যাত্ৰা কৰিছিল। সূৰ্যদেৱ হনুমানৰ অভিসন্ধি উপলদ্ধি কৰি গদাৰে হনুমানক প্ৰহাৰ কৰি ভূতলশায়ী কৰিছিল।
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
হনুমান | |
---|---|
ভক্তি | |
হনুমানৰ শিলা মূৰ্তি | |
দেৱনাগৰী | हनुमान् |
সম্পৰ্ক | ৰামভক্ত বৈষ্ণৱ ধৰ্ম |
নিবাস | কদলীবন |
মন্ত্ৰ | হং হনুমতে ৰুদ্ৰাত্মকায় হুং ফট্ হনুমতে নমঃ |
অস্ত্ৰ | গদা |
সঙ্গী | শুভৰচলা |
পিতৃ-মাতৃ | পৱন, অঞ্জনা/অঞ্জনি[1] |
হিন্দু পাঠ্য | ৰামায়ণ, ৰামচৰিতমানস, হনুমান চালিশা |