হিণ্ডূৰী (বা হণ্ডূৰী) এটি পশ্চিমীয়া পাহাড়ী ভাষা যি ভাৰতীয়-আৰ্য ভাষা পৰিয়ালৰ এটি উপ-গোট।[1] এই ভাষা মুখ্যতঃ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত ব্যৱহাৰ কৰা হয়।
Northern Indo-Aryan | |
---|---|
Pahari | |
ভৌগোলিক বিস্তৃতি: |
Nepal and north-western India |
ভাষাৰ শ্ৰেণীবিভাজন: | Indo-European
|
উপশ্ৰেণীসমূহ: |
—
|
লিপি
স্থিতি
এই ভাষাক প্ৰায় পাহাড়ী বা হিমাচলী বুলিও অভিহিত কৰা হয়। কোনো কোনোৱে ইয়াক পাঞ্জাবী বা ডোগৰী ভাষাৰ উপ-ভাষাও গণ্য কৰে। ইউনেস্ক'ৰ মতে, এই ভাষা বিষমভাৱে লুপ্তপ্ৰায় শাখাৰ অন্তৰ্ভুক্ত, যাৰ অৰ্থ হ'ল এই ভাষা কোৱা আতাইতকৈ কম বয়সীয়া লোক বৰ্তমাতে ককাক-বা আইতাক আৰু তেওঁলোকেও কেতিয়াবা কেতিয়াবাহে বা আংশিকভাৱেহে এই ভাষা কয়।[3]
২০১০ চনত হিমাচল প্ৰদেশৰ বিধান সভাত এই দাবী তুলি ধৰা হৈছিল যে ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত 'পাহাড়ী (হিমাচলী)' অন্তৰ্ভুক্ত কৰা উচিত, যি কেইবাটাও হিমাচলী পাহাড়ী ভাষাক একেলগে প্ৰতিনিধিত্ব কৰিব।[4] তাৰ পাছত এই দিশত কোনো কথা আগবঢ়া দেখা যোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ভাষাক বচোৱাৰ চেষ্টা চলাই আহিছে।[5] ৰাজনৈতিক কাৰণত এই ভাষাক বৰ্তমানে হিন্দী ভাষাৰ উপ-ভাষা বুলি নথিভুক্ত কৰা হয়, যদিও হিন্দীভাষী আৰু হিণ্ডূৰীভাষী লোকে সহজে ইজনে সিজনৰ কথা বুজিব নোৱাৰে।[6]
তথ্য সংগ্ৰহ
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.