হালধীয়া চোলাবোৰৰ আন্দোলন
From Wikipedia, the free encyclopedia
হালধীয়া চোলাবোৰৰ আন্দোলন (ফৰাচী: Mouvement des gilets jaunes; মুভম দে জিলে জোন) ২০১৮ চনৰ ১৭ নৱেম্বৰৰ পৰা ইন্ধনজাত সামগ্ৰী বিশেষকৈ ডিজেলৰ মুল্যবৃদ্ধিৰ বিৰুদ্ধে ফ্ৰান্সত আৰম্ভ হোৱা এক প্ৰতিবাদী আন্দোলন। আন্দোলনকাৰী সকলে ফ্ৰান্সত ২০০৮ চনৰে পৰা বাহনচালক সকলৰ বাবে চৰকাৰে বাধ্যতামূলক কৰা হালধীয়া ৰঙৰ চোলা পৰিধান কৰি পেৰিছ আৰু অন্যান্য অঞ্চলৰ ৰাজপথত আন্দোলনত নমাৰ বাবে এই আন্দোলন হালধীয়া চোলাবোৰৰ আন্দোলন (Movement of the Yellow Vests) হিচাপে জনাজাত হয়।[18]
হালধীয়া চোলাবোৰৰ আন্দোলন Mouvement des gilets jaunes | |
---|---|
ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে প্ৰতিবাদ-ৰ অংশ | |
পূব ফ্ৰান্সত হালধীয়া চোলা পিন্ধা লোকৰ এক প্ৰতিবাদী সমদল | |
তাৰিখ | ১৭ নৱেম্বৰ ২০১৮ (2018-11-17) – বৰ্তমানলৈ |
স্থান | |
কাৰণ | |
ফল | |
পদ্ধতি | |
স্থিতি | চলি আছে |
অনুমোদন | |
পৰিসংখ্যা | |
২,৮৭,৭১০ জন প্ৰতিবাদী (সৰ্বাধিক)[14] | |
হতাহত | |
নিহত | ১০ জন জনতা (ফ্ৰান্সত)[15] |
আহত | ২৮৪১ জনতকৈ অধিক জনতা প্ৰায় ১০০০ আহত পুলিচ বিষয়া[16] |
আটক | ১৬০০ জন লোক (৪ ডিচেম্বৰ ২০১৮ লৈকে)[17] |
ইন্ধনজাত সামগ্ৰীৰ মুল্যবৃদ্ধি আন্দোলনৰ প্ৰধান কাৰণ যদিও লাহে লাহে অধিক সংখ্যক সাধাৰণ জনতাই সামগ্ৰিক ভাৱে জীৱন ধাৰণৰ ক্ৰমবৰ্ধমান খৰচৰ পৰা পৰিত্ৰাণ বিচাৰি স্বতঃস্ফূৰ্ত ভাৱে এই প্ৰতিবাদী আন্দোলনত যোগ দিবলৈ আৰম্ভ কৰে। আনহাতে ফৰাচী প্ৰশাসনৰ মতে কিছুমান কেচ্চাৰ (casseurs, পেশাদাৰী আন্দোলনকাৰী), লুটপাতিয়া আৰু অৰাজকতাবাদীয়ে আন্দোলনক জঙ্গী ৰূপলৈ নিবৰ বাবে প্ৰচেষ্টা চলাইছে। এই আন্দোলনৰ কোনো নিৰ্ধাৰিত দাবী অথবা নেতা পোহৰলৈ অহা নাই যদিও কিছু সংখ্যকে ৰাষ্ট্ৰপতিৰ পদত্যাগ দাবী কৰিবলৈ লোৱাৰ ফলত ফ্ৰান্সৰ চৰকাৰে দেশত জৰুৰী অৱস্থা ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।[19]